হোষ্টেলৰ দিনবোৰ খণ্ডঃ ১৩


 হোষ্টেলৰ দিনবোৰ ।




খণ্ডঃ ১৩



             হয়  মই  যি ভাবিছিলো সেয়াই হ'য় ।  কিন্তু কাৰো লগত কাজিয়া হোৱা নাই । বিজয়দা বোলে  চাকৰী পালে। গোটেই হোষ্টেলত দৌৰা দৰি । নহবনো কিয় ইমান কম বয়সত চাকৰী পালে… হোষ্টেলত এনেকোৱা এটা পৰিৱেশহৈ পৰিল , যেন ফাগুনৰ ধুমুহাই ভঙা পৃথিৱী খনত পলকতে বসন্ত নামিল। অৱশ্যে সেইদিনা অনুভৱ কৰিছিলো ।  ভাল মানুহৰ লগত সদায় ভাল হয়। ভগৱানে তেওঁক আৰু ভাল কৰক। 


           মোৰ তেওঁ খবৰটো পাই ভাল লগাকৈ… নজনাকৈ মনত কৰবাত অলপ দুখ লাগিছিল… কিয় নাজানো। ভদ্ৰ , নম্ৰ-স্বভাৱৰ মানুহজন হয়তো সোনকালে হোষ্টেলৰ পৰা আতৰি যাব । 


          হয়তো হোষ্টলত তেওঁ দৰে গোটেই লৰাবোৰক একগোট কৰি ৰাখিব পৰা দ্বিতীয়জন নোলাব। যাৰ এষাৰ কথাত হোষ্টেলৰ Union হাজিৰ হয় সেই মানুহজন নাথাকিব। তেওঁ যাবগৈ কোনোবা এটা নতুন ঠিকনাত। নাজানো এইবোৰ কাৰনত মনত কৰৱাত সৰু বিষ এটা লাগিছিল।


           গোটেই হোষ্টেল খনত তেওঁৰ ভাল খবৰটো নোপোৱাকৈ এজনো ৰৈ যোৱা নাছিল। সকলোৱে তেওঁক শুভকামনা দিলে। গোটেই মখা আহি  আমি তেওঁৰ ৰোমতে গোট খাইছিলো। এনেতে ইমানবোৰ লৰাৰ মাজত ………


: ৰিকি চাকৰী পালো নহয়। 


: মইও কলো…ভাল খবৰ Party দিব লাগে এতিয়া আপুনি………এ খাবা ৰবা… 


: ঐ ভাই হ'ত কলেজ আজি বাদ দে …খানা এটা কৰিব লাগে নে কি কওঁ ?  খানা বুলি কলে দৌৰ দিয়া নয়ন দা চিঞৰিলে………


: এই আজি পইছা নাই নধৰিবি…… বিজয়দাই কলে । কিন্তু মানিব কোনে ?  কোনোৱে আকৌ কলে মোৱাইল বিক্ৰী কৰি দে……অৱশ্যে তেওঁলোকৰ লগৰ বোৰৰ কথাহে দেই। 


: এজনে কলে সকলোৱে পৰা তুলি ল………আকৌ ঘুৰাই দিবি…বিক্ৰমদাই কলে।  অৱশ্যে সেয়াই হ'ল। মাহৰ শেষত কাৰোৱে লগত টকা নাথাকে। ইজনে সিজনৰ সুখত সুখ বুটলা এয়াই হ'ল হোষ্টেলৰ একতা। ৫০/ ১০০ /২০০ কৈ ২২০০  টকা হ'ল। 



          কথা মতেই কাম হ'ল। কলেজ আৰু আজি কোনো যোৱা নহ'ল। আমি হোষ্টেলত ৪০ জন থাকো তাৰে বতৰ্মান ২২ জনহে আছে। সকলোকে কামবোৰ ভগাই দিলে। কোনোবাই পাচলি আনিব …কোনোবাই মিঠাই…কোনোবাই ওচৰতে সৰু সুৰা বজাৰ কৰিব …কোনোবাই খানা খোৱা ঠাইৰ ঠিক কৰা সন্ধানত…মুঠতে সকলো কামৰে ভাগ হ'ল। 


        সকলোৱে গাহৰি খাম বুলি ঠিক কৰিলে । নোখোৱা কেইজনৰ বাবে আকৌ মাছ আনিব। গাহৰি অনাটো মোৰ আৰু বিজয়দা ভাগত পৰিলে। ইয়াতে আকৌ গাহৰি নাপায়। 


           আমি সকলোবোৰেই হোষ্টেলত থকা লৰা … ইয়াত কাৰো Bike নাই । বিজয়দা কলেজৰ লগ এজনৰ পৰা bike বিছাৰি ফোন কৰিলে………


: ৰিকি ব'লা…


: পালানে Bike ?


