হোষ্টেলৰ দিনবোৰ খণ্ডঃ ১৮

 

হোষ্টেলৰ দিনবোৰ ।



 

খণ্ডঃ ১৮



সময়বোৰ বৰ উৰুঙা উৰুঙা লাগিছে। মই আহি ৰিকিৰ ৰোমতে  সোমালো । বাকিবোৰ boys common room তে বহিছে। ৰোমটোকে ঘুৰি পকি চাইছোঁ… প্ৰিয় মানুহজন মোৰ ইয়াতে আছিল। কিমান যে পাহৰিব নোৱাৰা সময় কটাইছো । বহু কম সময়ৰ ভিতৰত সি মোৰ সৰু পৃথিৱী খনত দখল কৰি পেলাইছিল আৰু আজি…………


এনেতে মোৰ ৰিকিৰ শুৱা  বিচনা খনলৈ চকু পৰিল……… 

ৰিকিয়ে গাৰুটো এৰি গৈছে। তাৰ বিচনা খনতে বহি  মই গাৰুটোকে হাতফুৰাই চাইছো । অনুভৱ কৰিছো প্ৰিয় মানুহজনৰ উপস্থিতি আৰু আপোন গোন্ধ। 


এতিয়াও ৰিকিৰ Perfume ৰ গোন্ধটো গাৰুত লাগিয়ে আছে। কেতিয়াও আৰু এই ৰোমটোলৈ  অহা মোৰ নহব। মই নিজকে ৰিকিৰ পৰা আতৰাবলৈ ইমান খিনিটো কৰিবই লাগিব। হথাৰ্ৎ মই গাৰুটো লিৰিকিবিদাৰি থাকোতেই গাৰুৰ তলতে এখন এখন ডায়েৰী পালো……  ৰিকিৰ ডায়েৰী…………… হয়তো ৰিকিয়ে পাহৰি গৈছে। ভাবিছিলো খুলি চাওঁ  বুলি কিন্তু মন নগ'ল আনৰ ডায়েৰী বোলে পঢ়িব নাপায়।  


: অৰ্ণৱ দা আপুনি ইয়াতে থাকিব নেকি ? ( অংকুৰৰ মাতত মই ভাৱনাৰ পৰা বাস্তৱত আহিলো )

: নাই নাথাকো। গাৰুটো মই লৈ যাওঁ…ৰিকিয়ে এৰি গৈছে। 

: ঠিক আছে লৈ যাওক…… ( অংকুৰ ইমান পৰ বাহিৰতে আছিল )


: অৰ্ণৱ দা শুনকচোন …( মই ৰোমৰ পৰা ওলাই আহিব লওঁতেই অংকুৰে পিছফালৰ পৰা মাতিলে…)

: কোৱা……

: ৰিকিয়ে আপোনাক……

: হব নালাগে…( অৰ্ণৱে অংকুৰৰ কথা নুশুনি ওলাই আহিলে ) 


কিমান যে আচৰিত এই প্ৰেম…

অন্ধকো সপোন দেখাব পাৰে। 

ৰং হেৰুৱা মৰহা ফাগুনত

মদাৰে ৰাঙলী কৰে


" ৰং সলোৱা মানুহক সাধাৰণতে  মই বেয়া পাওঁ

কিন্তু বাৰে বাৰে সেই মিছা জনৰে প্ৰেমত পৰো। "


 মই মোৰ ৰোমলৈ ওভতি  আহিলো ।  যদিও মনটো অলপো শান্তি লগা নাই ।  বিচনাতে পৰি ইচাট্-বিচাট্ কৰি ফুৰিছো। মনৰ মাজত হাজাৰ প্ৰশ্ন………


ৰিকিও বাৰু এনেকৈ মোৰলৈ মনত পৰিবনে  ? কি কৰিম …  কেনেকৈ থাকিম তাৰ অবিহনে ?  সি বাৰু  আকৌ ওভতি আহিবনে……? 


 ওভতি নাহে বাবেইতো সকলো লৈ গৈছে। কিন্তু কিয় ?  সি মোক একোৱে নকলে ? 

