হোষ্টেলৰ দিনবোৰ Chapter 2 খণ্ডঃ ০১



হোষ্টেলৰ দিনবোৰ  Chapter 2




খণ্ডঃ ০১


ডায়েৰীখন পঢ়া কিছুদিনৰ পৰা মোৰ মনটো বৰ বেয়া। বাৰে বাৰে চেষ্টা কৰিও কিছু কথাই মনটো অস্থিৰতা বঢ়াইছে। 


ঘৰত মই প্ৰায়ে  অকলশৰীয়া… পুৰনি কথাবোৰে মোক জুৰুলা কৰে।  দেউতা কৰ্ম সূত্ৰে শিৱসাগৰত থাকে। আজি দৌৰিব যাম বুলিও যোৱা নহ'ল। ৰাতিপুৱাই যিহে কিনকিনীয়া বৰষুণ সেয়ে ৰাতিপুৱাই হাতত চাহকাপ লৈয়ে পাপালৈ ফোন লগালো………


: Hello 

: পাপা Gd Morning 

: Mrg Mrg বেটা …উঠিলি…

: অ' …… তুমি নাই উঠা নেকি ?

: এ কালি পৰা গাটো অলপ বিষ অ'……উঠাই নাই ৰ'হ। 

: Duty নাই নেকি তোমাৰ ?

: আছে যাব লাগিব…………

: তই Running গৈ আছ নে নাই  ?

: নাই………

: আজিও নগলি……কি হব এনেকে… বাবা তই শিৱসাগৰ আহ যদি পাৰ। 

: কিয় ?

: দৌলত শৰাই এখন দিয়া কথা ভাবিছো………………


মই পাপা লগত ঘৰুৱা বহুত কথাই পাতিলো। কুকুৰা পোৱালী কেইটাৰ পৰা আমাৰ কুকুৰটোলৈকে। সকলোৰে খবৰ ললে। পাপা এইবোৰত বৰ চখ ...মই বেয়াপাওঁ যদিও তেওঁৰ চখ বোৰ পুৰাবলৈ  মই বৰ মৰমে বস্তুবোৰৰ যতন লওঁ। যোৱা ১ মাহ ধৰি পাপা ঘৰলৈ অহাই নাই। সেই তেতিয়া ডিফু পৰা যে শিৱসাগৰলৈ Transfer হৈছিল সেই তেতিয়াই ঘৰলৈ অহা। যদিও ওচৰতে তথাপিও ব্যস্ততাৰ বাবে  ১ মাহ মান আমি লগেই পোৱা নাই। 


মই এটা বিশেষ পদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে পাপাই বুলে ভাবিছিল দৌলত এখন শৰাই দিয়াৰ কথা। লগতে পাপাৰ নতুন ঠাইত নতুনকৈ গঢ়া বন্ধু কেইজনে পাপাক মোৰ কথা সুধিয়ে থাকে । সেয়ে পাপাই মোক গোটেই কেইটা কামৰ বাবে এইকেইদিনতে অলপ সময় ওলাই শিৱসাগৰলৈ মাতিছে। 


যিহেতু মোৰ সেইদিনাৰে পৰা মনটো বৰ বিশেষ ভাল নহয় গতিকে মনটো ভাল কৰা উদ্দেশ্য ঘৰৰ সকলো দায়িত্ব হৰিকাই দি  পাপা কথা মানিবলৈ মই শিৱসাগৰলৈ ওলালোঁ।  আপুনি ভাবিছে চাগে হতিকাই কোন ? আমাৰ গৰৰ মেইন মানুহ জন যাৰ বাহিৰে ঘৰৰ সমষ্ট কাম আধৰুৱা। 


সঁচাকৈয়ে আজি বতৰটো বৰ বেয়া। অৱশ্যে এনেকুৱা গৰম দিনত বৰষুণৰ বতৰটো মোৰ বৰ প্ৰিয়। মই বহুত অপেক্ষাৰ পিছত শিৱসাগৰলৈ যোৱা Traveler পালো। 


অৱশ্যে মোৰো এটা সৰু কাহিনী আছে … ভ্ৰমন বুলিলে খিৰিকীৰ কাষৰ চিট,  কাণত Earphone আৰু জুবিনদাৰ যি কোনো গান…… মোক আৰু একোকে নালাগে…। 


