হোষ্টেলৰ দিনবোৰ ।
খণ্ডঃ ১৯
সিফালৰ পৰা অহা এটি মাতত মই অধৈৰ্য হৈ পৰিছো। হাত- ভৰিবোৰ কপিব ধৰিছে। চিনাকি ৰিকিৰ অচিনাকি কথা। " তথাপিও অপেক্ষাৰতো কোনো অন্ত নাই " যিহেতু ৰৈ আছিলো দেউতাকৰ পৰা ৰিকিৰ খবৰ ললো। সি বোলে ভালেই আছে।
আচলতে মোৰ লগত ৰিকিয়ে কথা পতা হোৱা নাই । ৰিকিৰ দেউতাকৰ লগতহে পাতিলো । মোৰ Misscall পাই Callback কৰিছে তেওঁ……
মই দেউতাক ক'লোঁ এবাৰ ৰিকিৰ সৈতে মই কথা পাতিব বিছাৰো। দেউতাকে একো নকলে……
মই তেওঁ নুশুনিলে বুলি আকৌ এবাৰ ক'লোঁ…। তেওঁ মোক কলে ৰিকিয়ে বোলে কাৰো লগতে কথা পাতিবই নিবিচাৰে।
কিন্তু কিয় ? মই বহুত জোৰ কৰিলো… উপায় নাপাই শেষত বহুত কান্দিলোঁ। ইমান কঠিন হৃদয়ৰ মানুহ মই ক'তো দেখা নাই। নাজানো দেউতাকে বা কি ভাবিছে………
যি ভাবে ভাবক…… তাত মোৰ ভাবিব লগা নাই…ৰিকি মোৰ প্ৰাণ। মই নোৱাৰিম ৰিকিৰ বাদ দি জীয়াই থাকিবলৈ। সেয়ে মই তাৰ বাবে অপেক্ষা কৰিছো……তাতোকৈ কষ্ট হৈছে মোৰ মোক ৰিকিয়ে কৰা অৱহেলা।
" এনেকুৱা কি ভাল কৰিছিলো, মৰুভূমিত মই প্ৰেমৰ সন্ধান পালো "
" এনেকুৱা কি ভুল কৰিছিলো… যে মই সকলো হেৰালোঁ। "
এবাৰ যদি মই এটা সুযোগ পালো হয়… এবাৰ আকৌ ৰিকিৰ হৃদয়ত কাঞ্চন ফুলালো হয়। অজানিতে যদি ভুল কৰিছিলো আকৌ সেই ভুলৰ পুনৰাবৃত্তি নকৰিলো হয়।
" যদি সঁচা প্ৰেমৰ মূল্য হয় চকুপানী তেন্তে সুখৰ বাবে কৰ্ম কি কৰিব লাগিব ৰিকি ? " যদি তোমাৰো প্ৰেম সঁচাই আছিল অলপ হলেও সুযোগ নিদিলা কিয় ৰিকি ?
