হোষ্টেলৰ দিনবোৰ Chapter 2
খণ্ডঃ ০৫
বৰষুণত তিতিবুৰি মই একেবাৰে জুৰুলিজুপুৰি হৈ পাপা ৰুম পালোহি । তেতিয়ালৈকে সন্ধ্যা ৭ মান বাজিছিল। পাপাই মোৰ অৱস্থা দেখি বহুত গালিও পাৰিলে । ইমান দেৰিলৈকে তাহাঁতৰ তাতে থাকি এই দবাপিটা বৰষুণত তিতিবুৰি অহাৰ বাবে। অৱশ্যে মই পাপা কথাত ইমান বেছি গুৰুত্ব নিদিলো। আমাৰ পাপা তেনেকুৱাই ৫ মিনিটৰ ভিতৰতে সকলো খং পাহৰি যায়। আকৌ এবাৰ নিজে sorry কব। মই পাপা কষ্ট পোৱা কাম আজিলৈকে কৰিয়ে পোৱা নাই। মোৰ বাহিৰে যে পাপাৰ আপোন বুলিবলৈ আৰু কোনোৱে নাই।
মই গাটো ধুই তিতা কাপোৰবোৰ বেলকনিত মেলি দিবলৈ আহিলো । বৰষুণ হৈ যোৱাৰ পিছত লাইটৰ পোহৰত ওখ ওখ ফুল কেইজোপা ইমান ধুনীয়াকৈ জিলিকি উঠিছিল।
তাতে আজি দিনটো মোৰ বাবে বহুত বিশেষ। মনটো যিহেতু বহুত বেছি ভাল লাগি আহিছিল গতিকে একো নভবাকৈ মই চিঞৰি চিঞৰি জুবিনদাৰ গান এটা গাই দিলো……… তোমাক দেখা পালে সপোন জাজি উঠে বুকুখনি হয় তাজমহল।
মোৰ গান শুনি সন্মুখৰ বিল্ডিংটোৰ ভিতৰৰ পৰা দুজনমান লৰা ওলাই তাহাঁতৰ বেলকনিলৈ আহিল। এতিয়াহে মই আকৌ লাজটো পালো । মই গাত কাপোৰ নিপিন্ধাকৈ কেৱল এখন বগা টাৱাল পিন্ধি কাপোৰ মেলি আছিলো । তাতে তাহাঁতৰ বিল্ডিংটোৰ পৰা আমাৰ বিল্ডিংটোৰ মাজৰ দুৰত্ব একেবাৰে কম।
তেতিয়া আমাৰ বেলকনিটোত কম পোহৰৰ নীলা লাইট এটাহে জ্বলি আছিল কিন্তু চোতালত থকা Street light কেইটাই গোটেই বেলকনিটোৱে পোহৰাই ৰাখিছিল।
মই কাপোৰ কেইটা মেলিয়ে লৰালৰিকৈ ভিতৰলৈ সোমাই আহিলোঁ। পাপাই চাহ বনাই টেবুলতে ধাকি থৈছিল। তেওঁ চাহৰ কাপটো হাততেলৈ লাগি থকা Tv ৰ channel সলাই মোক মিহিকৈ কাট্ এটা মাৰিলে……
: হয় ডেকালৰা অলপ সময় দিয়া , কথা পতাই হোৱা নাই নহয়।
: এহ ৰবা আকৌ । আজৰি হ'লোঁ হে……
: কিবা ভালখবৰ আছে নেকি আকৌ ? যিটো গলাফালি তাজমহল বনালা ওচৰৰ বিল্ডিংৰ মানুহ কেইটাও ওলাই আহিছে। হাঃ হাঃ হাঃ………
: বুঢ়া হৈছা যদিওঁ তোমাৰ কাট্ মৰা স্বভাৱটো সলনি নহল।
: হব আহ অ' ……ৰৈ আছো নহয়। বহুত কথায়ে পাতিব লগা আছে ……কালিলৈ ৰাতিপুৱাই শুই উঠি গা-পা ধুই একো নোখোৱাকৈ দৌল শৰাই দিয়ে আমি যাব লাগিব………………
পাপা লগত বহুত কথা পাতিলোঁ । ফোনত যদিওঁ কথা পতা হয় কিন্তু লগ নোপোৱা এমাহতকৈ বেছি হ'ল। আজি পাপাই মোক আচৰিত কৰি এটা প্ৰস্তাৱো দিলে। এইবাৰ যদি চাকৰীটো হৈ যায় মই আৰু পলম নকৰি বিয়াখন হে পাতিব লাগে।
