হোষ্টেলৰ দিনবোৰ খণ্ডঃ ১২

 

হোষ্টেলৰ দিনবোৰ ।





খণ্ডঃ ১২



            বকুখন মোৰ  চিৰিংকৈ গ'ল। হোষ্টেলৰ প্ৰায়বোৰ লৰা আমাৰ ৰোমলৈ সোমাই আহিল। আমি অপ্ৰস্তুত হৈ আছিলোঁ। অপ্ৰস্তুত মানে প্ৰায় ওলংগ। আমাক সকলোৱে অসংযত অৱস্থাতে পালেহি।  


: এই কি অ এইবোৰ নিয়ৰ দাই……( বিৰাট ডাঙৰ এটা কিৰিলি ) এই অনৱে junior গাভিনী কৰিছে…………


: সকলোৰে মুখত হাঁহিৰ কিৰিলি। কি যে হৈ গ'ল হথাৰ্ৎ ………নিমিষতে যে ধুমুহাই সকলো ভাঙিছে। 


         সেই সময়ত অনৱদা কেনেকোৱা লাগিছিল মই নাজানো । মোৰ কিন্তু এনে লাগিছিল এয়াই যেন মোৰ শেষ সময়। বিশ্বাস কৰা সেই সময়ত মই মৰি যোৱা হলে পৃথিৱীৰ আটাইতকৈ সুখি মানুহ জন হোৱা অনুভৱ কৰিলো হয়। 


                মোৰ আৰু হোষ্টেলত পঢ়া নহব । কোনখন মুখলৈ আৰু মই হোষ্টেলত থাকিম । অংকুৰে মই নোকোৱাকৈ মোৰ গোপন কথা বা id ৰ নাম অভি বুলি জানে ……আৰু হোষ্টেলৰ প্ৰায় ১০ লৰাৰ চকুত জনৰ চকুত মই এজন গে…………… সকলোৱে আগত নিজক নিজে চিনাকি দিলো । এতিয়া আৰু মই নিজক লোকোৱাই লাভ নাই………হয়তো হোষ্টেলৰ পৰাও বাহিৰ হম।  


                   অনৱদা হয়তো বহুত লাজ পাইছে। একো মাত নিদিয়াকৈ তললৈ মোৰ কৰি বহি আছে। সি ভয়ত তাৰ পেন্টটো পিন্ধিবই পাহৰিল। মই অনুভৱ কৰিছো… মোৰ দৰে তাৰো একেই অৱস্থা। চিন্তা ভয় আৰু মুখ দেখাবলৈ শেষ বিন্দুমান একো নথকাৰ শেষ অনুভৱখিনি। 


               এজন - দুজনকৈ আমাৰ ৰোমত আৰু বহু কেইজন আহি সোমালেহি  আৰু সকলোৱে মুখত হাঁহি…কি হ'ল কি হ'ল…… অনৱক গে বুলি ভবা নাছিলো। কোনোবা এজন চিনিয়ৰ মাত। কোনোবা নতুন এজনে  কথাৰ ভাগলৈ জোৰকৈ হাঁহিছে …… কোনোবা এজন চিনিয়ৰে গালিদি বাহিৰত যাবলৈ কলে। মই লাজ আৰু ভয়তে কান্দি পেলালো। 


                   হয় মই গে … কিন্তু মোৰো সন্মান আছে… হয় ভুল কৰিলো……কিন্তু বহুত আশালৈ পঢ়িবলৈ আহিছো। হোষ্টেল অহা মাত্ৰ মোৰ ৬ দিন হৈছে। কলেজত ক্লাচ কৰা ৪ দিন… ইয়াত মোৰ মা-পাপা, আইতাৰ সপোনখিনি জৰিত হৈ আছে। ইয়াৰ পৰা বাহিৰ কৰিলে মই বাৰু ঘৰলৈ কেনেকৈ ওভতি যাম। ঘৰত কি বুলু কমগৈ…কলেজতো এই সকলোবো আজি ওলাবই…………বহুত কথাই মোক জোকাৰি গৈছিল। উপাই নাপাই জোৰকৈ কান্দি দিছিলো।