দেউতাকে Call টো Disconnected কৰিলে। মই তেওঁক ভুল নুবুজো …মোৰ দুখ কেৱল মই অনুভৱ কৰিছো। মই Birthroom ত গৈ সোনকালে গা ধুই Frash হৈ ল'লো। শেষ মোৰ সাৰথি মৃত মা আৰু বাবা ভোলানাথৰ ফটো খনৰ ওচৰতে আহি ধুপ কেইডাল জ্বলাই চিঞৰি চিঞৰি কান্দিছো…………
তোমালোকেতো শুনা প্ৰভু……
মাত্ৰ এবাৰ ৰিকি লগত কথা পতাৰ সুযোগ দিয়া ……কেতিয়াও আৰু তাক আমনি নকৰো । সি যদি আতৰি আতৰি সুখে আছে থাকক দিয়া……মাত্ৰ এবাৰ নিজৰ কাণে শুনিব বিছাৰিছো প্ৰভু ……সি যে মোক সচাকৈয়ে বহুত বেয়া পাই………
প্লিজ মা……তুমিটো সকলো জানা……প্লিজ মা…প্লিজ ……এবাৰ মাত্ৰ মোক সহায় কৰা না………… তুমি নোহোৱাৰে পৰা প্ৰথমৰ বাৰ কাৰোবাৰ মৰেমে মোক জীয়াই থকাৰ সপোন দেখাইছিল…… সি মোৰ মৰুভূমিত বসন্তৰ আগমন কৰি ধুমুহাৰ দৰে সকলো ভাঙি নিছে মা……অ' মা ……প্লিজ… শুনা না……… এবাৰ মোক ৰিকিক লগ পোৱাৰ সুযোগ দিয়া। প্লিজ……… মই তাক একো নকৰো……মাত্ৰ এবাৰ সুধিম……চিঞৰি চিঞৰি সুধিম……………অৰ্ণৱ গোস্বামীক জ্বলাই জ্বলাই সুখ পাইছানে তুমি………
: অৰ্ণৱ পাগল নেকি তুমি ? কি হৈছে তোমাৰ…………
: বিজয় প্লিজ…… ৰিকিক এবাৰ আনি দিয়া………
: এক দম চুপ……কান্দি নাথাকিবা। মই ৰিকিৰ ঘৰৰ ঠিকনা Department ৰ মলয়া মেমৰ পৰা লৈছো। পাগলৰ দৰে কান্দি গোটেই পৃথিৱীকে তুমি এটা গে বুলি জনাই নাথাকিবা। " জীৱন মানেই কেৱল প্ৰেম নহয় অৰ্ণৱ… জীৱন মানে হ'ল মৰি মৰি জীয়াই থকা। "
: ব'লা কিবা এটা খাই লবা…… তোমাৰ লগত মইয়ো যাম।
: তুমি সঁচাই কৈছানে বিজয় ?
: সঁচাকৈ যাম ব'লা… তাৰ আগত তুমি কিবা খাব লগিব । নহলে কিন্তু মইও বহুত বেয়া পাম।
আমি নগাঁও যাবলৈ Bholanath Travels দুটা Online Ticket কৰিলো । কি বুলি সিহঁতৰ ঘৰত ওলামগৈ। দুয়োতাই ভাবিলো। কবলৈ চোন একো নাই …ৰিকিৰতো কোনো মতলবে নাই । এটা দিনৰ ভিতৰতে চোন, তাকো অচিনাকি যেনে লগা হ'ল। গাৰুটো আৰু ৰিকিৰ ডায়েৰী খন দিয়া চলেৰেই তাহাতৰ ঘৰত যাম………
সময়বোৰ এই দৰে পাৰহৈ গৈ আছে। মোৰ কিন্তু আজি দিনটো বৰ দীঘল দীঘল লাগিছে । অপেক্ষা কৰিছো মাথো নিশা ১০ বজালৈ। নাজানো এই যাত্ৰা কিমান সুভ…… তথাপিও প্ৰিয় মানুহ জনক লগ পোৱাৰ হেঁপাহে মোক বাউলি মাতিছে নগাঁও মধুপুৰলৈ।
