হোষ্টেলৰ দিনবোৰ।
খণ্ডঃ ০২
মই বহুত সময় মা লগত ফোনত কথা পাতিলো। মায়ে হোষ্টেলৰ বিষয়ে বহু কথাই সুধিলে । মইনো ইমানকৈ কি জানো আজি আহিছোহে! যি দেখিছো সেইবোৰকে জনালো। কথা পাতি থাকোতেও হোষ্টেলৰ চিনিয়ৰ এজন আহি মোক ৰুমত চাই গ'ল। ফোন কৰি থকাৰ বাবে মাত নিদিলে… । মই মাৰ লগত কথা পাতি শেষ কৰি তেওঁলোকৰ ওচৰলৈ যাব লওঁতেই গোটেই কেইজন মই থকা ৰুমটো সোমালে।
: হেৰা কি কৰিছা ।
: বেয়া নাপাবা দেই… ইয়ালৈকে গুছি আহিলো। হাঃ হাঃ হাঃ কৈ আটাই কেইজনে হাঁহিছে… অলপ অলপ মোৰ ভয়ো লাগিছিল , যদি ৰেগিং কৰে…কিন্তু বিশ্বাস আছিল। হোষ্টেলৰ চুপাৰ জনে সোমবাৰে সকলো student নহালৈকে অকলে ৰেগিং নকৰিবলৈ অনৱদাক সিহঁতৰ লগৰ সকলোকে কবলৈ কৈছিল। এনেতে অনৱ দা ৰুমলৈ আহিছিল……
: কি হ'ল হে ৰাইজ আজি মোৰ ৰুমত…আচৰিত…
: তাকে আহি গ'লো আৰু… বেয়া পালা নেকি ?
: নাই নাই……বেয়া কিয় পাম ……ব'লা সকলো চাহ খাব মাতিছে।
সচাই প্ৰথম দিনাই আহি হোষ্টেল খন ঘৰৰ দৰে লাগিছল। অচিনাকী অচিনাকী ভাৱ এটা নহা নহয় । কিন্তু প্ৰতিটো সময় যেন মোৰ চিনাকী। কিবা এটা যেন আপোন আপোন ভাৱ। আমি আটাই কেইটা চাহ খাবলৈ হোষ্টেল আটাইতকৈ ডাঙৰ ২ নং ৰুম মুকলি কোঠাটোলৈকে গ'লো।
কাটা বিস্কুত আৰু লাল চাহ । ৱাহ ঘৰত খোৱাতকৈ অলপ বেলেগ কিন্তু বুজাব নোৱাৰা এক সোৱাদ। হয়তো হোষ্টেলৰ প্ৰতিজন ছাত্ৰৰ আৱেগ । মইয়ো প্ৰথম বাৰ অনুভৱ কৰিছিলো। চাহ খাই সকলো নিজৰ নিজৰ ৰুমলৈকে গ'ল । পৰীক্ষা চলি আছিল , পঢ়া বা নপঢ়া সেইটো নিজৰ কথা। কিন্তু কথাৰ আদ্দা দি থকাৰ কোনো পৰিৱেশ নাই।
বহুত ভাল লাগিছিল আজি দিনটো পাৰ হলেই কালিলৈ পৰা অলপ বেছি চিনাকী হৈ পৰিম। অপেক্ষা মাথো ৰাতিপুৱালৈ। মই অনৱদাৰ ৰুমলৈকে আহিলো সেইটো ৰুমতে মোৰ সকলো আছিল আৰু মোক ৰুম নিদিয়ালৈকে তাতেই থাকিব দিলে।
অনৱদা মানুহটো ভাল । প্ৰথম আহিয়ে মানুহ জনক বুজিব পাৰিছো। বৰকৈ কথা নাপাতে …যি কয় প্ৰতিটো কথা যেন শুনি ভাল থাকে…
: ৰিচি কেনেকোৱা লাগিছে…
: অ' কি…… কিবা ভাৱি থকাৰ বাবে হথাৰ্ৎ থতমত খাইছিলো মই। তেওঁ হাঁহি দিছিল …আৰু মই লাজ পাইছিলো। তেওঁ চাৱনীত মোৰ বুকু কপি গৈছিল। কিবা এটা ভালো লাগিছিল। মনে মনে বহু কথাই ভাৱিছিলো।
: মই পঢ়ো তুমি এটা কাম কৰা……সৌ সিফালে কিবা কিবি কিতাপ আছে মন গ'লে অলপ চাব পৰা। মৱাইল টিপি থকা দেখিলে চুপাৰে আহি কিবা কব পাৰে।
: ঠিক আছে …তেওঁ পঢ়িবলৈ বহিছিল আৰু মই কিতাপবোৰ চাইছিলো । তাৰে মাজৰে এখন কিতাপ মেলি মই বিচনাত বাগৰ দিছিলো। মনটো বাৰে বাৰে ঘৰলৈ উৰিছিল……মাজে মাজে অনৱ দাক চাইছিলো…কেইবাৰ বাৰো চকুৱে চকুৱে পৰিছিল মোৰ । মই চকু তললৈ নমাই নিজকে লুকুৱাইছিলো। হথাৰ্ৎ এবাৰ…
: কি হ'ল কি চাই আছা ইমান কৈ ?
: আপোনাক !