: ব'লা কলেজলৈ খোজ কাঢ়িব লাগিব  । চাবিটো আনিব লাগিব …তন্ময় খন কলো… তেল ভৰাব লাগিব …কিপন বুজিছা…কলেজত ক্লাচ কৰি আছে ব'লা যাওঁ।


: ব'লক।


আমি দুয়োজনে খোজকাঢ়ি কলেজলৈ ………


: ৰিকি কথা এটা কওঁ বেয়া পাবা নেকি ? লাহেকৈ বিজয়দাই সুধিলে……মোৰ বুকুখং চিৰিংকৈ গ'ল । তেওঁ কি সুধিব মই তাৰ ওমান পাইছিলোৱে । থকবক কৈ কলো…


: নাই নাপাও…… 


: হেই… ভয় কিয় কৰিছা…ভুত নেকি মই…হাঃ হাঃ হাঃ…… 


: তুমি হাফ পেন্ট পিন্ধি আছা …কলেজত সোমাব নালাগে ইয়াতে ৰোৱা। মই ঘপকৰে লৈ আহো। 


: সেই ভগৱান …কি যে হব মোৰ। মই Jeans shorts আৰু   বগা Tshirt এটা পিন্ধি আছিলো। মানে হোষ্টেলত থকা সাজেৰে। বিজয়দা  Track pant আৰু বগা Tshirt. 


            মই তেওঁক হব বুলি কলো।  Track Pant টোৰ সৈতে তেওঁক কিন্তু বহুত ধুনীয়া লাগিছিল ।  মাগুৰ বৰনীয়া পুৰঠ চেহেৰা । নতুন যৌৱনে জিলিকা তিকা কেইটা কিন্তু কব লগিয়া দেই…ৰঙালাও দৰেই গোল। পুৰুষ সুলভ দাড়িকেইদাল …বেৰিয়া দাতটোৱে কিন্তু কাৰোৱাৰ মনটোক মুহিবলৈ বেছিপৰ নালাগে। মই এইবোৰ ভাবি থাকোতে তেওঁ চাবিলৈও আহি পালে। 


: বলা যাওঁ … Bike খন সৌতাত আছে। মইও চিনি  নাপাওঁ।…… 0347 চাবা সেইখন………। 


: হিঃ হিঃ বলক বলক দেৰি হব।


: ৰিকি কথা কওঁ……


: আকৌ বা কি কব…? বৰ আচৰিত মানুহ এইজনো। মনতে ভাবিছিলো। ৰাতিপুৱা কথাটো নুসুধিলে ৰক্ষা। 


: কম নে ?


: কওঁক আকৌ………


: তুমি কিন্তু বহুত ধুনীয়া দেই। ভগৱানে টাইম লৈ বনাছে …আমাক হে আৰু………


: হব আৰু দেই……কি কথা কৈ থাকে নহয়। আবতৰত কৰবাত মনৰ মাজতে ঘপকৈ  ৰজনীগন্ধা এপাহ ফুলিল।


: কিয় নহয় নেকি ?


: আপুনি কৈছে যেতিয়া হয়। এই খন পালো চাওঁক । 


   এনেই হোষ্টেলত বিজয়দা লগত ইমান কথা বা ধেমালি হোৱা নাছিল । আজি প্ৰথম বাৰ ইমান কথা শুনিছো। অৱশ্যে ইমান ধেমালি মই তেওঁ আন কাৰো লগত আগত কৰা দেখা নাই। হয়তো চাকৰি আনন্দত। নে মোৰ আজি দিনটোৱে ভাল। ভয় খালো যদিওঁ মনৰ মানুহ জনৰ কগত ৰাতিপুৱাটো কটালো। এতিয়া আকৌ প্ৰশংসা বিজয়দাৰ। 