সময় নিশা ৮ বাজিছে । মই আৰু বিজয় অপেক্ষা কৰিছো Bholanath Travels অহালৈ । সময়তকৈ ২ দুঘণ্টা দেৰিকৈ উপস্থিত হোৱা মইটো আজি ২ ঘণ্টা আগতে ৰৈ ৰৈ ভাগৰা নাই। অপেক্ষাৰ যে অন্ত নাই…… মোৰ সেই একেই উচপিচনি …… ৰিকিলৈ কি নিম…… কি খাই ভালপাব সি……২৫০ গ্ৰাম চাৰি-পাঁচটা মান চকলেটে লৈছো। আমাৰ সি আক চকলেট খাই বৰ ভালপাই। ইমান দুৰৰ পৰা শুদা হাতখন লৈনো কেনেকৈ যাম । দিনতে তাৰ বাবে সৰুকৈ Gift এটাও ললো। বিজয়ে মোক আকৌ মাজে মাজে গালিও দিছে । মই বোলে বেছি পাগলৰ দৰে আচৰণ কৰিছো। তাত গৈ যাতে একো ভুল নকৰো। কালিৰে পৰা বৰ শাসন কৰা গৈছে সি।
এনেকৈয়ে কেতিয়ানো ১০: ২৩ হ'ল গমকে নাপালো । আমাৰ বাছখন আহি ওচৰ পালেহি । 7 Number Duble sit … আমি নিজৰ চিটত বহিলোঁ।
গোটেই বাছখন নীলা LED পোহৰত জিলিকি আছে। তাৰ মাজত সৰুকৈ বাজি থকা Music টোত জুবিদা গানত মই মোৰ ঠিকনা হেৰাইছো……… বাহিৰলৈ চাইছো শূন্য ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ…হয়তো শুই পৰিছে পৃথিৱী। মই মোৰ প্ৰিয়জনৰ সন্ধানত………
অশান্তিবোৰ যেন কমি আহিছে। মই আৰু কেই ঘণ্টা মানৰ পিছত মই মোৰ প্ৰিয় মানুহ জনৰ কাষত থিয় হ'ম। বহুত কথা সুধিম তেওঁক……নাই নাই খং নকৰো……সি বহুত বেয়া পাব…সি মোৰ কলিজাৰ এটুকুৰা। সি বেয়া পোৱা মই একোৱে নকৰো।
মোক দেখি বাৰু ৰিকিয়ে প্ৰথম কেনেকুৱা অনুভৱ কৰিব ? বেয়া পাব নেকি ? নাই নাই……সি মোক বহুত ভালপায়। প্ৰথম বাৰু মই তাক কি সুধিম… খং কৰিম নেকি ? নে অভিমান কৰিম…? নাই নাই তাক খং নকৰো সি বৰ কষ্ট পাব…… কি সুধিম বাৰু তাক প্ৰথম…? মই একোৱে ভাবি পোৱা নাই………
সময় আৰু বেছিপৰ নাই । ৰাতি প্ৰায় ২ বাজিছে। কালি টোপনি খতি বিজয় টোপনীত লালকাল । আমাৰ বাছত যোৱা সকলোৱে টোপনি । মোৰহে টোপনিয়ে নাই …কেতিয়া যে ৰাতি পুৱাব …কেতিয়া গৈ ৰিকিৰ ঘৰ পাম…নানান কল্পনা মোৰ। মাজতে Mobile ৰ front camera ত নিজৰ মুখখন চাইছো ……ধুনীয়া লাগিছেনে মোক ……!
ৰাতিপুৱাই আমি নগাঁওত উপস্থিতি হ'লো। কিমান যে আৱেগ মোৰ প্ৰথমবাৰ নগাঁও আহিছো। মোৰ প্ৰিয় মানুহ জনক লগ পাবলৈ। ৰিকিলৈ আকৌ দুটামান কিবাকিবি কিনিলো। তাহাঁতৰ ঘৰলৈ বুলি অলপ মিঠাইও কিনি ললো। নিজকে front camera চাইছো আজি ধুনীয়াই লাগিছে মোক। বিজয়ে আকৌ মোক জোকাইছে……তোমাতকৈ মইহে ধুনীয়া দিয়া Natural beauty 😍 কি যে হব তাৰ… এতিয়া বুজিছো বিপদৰ বন্ধু কিন্তু আচল বন্ধু।
নগাঁও টাউনৰ পৰা মধুপুৰলৈ প্ৰায় ৩ কিঃমি মান হব । E-Rickshaw উঠি আমি মধুপুৰলৈ বুলি আগবাঢ়িলো। কিন্তু আমি এতিয়া ৰিকিৰ ঘৰৰ ঠিকনা নাজানো। কেনেকৈ ঘৰটো বিচাৰি উলিয়াম।