Traveler খনত ওঠাৰে পৰা বাহিৰলৈকে চাই আহিছো। কি কি যে মনত আহিছে… কোনোবা খিনিত যদি কবিতাৰ কলি বোৰে পাহি মেলিছে ! কৰবাত নিজৰ সপোনবোৰে ঠিকনা বিছাৰি  হাবাথুৰি খাইছে………


অৱশ্যে মনবোৰ এনেকোৱাই……

" থাকে লগত …চিন্তা কৰে আনৰ। " 


বৰষুণৰ বতৰ বৰ বেছি যাত্ৰীও  নাই। Traveler খনত সৰুকৈ বাজি থকা music টোত অলপ volume বঢ়াই  দিলে। 


মানসৰবীনৰ "  দিখৌ নৈ এৰিব নোৱাৰোঁ " গানটো Full volume ত বাহিৰৰ পৰা খিৰিকীৰ ফাকেৰে অহা ফিৰফিৰীয়া বতাহ জাকে …মোক মোৰ পৰা… মোৰ মনটোক  কৰবালৈ উৰাই লৈ গৈছে। আহি আহি আমি  দিখৌ দলং পালোহি…… 


সঁচাকৈ প্ৰকৃতিও যে কি সুন্দৰ ৰূপ । নতুনকৈ বঢ়া নৈ পানীবোৰ … নৈ খনৰ পাৰে পাৰে এখন আজাৰ ফুলৰ দেশ। প্ৰেম বিহীন জীৱন যদিও,  প্ৰেমৰ মূল্য বাৰুকৈ বুজো মই। সেয়ে আজাৰ ৰঙৰ পৃথিৱীত মই মোৰ  ঠিকনা হেৰালো। 


এনেতে আমাৰ Traveler খন ৰখালে। যাত্ৰা আৰম্ভণিৰে পৰা ক'তো নৰখা গাড়ী খন হঠাত্‍ ৰলত মই কল্পনাৰ সাগৰৰ পৰা বাস্তৱত ঘুৰি আহিলো। থিয়হৈ চালো কাৰোবাৰ family গাড়ী এখনৰ চকা ফুটিছে। তাতে অহা চালক জনে দুটামান বেগ Traveler খনত উঠাই দিয়া দেখিলো। 


গাড়ী start হ'ল । মই আকৌ earphone ডাল কাণত পিন্ধি আকৌ ভাৱনাত ব্যস্ত। এনেতে এটা ১৫ / ১৬ বছৰীয়া লৰা আহি মোৰ কাষতে ৰ'ল। সম্ববত সি সেই গাড়ী খনতে আহিছিল। মই মাত্ৰ বেগ কেইটো উঠাই দিয়া দেখিছিলো। সি মোৰ কাষতে বহিবলৈ ৰ'লত মই অলপ সহাৰি জনাই তাক মোৰ কাষতে বহিব দিলো।  


সি  আকৌ মোক Request কৰিলে……… তাৰ বুলে বমি বমি লাগে । যদিহে মই বেয়া নাপাওঁ তেন্তে তাক খিৰিকীৰ কাষত বহিবলৈ দিব লাগে। 


অৱশ্যেই মই বেয়া পাইছো। কিন্তু সৰু লৰাটো কথা ৰাখিবলৈ মই তাক মোৰ চিটতো এৰি খিৰিকীৰ কাষতে বহিবলৈ দিলো। তাৰ পিছত  লগতে বহিছো যদিও মোৰ আৰু তাৰ মাজত কোনো কথাই ন'হল। 


সি দুবাৰ মান মোৰ ফালে চাইছিল যদিও মই নেদেখা ভাও ধৰিলো। বাকী সময়খিনি সি বাহিৰলৈ চায়ে আহি থাকিল আৰু মই  মোৰ মোৱাইল চাই। 



অলপ সময়ৰ পিছত আমি প্ৰগতি চাৰি আলি পালোহি। Traveler খন ৰখালে……traveler খনক মই গালিও দিলো সেইখন বোলে ASTC নোসোমাই …ইমান খং উঠিছিল তাতে জেপজেপীয়া বৰষুণ এতিয়া যাম কলৈ। অৱশ্যে ভুল মোৰে আছিল মইও ভালদৰে নাজানো যে সেইখন ASTC নোসোমাই। 


মোৰ লগত সেই লৰাটোও নামিল। মই আচৰিত হৈছিলো ইমান ধুনীয়া লৰা। ইমান সময় মানে মই তাৰ লগতে আহিছিলো কিন্তু মই তাৰ মুখলৈকে চোৱা নাছিলো। 