            আমি বহুত কথা পাতিলো। মোৰ ঘৰত কোন কোন আছে, ঘৰত কি বুলি মাতে…বহুতো । অৱশ্যে নিজৰ কথাওঁ বহুত কলে। তেওঁৰ আপোন বুলি কবলৈ বুলে মাত্ৰ দেউতাক আছে। দেউতাক এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাৰ বাদে আৰু চিনাকি দিবলৈ আৰু তেওঁ একো নাই । আমি মাংস ললো। তাৰ মাজতে মোক সুধিলে কিবা খাবা নেকি ? মই নালাগে বুলি কলো। তেওঁ জোৰ কৰাত Icecream খালো। আকৌ এবাৰ কৈছো । বিজয়দা মানুহজন বৰ মৰমিয়াল। 


: তেওঁ কলে ব'লা বজাৰ হল… এতিয়া আৰু যাওঁ নে কি কোৱা।  মই ওম বুলি কলো। 


: ধৰিলোৱা মোক ভালকে ৰাষ্টা বেয়া। এনেই ক্ষীণ পৰি থাকি যাবা। লাজ কৰিব নালাগে ধৰা ধৰা। 


: ধেইৎ কি কয় ? 


: তুমি মোক তুমি বুলি কবা। কিহৰ আপুনি কোৱা……


: নালাগে এনেকৈয়ে ঠিক আছে। 


: অৱশ্যে আপুনি বুলি কলেও বেয়া নালাগে………কিবা হেৰি হেৰি লাগে…… হাঃ হাঃ হাঃ ……দুয়োজনে হাঁহিলো। 


           মই লাহে লাহে তেওঁৰ লগত  comfortable হৈছিলো। হয়তো নিজৰ ভাইটি বুলি ধৰি মোৰ ৰাতিপুৱা ভুলবোৰ ক্ষমা কৰি দিছিল। 


আহি থাকোতে তেওঁমোক আকৌ সুধিলে ? 


: ৰিকি  Gf আছেনে ?


: ওহো আগতে আছিলে……আপোনাৰ ?


: আছে ……


হোমঃ এনেকোৱা কৰি আছে লাইন মৰা দৰে ……আকৌ  gf ও ৰাখিছে। মনতে ভাবিলো ……  ধেইৎ  মোৰ কি আহে বা যায়…… কিন্তু মোক কৰা আচৰণত  চোন মই অলপ বেলেগ অনুভৱ কৰিছো । নাই নাই মই আকৌ কিয় ভাবিছো। মোৰ এজন মনৰ মানুহ আছে। তেওঁক লগ পোৱাৰ পৰাই মই মাত্ৰ তেওঁক ভালপাব শিকিছো। বুকুৰ মাজত সুমোৱাই তেওঁ মোক মৰম দিছে। নিজৰ হাজাৰ বিপদে আৱৰি ধৰিলেও মোক সুখেৰে ৰাখিবলৈ চেষ্টা কৰিছে। এয়া মাত্ৰ আৰম্ভনিহে। তেওঁ কেৱল মোৰ আৰু মই তেওঁৰ । আমাৰ মাজত কাৰো ভাগ বতৰা নাই। 


         এইবোৰ ভাবি থাকোতে কেতিয়ানো আহি পালো গমকে নাপালো । মোক হোষ্টেলৰ আগতে নমাই বিজয়দা কলেজত  bike থবলৈ যাব।


: নামা……মই  এইখন থৈ আহো।


: ব'ক নহলে দুয়োতা যাওঁ… আপুনি অকলে খোজ কাঢ়ি আহিব নেকি ?


: কিয় মোক ভালপোৱা নেকি? হাঃ হাঃ হাঃ…… এই কাৰনটোতে বিজয়দাক বেয়াপাওঁ বৰ বেলেগ কথা কৈ দিয়ে নিজকে বৰ লাজলাগে। 


          একো কব পৰা নাছিলো। লাজতে মাত্ৰ তলমোৰ কৰিছিলো।  এনে লাগিছিল তেওঁ মোক গে বুলি জানিয়ে জোকাইছে। জানিবুজি আঘাত দিয়া মানুহ মোৰ বেয়ালাগে।   মই নামি দিলো আৰু তেওঁৰ কোনো কথালৈ অপেক্ষা নকৰিলো……হোষ্টেলৰ গেট খুলি সোমাই আহিলো ।  তেওঁ মোক পিছফালৰপৰা চিঞৰিলে ……


: মৌ কথা এটা কম বেয়া পাবা নেকি ?


