হোষ্টেলৰ দিনবোৰ Chapter 2 খণ্ডঃ ০২

 

হোষ্টেলৰ দিনবোৰ Chapter 2




খণ্ডঃ ০২


মই আৰু নিহাৰ পাপাৰ হ'ত থকা বিল্ডিংৰ গেটৰ সন্মুখ পালোহি । তাক ক'লো মোৰ পাপা first floor তে থাকে.... তুমি মোৰ পিছে পিছে তুমি আহি থাকা । সি হঠাত্‍ অপ্ৰস্তুত হৈ পৰিল। সি বোলে বেলেগ এদিন আকৌ আহিব । এনেকৈ নোকোৱাকৈ অহাৰ পৰিনাম দেউতাকে বোলে বহুত বেয়াকে দিব। সেয়ে সি আৰু আগ নাবাঢ়ে। কি যে হব তাৰ…… বহুত বুজাই আৰু নোৱাৰিলো। 


মই তাক একো নকলো , মাত্ৰ তাৰ চকুযোৰলৈ চাই ৰ'লো। আৰু তাক সুধিলোঁ …


: সঁচাকৈ তুমি আহিবানে ? সি আহিম বুলি ক'লে … 


মই তাক অলপ সময় সময় তাতে ৰবলৈ ক'লো। মই খৰখেদাকৈ ওপৰলৈ উঠি গ'লো। Door খন Lock হৈ আছে। অৱশ্যে পাপাক আহিম বুলি খবৰে দিয়া নাছিলো। তেওঁ বৰ্তমান Duty ত ব্যস্ত। সেয়ে মই তললৈকে নামি তাৰ কাষলৈ আহিলো । সি মোক দেখি………


: আপুনি Bag বোৰ আকৌ লৈ আহিল যে……


: অ' …তোমালোকৰ ঘৰত থাকিম গৈ আকৌ। 


: কি ?


: সঁচা…


: মাহঁতক কি বুলি কম ?


: কবা আৰু তোমাৰ Bf বুলি ……… হাঃ হাঃ হাঃ


: ওহোঁ নালাগে………মই অকলে …………


ধেইৎ ধেমালি কৰিছো। পাপা Duty গ"ল অ'… দুৱাৰ লক কৰি গৈছে। ব'লা তোমাক আগবঢ়াই দিম। 


মই তাক আগবঢ়াই দিবলৈ আহোতেই……এনেতে গেটৰ সন্মুখত পাপা পালেহি। পাপা মোক দেখি আচৰিত ……


: বাবা কেতিয়া আহিলি ?

: তোমাক suprise দিব আহি… এতিয়া মই নিজেই suprise হৈ আছো। তুমি কেনেকৈ গ'ল পালা মই অহা বুলি…

: বস্তু এটা নিবলৈ আহিলো ৰহ……এওঁ কোন ?

: এহ ভিতৰত আহ……আহা বাবা সোমাই আহা… ফোন এটা কৰি লব লাগে… আলহি লৰাটো লৈ আহিছ …… মই আহিলো বুলি……পাপা কৈ কৈ চিৰিৰে উঠি গৈ থাকিল ।পিছে পিছে আমি………… সি মোৰ হাতত ধৰি টানি দিছে… মই মিচিকাই হাঁহি আহি থাকিবলৈ ইংগিতেৰে দেখালো।


চেষ্টা কৰিও মই একো কবলৈ নাপালো………পাপা এনেকুৱাই … মা নোহোৱাৰ পিছৰ পৰা পাপায়ে মোৰ সকলো……মা আৰু পাপা দুয়োজন দায়িত্ব লৈ আহিছে। 


নিহাৰে কি হৈছে একো ধৰিব পৰা নাই। বেচেৰাই পাপা কথা পেলাব নোৱাৰি পৰিস্থিতিৰ লগত মিলিবলৈ চেষ্টা কৰিছে। হয়তো সৰু লৰা ভয়ো কৰিছে…… সি বহুত ভয়াতুৰ। পাপা ডিউটি পৰা আহি মুখহাত ধুই চাহ বনাইছে। মইয়ে বনাবলৈ লৈছিলো কিন্তু পাপাই সি অকলশৰে বেয়া পাব বুলি মোক নালাগে বুলি কলে। 


পাপা আতৰি যোৱা ঠিক লগে লগে সি মোৰ ফালে কন্দনামুৱা হৈ কৈছে … প্লিজ যাব দিয়া মোক। মই মোৰ ২১ বছৰৰ অভিজ্ঞতাত মই কোনো এনেকোৱা innocent মানুহ লগ পোৱা নাই। 


আমি একেখন চোফাতে বহি আছিলো। কি কৰো নকৰো কৈ মই তাৰ ওচৰলৈ গৈ হাতখন সাৱতি ধৰি কৈছিলোঁ……পাপা বহুত বেয়া পাব। মই তোমাক নিজেই তোমাৰ কোৱাটাৰত থৈ আহিম। 