                 এনেতে……………বিজয় দাই সকলোকে ৰোমৰ পৰা লৰাবোৰক বাহিৰত ওলাব কলে……


: ঐ তহঁতি সকলো মোৰ ৰোমত ব'ল। 


: আৰু মোৰ ফালে খংৰে চাই কলে … তোমালোক ইয়াৰ পৰা বাহিৰত নোলাবা ।  এইবোৰ কৰিবলৈ হোষ্টেল আহিছিলা।  কিন্তু অনৱদাক একো নকলে। 


              মই সেই সময়ত সিদ্ধান্ত লৈ পেলাইছিলো। সকলো লৰা কলেজ যাওক। মই আজি ঘৰলৈ যাওঁ বুলি হোষ্টেলৰ পৰা পলাব লাগিব । কিন্ত মই ঘৰলৈ নাযাওঁ। যি কৰি হলেও মই এইখন পৃথিৱীৰ পৰাই পলাই দিম । গাড়ীৰ আগতে পৰি মৰি যাম  মই…… 


               মা -পাপা বহুত কান্দিব । কিন্তু উপায় নাই……কি কৰিম মই……মই নোৱাৰিম …ঘৰত ওভতি গৈ মা-পাপাৰ আগত থিয় দিব । কি বুলি কম মই… এনেকোৱা কাম কৰি হোষ্টেল  এৰিছো বুলি।  নাই নোৱাৰো।


             আমাৰ ৰোমৰ পৰা সকলো বাহিৰত ওলাই গ'ল। বাহিৰৰ পৰা বিজয়দাই দৰজা খন বন্ধ কৰি গৈছে। ভয়,শংকা মাজত অলপ উশাহ লৈছিলো। কি কৰি পেলালো…………অনৱদা মুখলৈ চালো। 


              এনেতে অনৱদা বহি থকাৰ পৰা থকাৰ পৰা থিয় হ'ল। 

মোক হাৱতি ধৰিলে …… মই ৰৈ থাকিব নোৱাৰিলো। বহুত খং ওঠিছিল অনৱদালৈ………খঙতে  আকৌ কান্দি পেলালো । 


 : Please নাকান্দিবা না……তোমাৰ একো ভুল নাই… সকলো মোৰ বাবেই হ'ল।  যাক কব লাগে মই ক'ম… সকলো ভুল মোৰ। তুমি ভয় নকৰিবা ……মই জোৰ কৰা বাবেহে কৰিছা তোমাৰ ভুল নাই…শাস্তি যি হয় মোৰ হব……প্লিজ বন্ধ কৰা না………


: মোৰ আৰু বহুত  বেছি জোৰকৈহে কান্দা ওলাইছিল। বহুত খংও ওঠিছিল । মই কওতে শুনা হলে এনেকোৱা নহলে হয়।  


: মই কিবা কৰিম সোনতো…। লাগিলে হোষ্টেলৰ পৰা আতৰি যাম । কিন্তু আমি কলেজ পঢ়িম। ভালপোৱা কোনো অপৰাধ নহয় ৰিকি। মই তোমাক বহুত ভাল পাওঁ… মোৰ ভালপোৱা মিছা নহয়।  অনৱদাই মোক আকৌ সাৱতি ধৰি নিজেই কান্দিবলৈহে লাগিল। 


                মই জানিছিলো ইয়াৰ বাহিৰে তাৰ কোনো উপায় নাছিল। সিও ভিতৰি বহুত ভয় কৰিছিল। অনৱদা হোষ্টেলৰ সকলোৱে প্ৰিয় আৰু OBH ৰ মুখ্য আকৰ্ষণৰ বিন্দু।  মই বুজিছিল মোক সাহক যিমানে নিদিয়ক সি ভাগি পৰিছে। তাতোতকৈ ভয় খাইছে বেছিকৈ মোৰ অৱস্থাটো দেখি। ভয়তে নিজৰ পেন্ট এতিয়ালৈকে ঠিক কৰিব পাহৰিলে। 