অৱশ্যে কইনাকলৈ পাপাৰ কোনো আপত্তি নাই । মোৰ পচন্দ হলেই হ'ল। বহু বছৰ হ'ল পৰিয়াল শব্দটো পৰা আমি বহুত আতৰত।
মই মোৰ জন্ম পৰাই পাপাৰ লগতে ডাঙৰ হ'লো। জন্ম হোৱা দিনাই মা আমাক এৰি গুচি গ'ল। সঁচা কথা কবলৈ হলে মা শব্দটোনো কবলৈনো কেনেকুৱা লাগে নিশিকিলোঁ এ…… মই এবাৰ মা শব্দটো ডাঙৰকৈও মাতি পোৱা নাই। মাত ফুটা-নুফুটাৰে পৰা মই পাপা বুলি মাতিব শিকিছো।
ঘিণ কৰো এই মই শব্দটো।
" য'ত পোৱাৰ কোনো আশা নাই…
তাত হেৰুৱাৰো কোনো ভয় নাই…"
"কোনে মোক এৰি গৈছে মই তেওঁক মনত ৰাখিব নিবিচাৰো।"
"কোনে মোক লগ দিছে মই তেওঁক মূল্য বুজোঁ। "
গতিকে মোৰ পাপা জিন্দাবাদ।
সেয়ে মই মা শব্দটোক মনৰ পৰাই সন্মান কৰিব নোৱাৰিম। যদিওঁ কোনোবা নিজান ঠাইত ,পাপাৰ অনুপস্থিতত তেওঁ নুশুনাকৈ এবাৰ হলেও ডাঙৰকৈ চিঞৰি চিঞৰি মাতিব মনযায় । মা তুমি ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰা। কেতিয়াবা পাগলৰ দৰে চিঞৰি চিঞৰি সুধিব মনযায় মা তোমাক মই কৰা হাজাৰ ঘিণাৰ অভিশাপ তুমি দিব পাৰিবানে ?
মই জানো মা তুমি নোৱাৰা। অভিশাপ দিবলৈ কষ্ট দিব লাগিব যি কষ্ট কেৱল তুমিহে আমাক দিলা । মইতো তোমাৰ কোনোৱে নহয়। মোৰ মা আৰু দেউতা সকলো এই পুলিচ জন।
এই পুলিচ জন পুলিচৰ চাকৰীত হয়তো প্ৰথম জন আৰক্ষী বিষয়া । যি নিজৰ সন্তান জন্ম হোৱাৰ বাবদ ৬ মাহ চুটি পাইছিল তেওঁ মোৰ পাপা। তোমালোকৰ প্ৰেমৰ সৰ্ম্পক সন্মান জনাই সমাজৰ বিপৰীতে গৈ তোমাক পত্নীৰ মৰ্যাদা দিলে । তোমাৰ অনুপস্থিতিত দ্বিতীয়বাৰ কোনো নাৰীক পত্নীৰ স্থান নিদিলে । সেই বিশেষ মানুহ জনৰ সন্তানক তুমি বা কোনো ভগৱানে অভিশাপ দিব নোৱাৰে।
ৰাতিটো শুব বিছাৰিও মই শুব নোৱাৰিলো। পাপা ত্যাগ আৰু কষ্ট খিনিয়ে মোক বৰ কষ্ট দিছে।
পাপা লগৰ খূৰা কেইজনে মোক এতিয়াও কয় … মই বোলে এবাৰ স্কুলৰ কিবা এটা প্ৰগেমত মোক মাক নিব নোৱাৰা বাবে বহুত কান্দিছিলোঁ আৰু প্ৰগেমত যুগওঁ নিদিলো। যাৰ বাবে পাপাই মোক বহুত পিটিছিল আৰু কেইবাদিন ধৰি পাপাই একোৱে খোৱা নাছিল।
তাৰ আগলৈকে পাপাই মোক কেতিয়াও মোৰ গাত হাত দি য়ে পোৱা নাছিল। বহুত সৰু কালৰ কথা সেয়ে কথাবোৰ এতিয়া মোৰ ভালদৰে মনত নাই।
কথাবোৰ ভাবি ভাবি মই হতাশ হৈ পৰিছো। প্ৰকাশ কৰিব নোৱাৰা বহু প্ৰশ্নই নিজৰ মাজতে উত্তৰ বিছাৰি হাবাথুৰি খাইছে।
মই বাৰু পাপাই বিছাৰা সপোনটো পুৰ কৰিব পাৰিমনে ? পাপা সপোন পুৰাবলৈকে বাৰু কাৰোবাৰ ঘৰৰ এজনী ছোৱালী জীৱনটো নষ্ট কৰাৰ অধিকাৰ মোৰ আছেনে ?
কি কৰিম মই ?