: এক পলকতে মই ৰৈ গৈছিলো। হোষ্টেল অহাৰ পিছত মোক ঘৰত মতা নামেৰে  …প্ৰথম বাৰ কোনোবাই মাতিছে। 

এক মিনিটৰ বাবে ঘৰত দেউতাৰ অনুভৱ কৰিছিলো। দেউতাই মোক মৌমন বুলি নকয় মৌ বুলি মাতিছিল।

তেওঁমোৰ নামটো কেনেকৈ জানিলে বুলি মনতে প্ৰশ্ন কৰিলো। 


: ভাবি লাভ নাই তথনি তুমিয়ে কৈছিলা ……… হাঃ হাঃ হাঃ   আকৌ সেই মই বেয়া পোৱা ৰহস্যময় হাঁহিটো। 


           কিছুমান মানুহ যে থাকে আৰু দেই। তেওঁ গুচি গ'ল মই হোষ্টেলৰ ভিতৰলৈ সোমাই আহিলো। হোষ্টেলৰ সকলো লৰা ফিল্ডটো খানাৰ কামতে ব্যস্ত। মই সকলোৱে মাজত মোৰ প্ৰিয় মানুহ জনক চকু ফুৰালোঁ। এনেতে দুৰৰ পৰা দেখিলো…তেওঁ মোক  চাই আছিল। মনটো ভাল লাগি গ'ল। তেওঁফালে মিচিকিয়াই হাঁহিলো। 


        মই মাছ-মাংসবোৰ আন আন বস্তু বোৰৰ ওচৰতে ৰাখিলো। কিবা এটা চলেৰে  সুৰুঙা ওলাই মই তেওঁৰ ওচৰলৈ বুলি গ'লো। ৰাতিপুৱাৰ ঘটনা পিছত মই তেওঁক ঘপকৈ লগ পাব নোৱাৰো। অৱশ্যে কোনো বাধা নাই…সেই পৰিৱেশটো মাজত আকৌ সোমাব নিবিচাৰো। কোনোমতে বেলেগ এটা পৰিৱেশত আছো।  তেওঁ মোক অলপো সুযোৰ্গ নিদিলে তেওঁ বেলেগ এফালে গুচি গ'ল। মোৰ মনটো অলপ দুখ লাগিছিল । কিমান যে হেঁপাহত আহিছিলো পুৱাৰে পৰা তেওঁক দেখা দিয়া নাই।  কেনেকোৱা অনুভৱ কৰিছিলো মই বুজাব নোৱাৰিম। তেওঁ ঘুৰি চালে ……মই আকৌ তেওঁৰ কাষলৈ গৈছিলো। তেওঁ ফিল্ডলৈ গুচিগ'ল।  সময়বোৰ এনেদৰে গৈ আছিল। সকলো নিজৰ কামে কামে লাগিল। আমাৰ কাম নাই । আমি সকলো ফিল্ডট পৰি আদ্দা দি আছো। এনেতে মোক ঘৰৰ পৰা মা ফোন কৰিলে । মই নিজৰ ৰোমলৈ আহিলো। …


          মাৰ লগত বহুত কথা পাতিলো। আইতাৰ বোলে মোৰলৈ বহুত মনত পৰিছে। আইতাৰ লগৰবোৰ আগত মোৰ কথা কৈ বুলে কান্দে। আইতাই বুলে দেউতাক একেবাৰে দেখিব নোৱাৰা হৈছে । বহুত বাৰ কৈছে …নাতিটো লৈ আহ ……দেউতাই হাঁহে ।  আইতাৰ সেইটোৱে বহুত ডাঙৰ খং… । ওচৰত সকাম-নিকাম হলেওঁ বোলে নাযায় …বস্তবোৰ কোনে খাব নাতিটোৱে নাই । মুঠতে আইতাৰ মতে মই ঘৰত যাব লাগে । অৱশ্যে মইও আইতাৰ অভাৱ বৰকৈ অনুভৱ কৰিছো । মা এইবোৰ কৈ থাকোতে আইতাৰ মাত শুনিলো। আইতাই মাৰ পৰা  ফোনটো লৈ বৰ কান্দিছে। মোক ঘৰলৈ মাতিছে……তেওঁৰ বোলে শুব ,খাব একো কামত মন বহা নাই।  মোক কৈছে দেহা পঢ়িব নালাগে তাত ঘৰলৈ আহ । ওচৰৰ স্কুল এখনতে আকৌ নামটো লগাই দিম। আইতাক বুজাব কোনে পাৰিব Engineering Institute যে আমাৰ ঘৰৰ ওচৰত নাই।  