              মই তাক পেন্টটো ভাল কৰি লব কলো। কান্দি থাকোতে ঘপকৈ তাৰ হাঁহি ওলাই গ'ল। এতিয়াও মোৰ এইটোত চকু। গালত চিকুটি দিলে………আকৌ কপালত এটা চুমা। নাজানো কিয় মানুহজন এনেকোৱা। বহুত আচৰিত ধৰনৰ এৰাব নিদিয়া মৰম……অনুভৱবোৰ এনেলাগে যেন হাজৰ বিপদত জীয়াই থাকিবৰ বাবে প্ৰেৰণা। 


                   ইমান দুখৰ মাজতো অলপ সুখ পোৱা দৰে অনু্ৱ কৰিছিলো। যিমান হলেও মোৰ প্ৰিয় মানুহজন লগত আছে। নাজানো কৰ পৰা ইমান সাহক আহিল মোৰ । মই  কৈ পেলালো । যি হয় হব দিয়া………ঘৰত গম পালেও মোক এৰি নিদিয়ে………মনত দুখ পাব …কিন্তু  মোক বেয়া পাই নাথাকে।  মা - পাপা মোক বাদ দি কোনোৱে নাই। আইতাইও মোক বহুত মৰম কৰে।


এইবাৰ তাৰ কোনো উত্তৰ নাই……


                  আকৌ এবাৰ সি মোক  জোৰকৈ মোক সাৱতি ধৰিলে……… : তুমি মোৰ লগত থাকিবা ন ৰিকি ?


                এনেতে হোষ্টেলৰ চাৰ আমাৰ ৰোমত সোমাই আহি আমাক আকৌ সেই সাৱতি থকা অৱস্থাতে পালে। শেষ মানে এইবাৰ আৰু সমাপ্ত।  নাজানো চাৰক কথাবোৰ কোনে খবৰ দিলে। হয়তো বিজয়দা হতে দিলে। 


                   এইবাৰ মই নিশ্চিত যে আমাক ৰাজহুৱা ভাৱে কিবা শাস্তি দিবই দিব  । একে সময়তে দুবাকৈ আমাক ………তাকো এইবাৰ warden য়ে নিজ চকুৰে প্ৰমান পাইছে । 


: ৰিকি হল ……ঘৰলৈ মনত পেলাই কান্দি থাকিব লাগে নেকি ? কলেজ যাব হল। নিজৰ ৰোম  থাকিব এৰি ইয়াত কান্ধি আছা ?  যোৱা যোৱা…………এনেকে হ'লে কি হব। 


                 আৰে চাৰে এইয়া কি কলে ……মানে চাৰে একো গম নাপায় নেকি ? …একো নকলে যে……………নহলে বিজয় দা কিয় মোক দমত কৈ গ'ল ইয়াৰ পৰা নোলাব… আৰু সকলোকে তেওঁৰ ৰোমত  মাতিছিল কিয়  ? একো বুজি পোৱা নাই মই………… কি হৈ আছে এইবোৰ…………ভগৱান অলপ সাহস দিয়া । মনতে ভগৱানক প্ৰাথৰ্না কৰিছো……কোনোবা দিনা যদি অলপ হলেও কিবা ভাল কৰিছিলো এই বিপদৰ পৰা ৰক্ষা কৰা। 



                  মই অনৱদা ৰোমৰ পৰা ওলাই আহিলো। খৰকৈ নিজৰ ৰোমলৈ আহিছো ……আকৌ ভাবিছো যাতে কাকো  কৰিডৰত লগ নাপাওঁ। কাৰো মুখত মোক দেখি মৰা হাঁহিটো আকৌ চাব নোৱাৰিম।  মনতে ভাবিছো আজি আৰু কলেজ নাযাওঁ। বিন্দুমানো মোৰ সাহস নাই।  এনেতে বিজয় দাই নিজৰ ৰোমৰ পৰা মাত দিলে মাত দিলে………


: ৰিকি ক্লাচ কেইটাৰ পৰা আছে ?