পাপাই কেতিয়াও সুখ শব্দটোৰ কাষে চাপি নাপালে। প্ৰথমবাৰ সন্তানৰ পৰা কিবা এটা বিছাৰিছে। আশাৰে ভেটা ভঙা মানুহজনৰ সপোনবোৰ মই সেইদিনা উপলব্ধি কৰিছিলো।
" কিমান অপেক্ষাৰ অন্তত সন্তানৰ সুখ পিতৃ-মাতৃয়ে চাবলৈ পায় "
" কিমান অসমৰ্থ হলে সন্তানে কেৱল নিজৰ কথা ভাৱে "
আজি দেখোন মোৰ টোপনি নধৰে । বিচনাতে ইকাতি-সিকাতি কৰি বৰ আমনি পাইছো । সেয়ে বাহিৰলৈকে ওলাই যাওঁ বুলি ওলাই আহিলো। পাপা মুখ খনলৈ চালো তেওঁ এতিয়া গভীৰ টোপনি । বয়স হৈছে মানুহ জনৰ । কোনে জানে গোটেই দিনটো কামৰ ব্যস্তথকা মানুহ জন যে একেবাৰে অকলশৰীয়া।
আগত মই তেওঁৰ লগতে কোৱাটাৰে কোৱাটাৰে ইখন জিলা পৰা সিখন জিলা ঘুৰি ফুৰিছিলোঁ। ইঞ্জিনিয়াৰিং পঢ়িব যোৱা সময় খিনিতহে মই পাপাৰ পৰা আতৰত থাকিছিলো। অৱশ্যে বন্ধ পালেই মই তেওঁৰ কাষলৈকে আহিছিলো। ইঞ্জিনিয়াৰিং শেষ কৰি মই এখন নিজৰ ঘৰ সজাৰ সপোন দেখিছিলোঁ। সেয়ে পাপাই নিজৰ এখন ঘৰো কৰিলে। য'ত বিহু বা উৎসৱত সময়ত সময় মিলাই আমি দুয়ো থাকো।
সঁচাকৈ নাভাবিলে একো নাই ভাবিলে বহুত কিবা কিবি । পাপাৰ এটা প্ৰস্তাৱেই মোৰ গোটেই ৰাতি টোপনি ভাঙিলে।
" সন্তান জন্ম দিয়াতো সহজ। মা আৰু দেউতা হোৱাটো কঠিন। " এই মানুহজন যে দুয়োটা দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। কথাবোৰ ভাবি ভাবি মোৰ দুচকুৱে পানী টপৰ-টপৰকৈ সৰিছে। ৰেলিংত ধৰি মই বেলকনিতে থিয়হৈ বাহিৰলৈ চাই ৰ'লো । কিমান যে হৃদয়হীন এই পৃথিৱী ।
বুকুত এচটা প্ৰকাণ্ড শিললৈ হাজাৰটা ৰাতি উজাগৰে থাকি, কম কষ্টৰে ডাঙৰ কৰিছিলনে মোক ? মই কেতিয়াও দেখা নাই এই মানুহ জনে কন্দা, মই দেখা নাই মানুহজন ভাগৰুৱা হোৱা, মই দেখা নাই মানুহজন হতাশ হোৱা। প্ৰথম বাৰৰ বাবে মোৰ পৰা কিবা এটা বিছাৰিছিল………
মোক তেওঁ এটাই শিকাইছে……
" তোৰ জীৱনত তই ৰজা । ৰজা কেতিয়াও ভয়াতুৰ হব নালাগে । নিজৰ ওপৰত বিস্বাস হেৰুৱা মানুহ কেতিয়াও ৰজা হব নোৱাৰে। "
চাওঁতে চাওঁতে সময়বোৰ গৈ ৰাতিয়েপুৱালে। মই বেলকনিতে ৰৈ আছিলো। এজন দুজনকৈ মানুহবোৰ বাহিৰলৈ ওলাই আহিছে। ৰাস্তাত দুই-এজনে খোজ কাঢ়িবলৈও গৈছে। মইও তললৈ নামি আহিলো। এনেতে কালি মোৰ গান শুনি বেলকনিলৈ ওলাই অহা লৰা দুয়োজনকো দেখাপালো। মই পলাব বিছাৰিছিলো হে তাৰে এজনে মোক মাত দিলে…
: ব্ৰ ইয়াতে থাকা নেকি ?
: হয় মোৰ পাপা থাকে।
: তোমালোক ইয়াত থাকা ?
: হয় , এতিয়া ইয়াত আছো ।
আনজনে সুধিলে………
: H.M Boruah এই জন তোমাৰ পাপা নেকি ?
: হয়। তুমি চিনি পোৱা ?
: পাওঁ…মই কিন্তু তোমাক এই বাৰ হে দেখিছোঁ।
: পাপা অহাৰো এমাহে হৈছে। মই অহাই নাছিলো।
ব'লা নহলে খোজ কাঢ়িব যোৱা যদি এপাক ফুৰি আহো। মই সিহঁতৰ লগতে ওলাই আহিলোঁ।
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড
পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
5 Comments
Apekhya next part 😊❤️🩹
ReplyDeleteVery interesting 🥹♥️ OMG 🥹🥹🥹🥹 waiting for next part 🐸
ReplyDeleteপঢ়ি বৰ ভাল লাগিল।
ReplyDeleteHoxai bhut kandulu o tumr kobita huni
ReplyDeleteNext part ketia debo 🥺
ReplyDelete