          ঘৰৰ একমাত্ৰ সন্তান আৰু আইতাৰ একমাত্ৰ নাতি। মোক  বাদ দি কোনোৱে নাই। মোৰ প্ৰতি আইতাৰ যিমান আৱেগ মোৰো কম নহয়। মই আইতাৰ কান্দোন দেখি চকুপানীখিনি সামৰিব নোৱাৰিলো। হুকে খুন্দা মাৰি ধৰিছিল…………

 

           এনেতে মোক বিচাৰি বিজয়দা মোৰ ৰোম পালেহি………মই তেওঁ পোৱা বাবে আইতাক ফোনটো ৰাখো কলো । ইতিমধ্যেই বহুত সময় পাতিলো  । মোক বিচাৰি নাপাই বিজয়দা মোৰ ৰোম পালেহি। তেওঁ চাগে ভাবিছিল মই মাক ৰাতিপুৱাৰ কথাবোৰ কৈছো। তেওঁ কোক দেখি হাঁহিছে । কৈছে ইমান পোৱালি নিচিনা অ' এইটো।  মোৰ চকুপানীখিনি মুচি দিলে…… দুখন হাতেৰে সাৱতি কলে…………


: এইবোৰ হোষ্টেলৰ কথা । ঘৰত নকবা …হোষ্টেলত এনেকোৱা ভুল হয়য়ে …সকলো নতুনকৈ যৌৱনত ভৰি দিয়া লৰা। হৈ যায় কেতিয়াবা ……ঘৰতকৈ মাহতক চিন্তা নিদিবা।  ভাল লৰা কান্দি নাথাকে……চাও হাঁঁহি দিয়া। 


: মোক কান্দিথকা সময়ত এনেকৈ কললে বহুত কান্দাহে ওলায় । জোৰকৈ কান্দি দিলো। তেওঁও মোক জোৰকৈ সাৱতি ধৰিলে। 


: হয় এতিয়া বুজিলো … মোক ক্ষমা কৰা কাৰন বোৰ। মই তেওঁক কিয় কান্দিছো নকলো। তেওঁ যি ভাৱিছে মোৰ পক্ষে বেয়া নহয়। অৱশ্যে অনৱদাকো বেয়া বুলি কোৱা নাই। 


        এনেতে ৰোমৰ কাষেৰে অনৱদা পাৰহৈ গ'ল। তেওঁ আকৌ ঘুৰি আহি মোৰ ৰোমতে সোমালে আৰু তেওঁ বিজয়দাই আকৌ মোক সাৱতি চকুপানী মুচি দিয়া দেখিলে। একো নজনাকৈয়ে তেওঁ  কৈ দিলে………


:  Congratulations বিজয় আগুৱাই যোৱা কিন্তু মই মোৰ খানাত কেৰাচিন ধ'লা মানুহ বেয়া পাওঁ আৰু তুমি সেয়াই কৰিছা। মোৰ বুজিব আৰু বাকী নাথাকিল যে অনৱদাই কথাবোৰ বহুত বেলেগকৈ ভাবি ললে। বিজয়দাইও ভয় নোখোৱা নহয়। তেওঁ নিমাত হৈ পৰিল……কেৱল মোৰ চকুলৈ চাই ৰ'ল।  অনৱদা মোক একো নকলে…… তেওঁ ৰোমৰ পৰা বাহিৰলৈ গুচি গ'ল। মই বিজয়দাৰ ওচৰৰ পৰা অনৱদা পিছে পিছে গৈ তেওঁৰ ৰোম পালোগৈ। 