: ৯:৪৫ ……… লাজ লাজকৈ উত্তৰ দিলো। 


: মোৰো আছে ……ৰেডি হোৱা যোৱা লগতে যাম। 


                   বিজয়দা এনেকোৱা ব্যৱহাৰ যেন মই একো কৰা নাছিলোঁ।  অলপ আগত খংৰে কথা শুনাই অহা বিজয়দা নহয়……মই নিজেই  confused মই সপোন দেখি আছো নেকি ?


                  মই হব দাদা বুলি ৰোম পালোহি। যদিও মই অলপ অপ্ৰস্তুত হোষ্টেলৰ সকলোৱে মোক সচাকৈয়ে সহজ ভাৱে লবনে ? এনে ব্যৱহাৰ কৰিছে যেন কোনেও একো দেখা নাই সকলো এক সপোন আছিল। কি হৈ আছে ?  যদি সচাকৈ সহজভাৱে লয় বহুত ধন্যৱাদ ভগৱান। 


                  ৰোমত আহি পালো …মোৰ টেবুলত মোৰ ভাগৰ অথনি নোখোৱা horlicks এনেকৈয়ে বোৰ আছে ……অংকুৰে মোৰ ভাগৰ চাহো আনি টেবুলতে থৈছে।  অংকুৰ কলেজ যাবলৈ সাজু ……


              কিন্তু অংকুৰৰ আচৰনত মই কিবা এটা অলপ বেলেগ অনুভৱ কৰিছো।  মই  নিজেই লাজে ভয়ে মাত দিলো……


: অংকুৰ ওলালা ?


            সি একো মাত নিদিলে । মই নিশ্চিত অংকুৰে কথাবোৰ গম পোৱা পিছত বেয়া পাইছে । কিন্তু কিয় সিতো গোপন জগতৰ এজন ……মোক ঘিণ কৰিব কিয় ? …মোৰ গোপন id অভি নামটো সি চিনিপায়……তাৰ মানে সিতো…………  এনেতে অংকুৰে মাত দিলে………


: বলা ৰিকি ভাত খাই আহো হৰিকাই মাতিছে………


: মোৰ ভোক নাই …তুমি যোৱা চোন…


: নালাগে  ব'লা লগতে যাওঁ…… হয়তো সি মই ভাত খাবলৈ যাবলৈ যে প্ৰস্তুত নহয় বুজিছিল। কিন্তু মোৰ সকলোৱে আগত ওলাব আৰু সাহস নাই। কিন্তু হোষ্টেলত নোলাই থাকিম ক'ত । থাকিবতো লাগিবই………  লাজে ভয়ে অংকুৰে জোৰ কৰাত অংকুৰৰ লগতে ভাত খাবলৈ গ'লো। যদিও খোৱা ৰোমলৈ সোমোৱা সময়খিনিত মোৰ আকৌ এবাৰ বকু কপিছিল……… উপাই নাই dining তল মোৰ কৰি বহিলো………  সকলো খাই আছে। কাৰোৱে বেলেগ আচৰন দেখা নাই।  


                হোষ্টেলৰ সকলো আছে কিন্তু অনৱদা নাই। মোৰ মনত প্ৰশ্ন হৈছে তাক বাৰু ভাত খাব হল বুলি কোনোৱে জনোৱা নাই  নেকি ? কিন্তু মই সুধিবও নোৱাৰো। সুধিম কাক ? সুধিলেই আকৌ কি পৰিৱেশ হয় কি ঠিক। কিবাকে নিজক সহজ কৰিব চেষ্টা কৰিছো। 


            মোৰ পেটত  ভোক নাই……চকু-কান বন্ধ কৰি  দুগৰাহ মান খাই ওঠি আহিলো। বাৰে বাৰে অনৱদা ভাত খাবলে নহা কথাটো আমনি কৰিছে। এটা কথা কিন্তু মানিব লাগিব ।হোষ্টেলৰ কোনো এজনে কিন্তু এতিয়ালৈকে মোক ৰাতিপুৱাৰ ঘটনাৰ কথা অনুভৱ কৰোৱা নাই। 