সকলোবোৰেই চোন  উত্তৰহীন একো একোটা প্ৰশ্ন। 


শাৰীৰিক সম্পৰ্কই জানো প্ৰেম ? 

ৰিকি মোৰ প্ৰেম  নে শাৰীৰিক সুখ ?


অস্থিৰ হৈ পৰিছো মই……যদি সেয়া প্ৰেমেই নাছিল তেন্তে আছিল কি ?  

যদি সেয়া প্ৰেমৰে অনুভূতি তেন্তে অকলশৰীয়া কৰাটো জানো প্ৰেম ?   


বহুত কান্দিছো মই । কান্দি কান্দি চকুৰ পৰা মিছা আৱৰন খন খুলিব বিছাৰিছো। 


কিন্তু পৰা নাই……বিছাৰিলেই জানো সকলো সম্ভৱ। প্ৰিয় বুলি ভবা জনক পাহৰি পেলোৱাটো আটাইতকৈ টান কামৰ ভিতৰতে পৰে । 


" সহজ কাম স্থায়ী নহয়…অপেক্ষাই কিন্তু অস্থিৰতাক আদৰে । " 


সময় প্ৰায় ১ মান বাজিছে…গোটেই হোষ্টল গভীৰ টোপনিত।  ৰিকিৰ গাৰুটো আৰু ডায়েৰী খনকে জোৰকৈ সাৱতি ধৰি মই কান্দিছো। অকলশৰীয়া কৰিবলৈকে ইমান মৰম দিছিলে সি………মই আৰু শুবই নোৱাৰিলো।  টোপনি নধৰেই চোন আজি…


মই ৰোমৰ পৰা বাহিৰলৈকে ওলাই আহিলো। জোনাকো হৈছে আজি…… জোনাক নীশা মোৰ বৰ প্ৰিয় ।  আজি বুজিলো "  প্ৰেমহীন জীৱন জোনাকে  নালাগে  গাত । "


ৰিকিলৈ মোৰ বৰকৈ মনত পৰিছে। নিজৰ গাতো ৰিকিৰ গোন্ধই এতিয়াও লাগি আছে। কিন্তু ৰিকিৰহে খৱৰ নাই……তালৈ এটা ফোনকে কৰিব পাৰিলো হয়। অৱশ্যে মই ফোন নকৰা নহয় …ঘৰ পালেগৈ নাই বুলি এবাৰ ফোনো কৰিছিলো তাক…… তাৰহে Mobile টো Switch off ৰাখিছে। 


নিজকে সামৰি ৰাখিব নোৱাৰি মই লাহে লাহে ৰিকিৰ ৰোমৰ ফালে আহিলো। ফেঁচা জনীয়ে আজি বৰ কিৰিলিয়াই আছে। চৌপাশ শুভ্ৰ জোনাকে জিলিকাই তুলিছে। উৰিচিঙা জনীয়েও গোটেই ৰাতি চিঞৰিছে। 

এখোজ এখোজকৈ  প্ৰিয় মানুহ জনৰ চিনাকী ঠিকনা Room Number 23 সন্মুখত…  বাৰে বাৰে এনেকোৱা লাগে সি যেন ইয়াতে আছে…… ঘপকৈ ওলাই আহিব …পুন চুলিয়ে চকুলৈকে ধাকখাই পৰা দুষ্ট চাৱনিয়ে মিচিকিয়াই হাঁহি হাঁহি মাতিব অৰ্ণৱ দা……


বাৰে বাৰে মনত আহিছে তাৰ মুখখন আৰু  সি এৰি যোৱা সময় খিনি। 


ৰাতিখন বাহিৰত অকলে ওলাই বাহিৰত থকাটো ভাল নহয়। কোনে বা কি ওলাব ঠিক নাই। এনেই বিপদে মোক পিছ নেৰে… ইচ্ছা নাথাকিলেও নিজৰ ৰোমলৈকে আহিলো। ৰোমৰ লাইট অফ আছে। যদিওঁ বাহিৰৰ জোনাকে গোটেই ৰোমটো পোহৰ কৰিয়ে ৰাখিছে। 