          নাই তেওঁ একো কথা কব নিবিচাৰে। মোক কলে তেওঁ এতিয়া অলপ অকলশৰে থাকিব বিছাৰে। গতিকে মোক বাহিৰত যাবলৈ কলে। কিন্তু তেওঁ মোক সন্দেহ কৰিছে। মই কিয় এনেকৈ এৰি দিম ……………মই একো ভুল কৰা নাই । মই তেওঁক ভালপাওঁ। হাজাৰ বিপদ আহিলেও মই তেওঁৰ হৈ থাকিব বিছাৰো। তেওঁ দুখপোৱাটো মোৰ ভাল নালাগে। আগতে জনা হলে মই কেতিয়াওঁ বিজয়দা লগত নগলো হয়। মই আকৌ বুজাব চেষ্টা কৰিলো ……মই ভলকৰা নাই অনৱদা । তুমি যি ভাবিছা সকলো ভুল। 


           কেতিয়াও দেখা নাই তেওঁৰ এনেকোৱা উগ্ৰৰূপ।  বহুত গালি পাৰিলে মোক……… তেওঁ কলে বিজয় চাকৰি পাইছে ……পইছা দিব পাৰিব তোমাক । মই তোমাক কুটা এডাল দিব নোৱাৰো। তুমি টকাৰ লুভীয়া মানুহ । মোৰ বিশ্বাস …তুমি চাকৰি দেখি তাৰ কাষলৈ যাবলৈ এটা দিন নালাগিল। মৰমটো মইওটো কৰিছিলো……শেষ হাঁহিটো বিজয়ৰ কাষত মাৰিছা……মোৰ মৰম পাহৰি বিজয়ৰ বুকুত সোমাবলৈ মাত্ৰ কেইটামান ঘণ্টা নালাগিল………ছিঃ ইমান লেতেৰা চৰিত্ৰ তোমাৰ  ……… তুমি তাৰ লগতে থাকা……যেতিয়া সি টকা নিদিয়া হব তেতিয়া তুমি আকৌ বেলেগ এজন বিছাৰি লবা।  আচলতে তুমি এজন  …………


: প্লিজ আৰু নকবা অনৱ দা………মই কান্দি দিছিলো।  মই আৰু একো শুনিব নিবিচাৰো। বহুত কলে তেওঁ । কেতিয়াওঁ কাৰোপৰা ইমান টান কথা শুনি পোৱা নাই।  মাত্ৰ ভগৱানে জানে …ইমান শুনিবলগাকৈ  মই কিবা ভুল কৰিছিলো নেকি ? মই তেওঁক ভালপোৱাটো ভুল হ'ল নেকি ? নে তেওঁক মই নিজক এৰি দিয়া বাবে মোক বজাৰৰ টকাত বিক্ৰীকৰা যৌন পুতলাৰ লগত তুলনা কৰিলে। বহুত কান্দিছিলো মই……তেওঁ ৰোমৰ পৰা ওলাই আহোতেই দেখিলো। দৰজা সন্মুখতে বিজয়দা ৰৈ আছে ………বাহিৰৰ পৰা তেওঁ সকলো শুনি আছিল। বহুত লাজ পাইছিলো। যাক পাই জীৱনৰ ৰংবোৰে আহি থুপ খাইছিল …সেইবোৰেই মোক আজি বৰ লতেৰা কৰিলে। 


     তেওঁৰ চকুৰ আগলৈ আকৌ নগৈ…মই শেষবাৰৰ বাবে  দুৱাৰ মুখতে অনৱদাক কৈ আহিলো… বিশ্বাস কৰা অনৱদা……মই আগতে কাহানিও এই পৃথিৱীৰ ৰামধেনুৰ ৰং বুটলা নাই। যি সপোন দেখাইছিলা সকলোবোৰ  আজিৰ পৰা তোমাৰ লগতে থলো।  মই আৰু তোমাৰ ওচৰত কেতিয়াও মুখ নেদেখাও । তুমি মাত্ৰ মোক বেয়া পাই নাথাকিবা। মই আৰু মোক ইমান বেয়াকৈ দ্বিতীয়বাৰ কবলৈ সুযোৰ্গ কাকোৱে নিদিওঁ। 


মই দৌৰি নিজৰ ৰোমলৈ আহিছিলো…………




আগলৈ……………


(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)


 





Post a Comment

0 Comments