: কি হাঃ হাঃ হাঃ………………জোৰকৈ হাঁহিছিল তেওঁ মই নিজে নিজক লাজ পেলালো । কি যে আৰু মই…
: ঐ শুনা মোক তুমি বুলিয়ে কবা …তোমাতকৈ মই দুবছৰ মানহে ডাঙৰ হম ……আপুনি কৈ বুঢ়া নবনাবা…হব দিয়া চিন্তা নকৰিবা ৯ টাত ভাত খাব হবয়ে। প্ৰথম দিন বৰিং লাগেই।
হয়তো তেওঁ মোক ভাগৰ লাগিছে নাইবা আমনি পোৱা বুলি ভাৱিছিল। সময়বোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিল। এটা সময়ত আমি সকলো ভাত খাব গ'লো। ভাত খাব মোৰ আজি মনেই নগ'ল। সচাঁকৈ বহু বেলেগ হোষ্টেলৰ পৰিৱেশ। ঘৰৰ দৰে নহয় খোৱা - বোৱাও বৰ ঠিক নহয়। কিন্তু মোৰ আজি ভাতৰ টেবুলত বহাৰ লগে লগে ঘৰলৈ বৰকৈ মনত পৰিছে। টম আৰু চুমিক বা মায়ে ভাত খোৱাই দিছেনে নাই… পহৰিয়ে গৈছে নেকি…মোৰ বিচনাত উঠি চাগে শুই আছে সিহঁত ……হয়তো বিছাৰি ফুৰিছে মোক। কুকুৰ হলেও সিহঁতক মোৰ জীৱনৰ এটা অংগ নিচিনা প্ৰথম বাৰ সিহঁতৰ পৰা মই আতৰত।
এনেকৈয়ে আধা খোৱাকৈ নিজৰ ৰুমলৈ আহিলো। সময়বোৰ যিমানে গৈ আছে মনটো সিমানে ঘৰলৈ উৰিছে। মৱাইলটো চালো এটা মিচকল মায়ে কৰিছিলে। মই ৰৈ থাকিব নোৱাৰিলো । লগে লগে কলবেক কৰিলো …
: বাবা কি কৰিছ…
: ভাত খাব গৈছিলো… কি কৰিছা।
: মই পাচলি কাটি আছিলো। ভাত কিহে খালি…………মা বহুত প্ৰশ্ন । যিমান পাৰো উত্তৰ দি ফোনটো ৰাখিলো। মনটো অলপ পাতল পাতল লাগিছিল…সচাঁই মা সদায় মা… চকু পানী ওলাইছিল মোৰ এনেতে দুৱাৰ টুকুৰিয়াইছে কোনোবাই…
: অনৱ দা…
: কি হ'ল দৰজা লক কৰি কান্দি আছা নেকি ?
: এ নহয় পুক সুমালে চকুত কিবা…………
মই নিজকে যিমান লুকুৱাইছিলো সিমানে ওলাই পৰিলো। সৰ- সৰকৈ চকুপানী টোপাল মাটিত পৰিছিল গৈ। আচলতে মোৰ দুখ লগা সময়ত কোনোবাই মাত দিলে মোৰ চকুপানী বেছিকৈহে ওলাই । লুকাব বিছাৰিও নোৱাৰিলো………
: ধেইৎ পাগল হলা নেকি ! ডাঙৰ লৰা কান্দে নেকি ! ইমান পোৱালী হৈ আছে অ' লৰাটো। অনৱ দাই মোক জোৰকৈ সাৱতি ধৰিছিল। এখন হাতে চকুপানীবোৰ মচিও দিছিল। কোনো নোহোৱাকৈ যেন তেওঁ মোৰ আপোন হৈ পৰিছিল।
: চাওঁ বহা । মোক চকীত বহিবলৈ দি গাৰু দুটা তেওঁৰ বিচনালৈ আনিছিল ।
: মোৰ লগতে শুৱা আজি…… পিছত নিজৰ বিচনা শুবা । ৰাতিটো কান্দি থাকিলে চাবা আক………গতিয়াই পেলাই দিম বিচনাৰ পৰা………
: মই হাঁহি দিছিলো………
মইও কোনো মাত নমতাকৈ তেওঁৰ লগতে শুলো। তেওঁমোক সাৱতি ধৰিছিল। জুন মাহৰ বহুত গৰম । অলপতে গাবোৰ ঘামি গৈছিল । যদিও তেওঁ মোক সাৱতি শুইছিল। দুয়োটা ঘামি গৈছিলো। গৰমত টোপনি ধৰা নাছিল। হোষ্টেলৰ বেমাৰী ফেনখনৰ বতাহে নালাগে গাত। ওমান পাইছিলো মই আমাৰ দুয়োটাৰে গা ঘাম গৈ বিচনাৰ পাটিত পৰিছিল গৈ……হয়তো তেওঁও পাইছিল……দুয়োতা সাৰ পাই আছিলো। মাজতে তেওঁ মোক সুধিছিল …
: গৰম কেনেকোৱা লাগিছে………
: মই একো মাত নিদিলো। বিপৰীতে জোৰকৈ সাৱতি ধৰিলো ……
: কেলা বদমাচ ! খিলখিলাই তেওঁও আৰু জোৰকৈ সাৱতি ধৰিল ।
অনুভৱ কৰিছিলো । মৰম এনেকোৱাই অচিনাকী জনো আপোন হবলৈ বেছি পৰ নালাগে।
আগলৈ………………………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
0 Comments