                 হয়তো বিজয়দা ৰোমত মাতি সকলোকে হোষ্টেলৰ কথা ক'তো নোলাবলৈ কৈছে । নাজানো সচাঁ কি ? কিন্তু জানিছিলো যে বিজয়দা বাবেই এনে পৰিৱেশ হৈা আছে। নজনাকৈয়ে বিজয় দা প্ৰতি ভাল ভাৱ এটা জাগিছিল মোৰ। 


                  মই ভাতখোৱা হ'লৰ পৰা ওলাই আহিছিলো। লগতে মোৰ পিছতে অংকুৰো ওলাই আহিছিল । সিয়ো ভাত নাখালে  আজি …… এনেতে দুৱাৰ মুখতে অনৱদাক দেখিলো…… পাৰ হওঁতেই কানৰ ওচৰত শুনাই গল…


: হোমঃ অকলে অকলে খাইছে…………


                মই মুখত মিচিকিয়া হাঁহি এটা মাৰি কৰিডৰে মোৰ ৰোমলৈ ওলাই আহিলো।  এনেলাগিছিল কৰোৱাৰ মৰমে আকৌ বসন্ত আনিছিল। এৰি অহা ধুমুহাই আকৌ নতুন ৰং সানিছিল। মই আহি ৰোমত দেখিলো দুটা cake , এটা ক্ৰিমবন আৰু আৰু এটা পানীবটল …পলিথিনৰে পেক কৰি মোৰ টেবুলত থোৱা আছে। 


                 মই আৰু বুজিব বাকি নাথাকিল …… অনৱদা । হয়তো মই ৰোমৰ পৰা ওলাবলৈ বেয়া পাম  বুলি তেওঁ আমি ভাত খাবলৈ যোৱা সময়ত ওচৰৰ দোকানৰ পৰা বাহিৰত গৈ মোৰ বাবে লৈ আনিছিল। কেনেকোৱা মানুহ এইজন। 


                 কিবা অচিনাকি অনুভৱ এটাই মোক আকৌ এবাৰ তেওঁৰ প্ৰেমত পেলাইছিল। আকৌ এবাৰ মনটোৱে কৈছিল যেন তেওঁ মোৰ সকলো।  কিমান মৰম থাকিলে কোনোবাই এনেকৈ আনৰ কথা ভাবিব পাৰে। কিমান মৰম থাকিলে বিপদ সামৰি  আনক সাৱতি হুক হুকাই কান্দিব পাৰে।  


                 মইতো লগত তেওঁ কিয় ভাত খাব অহা নাই …সেই কথাটোকে কাকোৱে সুধা নাছিলো। তাৰ বিপৰিতে ইমানবোৰ হোৱা পিছত তেওঁ মোৰ বাবে বজাৰ কৰি আনি থৈছে। যানে খালি পেটে নাথাকো। কিয় বাৰু তেওঁ এনেকোৱা। সচাঁকৈয়ে তেওঁৰ মই প্ৰিয় নেকি? নে কেৱল মৰম মোলৈ যৌনতা।   


                এনে সময়তে হোষ্টেলত বহুত ডাঙৰ চিঞৰ বাখৰ  এটা শুনিবলৈ পালো। 


কি হ'ল আকৌ…………


                 অথনিৰ কথাবোৰ বাবে অনৱদাৰ লগত কাজিয়া হোৱা নাইতো । তেওঁক কোনোবাই মাৰিছে নেকি ? হয়তো হব পাৰে ……



আগলৈ……………










(আমাৰ পৰৱৰ্তি খণ্ড


পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)




Post a Comment

1 Comments

  1. Sir-e bhalke sudon dibo buli bhabisilu. Kunuba sir-e tumak sudar kotha likhibason.

    ReplyDelete