সেয়ে বিজয়ে ৰিকিলৈ ফোন লগালে। নাই একেই অৱস্থা ৰিকি কোনো Response নাই। আকৌ একেবাৰেই ভাগি পৰিছো মই। ইমানখিনি কৰাৰ পিছতো যদি প্ৰিয় মানুহ জনক লগ নধৰাকৈ ওভতি যাওঁ কেনেকৈ। বহুত বাৰ ফোন লগোৱা পিছত কোনোবা এগৰাকী মহিলাই ফোনটো ধৰিলে……আমি কোন ? কৰপৰা আহিছো সকলো সুধিলে। যেতিয়া আমি নিজৰ পৰিচয় ___ engineering college OBH হোষ্টেলৰ পৰা অহা বুলি কলোঁ। কি বেয়া পালে জানো তেওঁ আমাক তোমালোক আহিব নালাগে উভতি যোৱাগৈ বুলি কৈ ফোনটো কাটি দিলে।
বিশ্বাস কৰক মোৰ জীৱনত এয়া মোৰ প্ৰথমবাৰৰ অভিজ্ঞতা। কোনোবা আলহি আহিলে আগবাটৰ পৰা ওভতি যাবলৈ কোৱা। বৰ লাজ পাইছিলো বিজয়ৰ আগত তাতোতকৈ বেছি দুখ পালো । কিন্তু ৰিকিক লগ পোৱাৰ হেঁপাহতে এইবাৰ মই আকৌ এবাৰ ফোন কৰিলো……
ঠিক ২/৩ বাৰ মান ফোন কৰা পিছত আকৌ সেই মহিলা গৰাকীয়ে ফোনটো ৰিচিভ কৰিলে। বৰ হুলস্থূল পৰিৱেশ এটা শুনিছো । নাজানো কিয় কি হৈছে। মানুহ গৰাকীক বহুত অনুৰোধ কৰা পিছত। তেওঁ আমাক এটা নতুন address দিছে ……আমি Driver জনকৈ আকৌ নতুন ঠিকনাত আগবাঢ়িছো।
৫ মিনিট মান আগবঢ়াৰ পিছতে আমি মানুহ গৰাকীয়ে দিয়া ঠিকনাটো উপস্থিত হৈছিলো। দুৰৰ পৰাই ৰখাই থোৱা বগা ৰঙৰ swift dzire দেখা পালো । মনটো কিবা ভাললাগি গ'ল । নিজকে আৱেগবোৰ সংযত কৰিছো। ৰিকিৰ আগত পাৰিলেও সিহঁতৰ ঘৰৰ মানুহৰ আগতো কান্দিব নোৱাৰি। ৰিকি হতঁৰ গাড়ীখনৰ নম্বৰটো মোৰ খুবেই চিনাকী । এতিয়াও মনত আছে AS02 _ _ 369 . আমি E-rickshaw ৰখাই মানুহ জনক ভাড়াটো দি বিদায় দিলো ।
আমি ওচৰ ঠিক পোৱাৰ আগতেই ৰিকিৰ দেউতাককো দেখা পালো। ইমান সময়ৰ অপেক্ষাত… মই মোৰ প্ৰিয়জনৰ হেৰুওৱা ঠিকনাটো পালো । যদিও হঠাৎ মনটোত কিবা হতাশাই আৱৰি ধৰিছে………
আমি আগুৱাই ঠিক তেওঁলোকৰ কাষ পালোগৈ… আমাক দেখিও নেদেখাৰ ভাও ধৰি দেখা গ'ল আন দুখন মান গাড়ী লগতে ৰিকিৰ দেউতাক গাড়ীখনো এখন গেটৰে ভিতৰলৈ সোমাই গ'ল। এইবাৰ কিন্তু মনটোৱে মোক কিবা এটা কবলৈ বিছাৰিছে ……
এতিয়াহে মোৰ বকুখন চিৰিংকৈ গ'ল……উশাহটো খুন্দা মাৰি ধৰিছে। ওখ হালধীয়া দেৱালৰ সৈতে ৰঙা ৰঙৰ গেটখনত স্পষ্টকৈ লিখা আছে……
" পূজনীয় পিতৃ খঁগেশ্বৰ বৰাদেৱৰ সোঁৱৰণত মধুপুৰ শ্মশান…… ! "
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।
0 Comments