নিজকে বৰকৈ পষ্টালো ,  এবাৰতো কথা পাতি চাব পাৰিলো হ'য়। 

অৱশ্যে সি এখন মাক্স পিন্ধি আছিল। মাক্সখন খুলি সি বৰষুণৰ পানীবোৰ ৰুমালেৰে মচিলত মই তাৰ মুখখন দেখাৰ ভাগ্য হৈছিল। মই যে বহু সময় তালৈকে চাই থাকিলো। বৰ সময় লৈ ভগৱানে বনাইছিল চাগে তাক। 


বৰষুণত তিতি তেতিয়ালৈকে  আমি দুয়োতা জুৰুলিজুপুৰি হ'লো। ওচৰতে এখন সৰু পাণ- তামোলৰ দোকান আছিল । তাকো সেইদিনা সেইখন বন্ধ । কাষতে ৰৈ দুয়োতাই কোনোমতে মুৰটো নিতিতাকৈ বচাবলৈ চেষ্টা কৰিছো । 


বহুত উজ্বল বিজুলি পোহৰে চকু চাটমাৰি ধৰিছিল। হঠাত্‍ মৰা এটা ডাঙৰ গাজনিত সি উচপ খাই মোৰ কাষলৈ আহিছিল। মোৰ হাঁহিও উঠিছিল। তেতিয়ালৈকে  আমি কোনো কথাই পতা নাছিলো…………


এইবাৰ তাক মই নিজেই মাতিলোঁ। কৰ পৰা আহিছে…কি নাম ইত্যাদি……ইত্যাদি………


নাম নিহাৰ ৰাজখোৱা। ঘৰ শিৱসাগতে…… পেহীয়েকৰ ঘৰত গৈছিল । ঘৰলৈ আহি থাকোতেই গাড়ী বেয়া হ'ল।  সেয়ে সি এনেকৈ আহিব লগা হ'ল। কথাবোৰ সি কৈ গ'ল…………


বৰ মৰম লগা লৰাটো। ক্ষীণ আৰু বগা… গোলপীয়া ওঠ জুৰিৰ সৈতে কাজলৰ দৰে ক'লা দুচকু। কথা বোৰ এনেদৰে কয় যেন শুনিলে শুনিয়ে থাকিম ……শুনিয়ে থাকিম………



এনেতে  কিছুপৰ পিছত বৰষুণো কমি আহিল …মই তাক এতিয়া সি ক'লৈ যাব সুধিলোঁ। সি  কলে সি বুলে ONGC Colony থাকে । অসহায় হোৱাৰ দৰে ভয়ে ভয়ে কোৱাৰ দৰে সি মোক কৈ গ'ল… সি বুলে  আগত কেতিয়াও অকলে এনেদৰে  আহি পোৱা নাই। গতিকে আজি তাৰ অকলে ভয়হে লাগিছে…।  


সেয়ে আজি বোলে তাৰ Town নোপোৱালৈকে খেলিমেলি লাগিব ।  Town সোমালেই সি বোলে সকলো চিনি পাব…… সি কৈ গ'ল আৰু মই থলাগি চাই থাকিলো।


কেনেকৈ মানুহ ইমান মৰম লগা হব পাৰে। কিমান যেন ভাগ্যৱান সেই মাক - দেউতাক ইমান এটা মৰম লগা সন্তান পাইছে। 


এনেতে এখন টম্‌টম আহি আমি ক'ত যাম সুধিলে ……তেওঁ কলে বাবুপতি লৈকে যাব । আমি তাতে যাব পাৰিম।  যিহেতু মই ASTC লৈকে যাম গতিকে তাক চিন্তা নকৰিবলৈ ক'লো দুয়োতা যিহেতু একেলগেই যাব পাৰিম । সিও অলপ সাহস পালে………


টম্‌টম উঠিও আমি বহুত কথা পাতিলো। বৰ অকৰা লৰাটো… ধেমালিও বৰ বিশেষ বুজি নাপায়। মই কিবা এটা কথাত ধেমালি কৰি কৈছিলো সেইটো সি সঁচা বুলিয়ে ললে। সি মোক ক'লে দেউতাক Duty যোৱাৰ পিছত সি আহৰি সময়খিনি মাক আৰু আইতাকৰ লগতে কটায়। বৰ বিশেষ বেছি মানুহ লগো নাপায় সেয়ে সি মানুহে কি কয় ভালদৰে বুজি পাবলৈ অসুবিধা পায়। 