সি ইমানেই আচৰিত লৰা আছিল… যে তাক সাৱতি ধৰি মই কথাষাৰ কোৱা লগে লগেই ফেকুৰি উঠিল। মই পাপাই কি ভাবিব বুলি ভয়তে তাক আতৰাই দি কলোঁ। জোৰকৈ কলো নাকান্দিবা পাপা কি বুলি ভাবিব। হে প্ৰভু মই আপোনাক ৰাখি নথও……… প্লিজ নাকান্দিব……


পাপাই চাহ লৈ আহিল। কোনোমতে পাপাই গম নাপালে… মই বেগৰ পৰা মিঠাই টোপোলাটো পাপাক দিলো। পাপাই তাৰ লগত চিনাকি হ'ল … সকলো সুধিলে আমাৰ পাপাক আকৌ কথা পালে একো নালাগে ……তাতে পুলিচৰ মানুহ কথা পাকত নিহাৰে উত্তৰ দি দি ভাগৰিছে। বৰ বেছি কথা সুধা নাই কিন্তু নিহাৰে কথা বহুতে কম কয়……


তাৰ কথা মই বুজিব পাৰি মই পাপাক ক'লো । নিহাৰক অলপ আগবঢ়াই দিওঁ। বাইকৰ চাবিটো দিয়া… পাপাও হব বুলি কলে … কিন্তু মইও শিৱসাগৰত নতুন ভালদৰে চিনি নাপাওঁ অসুবিধা হ'লে টম্‌টমহে যাবলৈ ক'লে। 


মই আৰু নিহাৰ ৰুমৰ পৰা ওলাই আহিলো। মই পাপাৰ বাইকখন লৈ নিহাৰক থবলৈ আহিছো। শিৱসাগৰ ONGC Collony লৈ। 


আমি আহি থাকোতে কত যে কি পাতিছো। লৰাটো মনটো এতিয়াহে মুকলি কৰিছে। হয়তো ভয়তে সি এনেকুৱা কৰিছিল। সি মোক সুধিলে মই ইয়াতে থাকো নেকি ? ইমান বোৰ কথা হোৱাৰ পিছত প্ৰথমবাৰ সি মোৰ বিষয়ে কিবা এটা সুধিছে ………মই তাক হয় বুলি ক'লোঁ। সিও কলে এইবাৰ বন্ধ বাৰ পালে সি মোক আকৌ লগ পাব আহিব। 


মই বহুত উৎফুল্লিত হৈ পৰিছিলো । তাৰ মানে সিও মোক আকৌ এবাৰ লগ পাব বিছাৰে। 


আমি আহি আহি নিহাৰ দেউতাৰ কোৱাটাৰ পালোহি। সি কলে ২নম্বৰ গলিৰ পিছৰ বিল্ডিংটোতে সিহঁত থাকে… মই তাক ২ নম্বৰ গলিতে থৈ তাক বিদায় জনালো। কিন্তু এইবাৰ সি এৰি নিদিয়ে …


এইবাৰ তাহাঁতৰ ৰুমলৈও মই যাব লাগিব। কাৰনটো এনেকুৱা আছিল সি আমাৰ ৰুমত চাহ খাই আহিছে। এইবাৰহে মোৰ ভয় লাগিছে কি বুলি অচিনাকি মানুহ ঘৰৰ কাষত ওলামগৈ…নগ'লে সি বেয়া পাব। যদি যাওঁ তাতে তাৰ আৰু মোৰ মাজত চিনাকি দিবলৈ বিশেষ একোৱে নাই…… কি বুলিনো কম সিহঁতৰ মা-দেউতাকক । সেয়ে মই অলপ ভাবি নাযাওঁ বুলি কলো। 


অথনিৰে পৰা সকলো ঠিকে আছিল কিন্তু এতিয়াহে আচল কাহানি আৰম্ভ হ'ল……… মই যদি তাহাঁতৰ কোৱাটাৰ নাযাওঁ …সি যে মোৰ পাপা ৰুমলৈ গৈছিল সেইটো নোযোৱা কৰি দিব লাগে। কিন্তু সেইটো মই কেনেকৈ কৰিম ?  


যদি নোৱাৰোঁ তেন্তে চুপচাপ মই তাৰ পিছে পিছে তাহাঁতৰ কোৱাটাৰলৈ আহিবলৈ ক'লে। মোৰ আৰু বুজিবলৈ বাকি নাথাকিল …… যি মাল পচন্দ কৰিলো মানুহটো কিন্তু জেদী। 


জীৱনত বেয়াপোৱা আটাইতকৈ টান কামৰ ভিতৰত যদি কওঁ অচিনাকি মানুহৰ ঘৰত যোৱাটোৱে পৰে । সেয়ে ভগৱানৰ নামলৈ অলপ মান সাহস গোটাই লাজটো জেপতে ভৰাই তাৰ পিছে পিছে তাহাঁতৰ কোৱাটাৰলৈ বুলি থিৰাং কৰিলো। 


মই যাম বুলি কোৱা লগে লগেই দিলেই নহয় হাঁহি……

Ufff.....এই যে মিচিককৈ মৰা হাঁহিটো।  


: হাঁহি হাঁহি কৈ গ'ল সি………Yeah, keep coming, bro . Don't worry about this 





আগলৈ……………





(আমাৰ পৰৱৰ্তি খণ্ড


পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আ

ৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)



Post a Comment

0 Comments