মই খিৰিকী খন খুলি দিলো…বাহিৰৰ পৰা ঠাণ্ডা বতাহ এচাটি আহি গাত পৰিছেহি……


সময় নিশা ২টা মানেই বাজিল …মই সময়ৰ কথা বাদ দি ৰিকিলৈ আকৌ ফোনকে লগালো।  নাই একেই ফোন নধৰে ………ৰিং কৰি কৰি কাটি গ'ল। 


মই ৰিকিলৈ মই ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলো। মনতে  ভাবিলো এবাৰটো ৰিকিক মই লগ কৰিমেই। সি মোক মোৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিব লাগিব। মোৰ প্ৰথম প্ৰশ্ন হব সি মোক কষ্ট দি কিয় ইমান সুখ পাই।  কিন্তু তাক লগ  পাম কেনেকৈ তাৰ ঘৰৰ ঠিকনাই মই ইমান দিনে ভালকৈ নললো।  


হয়তো বিজয়ে জানিব পাৰে…নহলে অংকুৰেতো জানিব । যিহেতু একেটা ৰোমতে সিহঁতি আছিল। ৰাতিপুৱাই মই সিহঁতক লগ কৰিব লাগিব। ভাৱিছিলো হে ……কিন্তু নোৱাৰিলো। একো নভৱাকৈ আহি মই অংকুৰৰ ৰোম পালোহি……"প্ৰেম এনেকোৱাই পাগল কৰিহে এৰিব। "  মই অংকুৰৰ দুৱাৰত টুকৰিয়ালো…………


: কোন ? ( অংকুৰে সিফালৰ পৰা মাত লগালে )

: মই অৰ্ণৱ।  

:  দুৱাৰ খন খুলিয়ে…অৰ্ণৱ দা আপুনি…ইমান ৰাতি……

: ওম । কথা এটা সুধিব তোমাৰ ওচৰলৈ আহিলো……

: সোমাই আহক………

: তুমি শুৱা নাই………

: শুইছিলো টোপনীহে ধৰা নাই।

: কিয় ?

: অকলৰে আজি মনটো ভাললগা নাই। 


: ৰিকিক ফোন কৰিছিলা নেকি ? 

: কৰিছিলো নধৰিলে……

: তুমি ৰিকিৰ ঘৰৰ ঠিকনাটো জানানে ? 

: নগাঁও বুলি কৈছিল আৰু বিশেষ নাজানো। 

: তাৰ আৰু আন ফোন নম্বৰ আছে নেকি  ? 

: মোৰ লগত নাই……

: দেউতাকৰ…

: ওহো দেউতাকৰ নম্বৰ  ৰখা নাই…

: Social Media কিবা আছে নেকি ? Fb or insta

: পোৱা নাই ……সি নাই বুলিয়ে মোক কৈছিল।



মই ভাগৰি পৰিছো…………

কি হ'ব অংকুৰ কিবা এটা মোক সহায় কৰা। বহুত ভালপাওঁ তাক। মই কব নোৱাৰাকৈ অস্থিৰ হৈ কান্দি পেলালো। ভাবিব নোৱাৰা হৈ পৰিছো যে মই অংকুৰৰ চিনিয়ৰ। 


: প্লিজ ধৈৰ্য্য ধৰক অৰ্ণৱ দা কোনোবাই শুনিব প্লিজ…

: প্লিজ অংকুৰ সঁচা কথা কোৱা… সি মোক কিয় এনেকোৱা কৰিছে। 

: মই একো নাজানো অৰ্ণৱ দা। ৰিকিক লগ পোৱানো মোৰ কিমান দিন হৈছে। আপুনি অলপ ধৈৰ্য্য ধৰক সকলো ঠিক হব ।

: তুমি মোক সহায় কৰিবানে অংকুৰ। 

: যিখিনি পাৰো কৰিম অৰ্ণৱ দা…



অংকুৰে বিজয়লৈ ফোন লগালে… সিওঁ বোলে টোপনি যোৱা নাই। কিন্তু ৰিকিৰ বাবেই কিয়…? বিজয়ক মোৰ ভাল নালাগে কিন্তু এতিয়াতো কোনো উপায়ও নাই। সিওঁ নাজানে…