তাৰ মৰম লগা কথাবোৰ আৰু সৰল মনটোৱে মোক তাৰ বিষয়ে আৰু অধিক জানিবলৈ বৰ আগ্ৰহী কৰি তুলিছিল। অৱশেষত আমি বাবুপতিয়ে পালোহি………


তাক আৰু অলপ সময় লগ পোৱাৰ হেঁপাহত মই তাক এইবাৰ ক'লো "  ASTC লৈকে খোজকাঢ়ি যাওঁ ব'লা " …… খোজকাঢ়ি বহুত ভাললাগে……   সিও মান্তি হ'ল । মোৰো বহুত ভাললাগিল। নিজকে আচৰিতো লাগিছে প্ৰথমবাৰ এটা এলেহুৱা মানুহে কাৰোবাক লগপোৱাৰ হেঁপাহত খোজ কাঢ়িছে।


সি কৈছে…… আজি হেনো সি প্ৰথমবাৰ এনেদৰে অকলশৰে ভয়ে ভয়ে আহিছে। মই নথকা হ'লে হয়তো সি বুলে হেৰাই থাকিলে হ'য়। 


সি মোৰ হাতত ধৰি এনেদৰে আহি আছে যেন মই তাৰ দেউতাক আৰু সি মোৰ ৬/৭ বছৰিয়া লৰাটো। তাৰ কথা কোৱা ধৰণ ,মুখত থকা এটা মিঠা হাঁহি , শিশু সুলভ আচৰন যেন সি এটা উদাৰ মনৰ শিশু। 


এনেদৰে আহি আহি আমি য়ে ASTC পালোহি।  ৰাষ্টাত মানুহ বোৰৰ মাজৰে প্ৰায়ে আমাক ঘুৰি ঘুৰি চাইছিল । এটা ১৫/১৬ বছৰিয়া লৰাই মোৰ হাতত হাত ধৰি খোজকঢ়া। কিবা ভাবিছে…কাৰ ভাবক কোনে বাধা দিব। সেয়ে ভাৱক দিয়া বেলেগে কি ভাৱে মোৰ কি যায়……… 


তাৰ যে কোনো ভ্ৰূক্ষেপে নাই। প্ৰশ্ন প্ৰশ্ন আৰু প্ৰশ্ন তাৰ ? তাৰ প্ৰশ্নবোৰ এনেধৰণৰ…  আপুনি যদি আজি লগ নাপালো  হয় মইতো হেৰাই গ'লো হয়। মই বাৰু ক'ত গ'লো হয় ?  আকৌ দিলে হাঁহি…………ই যে মোক পাগল কৰি মাৰি মাৰিব। 


মই তাক ধেমালিতে ক'লো । তেতিয়া তোমাক কোনোবাই ধৰি  লৈ গ'ল হয়। তাৰ আকৌ এইবাৰ খং উঠিল ……


:  আপুনি কি মোক মূৰ্খ ভাবিছে নেকি ?  মই কি ঘৰত ফোন কৰিব নোৱাৰিম ?

: হ'ব বাবা হ'ব । ধেমালি হে কৰিছো……ডাঙৰ লৰা হেৰাব নেকি ?

: it's okay 🙂


আকৌ দিলে নহয় হাঁহি ..... 

Ufff এই যে লৰাটোৱে মোক ....মাত্ৰ এটা ঘণ্টাৰ ভিতৰ মোৰ সমষ্ট হৃদয় দখল কৰিছে। 


মই তাক কলো আৰু অলপ আগতে মোৰ পাপাৰ ৰুম । ব'লা নহলে চাহ একাপ খাই যাবা। নাই সি মান্তি নহ'ল। পিছত মাক - দেউতাকে  গ'ম পালে বোলে বৰকৈ গালি পাৰিব। মোৰ যে বুজিব বাকি নাথাকিল সি যে এতিয়াও বহুত সৰু হৈ আছে। 


তাৰ লগত আৰু কিছুপৰ কটোৱাৰ হেঁপাহত মই বৰকৈ জোৰ কৰাত সি মোৰ লগত পাপা ৰুমলৈ যাবলৈ মান্তি হ'ল। মনটো এক বুজাব নোৱাৰা অনুভৱে আমনি কৰিছিল মোক। 


মই হোটেলৰ পৰা অলপ মিঠাই আৰু কিবা-কিবি খোৱা বস্তু লৈ তাৰ সৈতে পাপাৰ ৰোমলৈ যাবলৈ ওলালো………



আগলৈ……………





(আমাৰ পৰৱৰ্তি খণ্ড


পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)



Post a Comment

0 Comments