 বৰ ৰহস্য ময় লৰা ৰিকি …তাৰ এই সিদ্ধান্ত এতিয়াও হোষ্টেলৰ কোনেও নাজানে। বিজয়ো আমি থকা ৰোমটোলৈকে আহিল। 


এইয়া কিন্তু সুখৰ আলোচনা নহয়। গোটেই ৰাতি উজাগৰে থাকি ৰাতি ৩ বজাত ৰিকিৰ সন্ধানত ………… । কিমান মৰম কৰিছিলো তাক । ভাইটি,  বন্ধু বা নিজৰ পৰিয়ালকৈ কোনো গুনে কম  নাছিল সি। কিমান বা সুধিলোঁ সি একোৱে নকলে……বুজিছ অৰ্ণৱ জানি বুজি দিয়া কষ্টৰ পাপ কিন্তু ৰিকিয়ে পাব……  থোকাথুকি মাতেৰে বিজয়ে বহু কথাই কৈ গ'ল।  কিমান দুখ…… কিমান হেঁপাহৰ হলে কাৰোবাৰ অপেক্ষাত মানুহে উজাগৰে নিশা কটাব পাৰে আজিহে বুজিলো। 

আপোন হবলৈ তেজৰ হব নালাগে। 



মোক বাদ দিলেও যে ৰিকি বহুতৰে মৰমৰ আজি ওচৰ পৰা বুজিলো। পুনৰ এবাৰ ৰিকি বিজয়ে যে ভাতৃ দৰে ভাবিছিলে আৰু মৰম কৰিছিলে তাৰো প্ৰমান পাইছো। 


: ইমান মৰম এৰি তুমি জানো সুখি হব পাৰিবা ৰিকি ? মই একো কবই পৰা নাছিলো। অস্থিৰ হৈ পৰিছো মই…চকু কেইটাই সৰ-সৰলৈ ভেটা ভাঙিছে। বিজয়ে মোক আশ্বাস দিছে ৰিকিৰ ঠিকনা বিচাৰি উলিয়াবই। সি মোক ৰিকিক বিচৰাত সহায় কৰিব । 


কালিলৈ কলেজত department গৈ তাৰ Admission from খনৰ পৰা তাৰ ঠিকনা লব । বিপদৰ বন্ধু আচল বন্ধু। মই ভবা দৰে বিজয় বেয়া নাছিল। মই আগতেও তাক বেয়া পোৱা নাছিলো মই মাত্ৰ ভয় কৰিছিলো… ৰিকিক  সি মোৰ পৰা আতৰাই নিব বুলি। 


আমি কথাবোৰ আলোচনা কৰি থাকোতে ৰাতিয়ে পুৱাব হ'ল । কোনে কয় দুখৰ ৰাতি নাযায় নোপোৱাই… গোটেই ৰাতি আমাৰ একে বহাতে গ'ল। বিজয়ে ক'লে তাৰ গা বোলে একেবাৰে ভাল লগা নাই ।  অলপ সময় বিচনাত পৰিব মন গৈছে। কলেজলৈ মাত্ৰ ৰিকিৰ ঠিকনা বিচাৰি হে যাব। সি নিজৰ ৰোমলৈকে গ'ল। 


মই  আৰু অংকুৰ ৰিকিৰ ৰোমতে থাকিলো। ৰাতিটো এনেকৈয়ে নুশুৱাকৈ কটোৱা বাবে মোৰো শৰীৰটো বৰ দুৱল দূৱল লাগিছিল। মইও ৰিকিৰ বিচনা খনত কাটিহৈ পৰিলো। তাৰলৈ মনত পৰি চকু পানীবোৰ সৰ-সৰকৈ বৈ আহিছিল। কিমান যে ভাল পাইছিলো তাক। কিমান যে মৰমৰ  সি। তাৰ বাদ দি চোন মই আধৰুৱাই। কিয় বাৰু ভালপোৱা এনে হয়……? 



এনেতে ৰিকিৰ পৰা মোলৈ এটা ফোন আহিল……


 


আগলৈ……………


(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)


Post a Comment

0 Comments