খণ্ডঃ ০১
মই তেতিয়া HSLC পাচ কৰিছো । পঢ়াতো ভালেই আছিলো । আচলতে পঢ়াতো বৰ ভাল বুলিও কব নোৱাৰি কিন্তু মোৰ বাবে সিমান খিনি থিকে আছিল। প্ৰথম বিভাগত পাচ কৰিলো দুটা বিষয়ত লেটাও আছিল। আন লৰা- ছোৱালী দৰে মইও হোষ্টেলত থাকি চহৰৰ এখন কলেজত পঢ়াৰ মন কৰিছিলো। অৱশ্যে মোৰ মা-পাপাই কৰা কলেজ খনতো হায়াৰ ছেকেণ্ডাৰী আছিল । কিন্তু মই তাত বিছৰা নাছিলো। পাপা হতৰ কলেজৰ বিভিন্ন অনুস্থানত মই যাওঁ সকলো মোৰ চিনাকী আছিল। বিশেষকৈ চিনাকী শিক্ষক থাকিলে অলপ মোৰ বেয়া লাগে…আচলতে মই মা-পাপা থকাৰ বাবেই তাত পঢ়াৰ কথা নাভাবিলো । ঘৰৰ মই একমাত্ৰ সন্তান , সকলোৱে মৰমৰ । যদিও ঘৰত প্ৰথম মোক হোষ্টেলত ৰাখিব নিবিচাৰিছিল শেষত সকলো মোৰ মতেই হল। কাৰন ঘৰত বেছি ভাগ সময় মই আগতে অকলে থাকিছিলো। সেয়ে মোৰ কথা মানি মোক ………জুনিয়ৰ কলেহতে Admission দিলে।
সেইদিনা শনিবাৰ আছিল । মই আৰু পাপা ৰাতিপোৱা ভাত-পানী খায়ে চহৰলৈ ওলালো ……দুটামান বজাৰ কৰিলো। মোৰ লাগতিয়াল বস্তুৰ পৰা হোষ্টৰলত খোৱা বস্তুলৈকে । আবেলি প্ৰায় ৩ বাজি গ'ল আমি জুনিয়ৰ কলেজ পালোহি । বৰ ধুনীয়া পৰিৱেশ । অফিচৰ পৰা হোষ্টেলৰ ফ্ৰম ললো। পাপাই ফিলাপ কৰিলে……মই ভেৰিফিকেচনৰ বাবে আকৌ অফিচলৈ যাব লগা হ'ল। পাপাই কলেজৰে বাহিৰতে কাৰোবাৰ লগত কথা পাতিছে। হ'য়তো কলেজ খনৰ কথায়ে কিছুমান প্ৰাত্তন ছাত্ৰক সুধিছিল……
মোৰ সকলো কাম হ'ল । জানিব পাৰিলো সোমবাৰৰ পৰাহে HS 1st year ছাত্ৰ হোষ্টললৈ আহিবলৈ অনুমতি দিছে। কিন্তু আমি থকাকৈ সকলোবোৰ বস্তু লৈ হোষ্টেললৈ আহিছিলো । গতিকে পাপাৰ লগত কথা পাতি মোক হোষ্টেললৈ পঠোৱা হ'ল। পাপাই মোক হোষ্টেলত থৈ গ'ল। যদিও হোষ্টেলত পঢ়াৰ ইচ্ছা সৰু পৰা আছিল সেইদিনা কিন্তু মোৰ জীৱনৰ আটাইতলৈ কঠিন দিনটো আছিল। মই মা আৰু পাপাৰ পৰা প্ৰথম বাৰৰ বাবে আতৰি আহিছিলো। আহিবৰ সময়ত মায়ে চকুপানী টোকা দেখি মোৰো চকুপানী ওলাইছিল।
নতুন মানুহ নতুন ঠাই। থাকিব বা পাৰিম নে নাই মোৰ বাদে নতুন চোন কোনোৱে নাই। কলেজত পৰীক্ষা হৈ আছিল । হোষ্টেলতো লৰা সেৰেঙা প্ৰায় ১০ টা মানহে আছিল। ভালো লাগিছিল সিহঁতে ৰেগিং কৰিব নোৱাৰাকৈ পাপাই আটাই কেইটাৰ আগতে মোৰ introduction পাপা থাকোতে দিয়াইছিল। সিহঁতৰ লগত চিনাকী কৰাই দিছিল। সিহঁতক দাদা বুলি ভাবিব কৈছিল আৰু সিহঁতকো নিজৰ ভাইতি দৰে মৰম কৰিব কৈছিল। সকলো বোৰ ঠিকেই আছিল পাপা যোৱাৰ পিছৰ পৰা মোৰহে মনটো ওৰুঙা ওৰুঙা লাগিছিল। এনেতে হোষ্টেলৰ দাদা এজনে মোক মাতিছিল……
: ৰিকি কি হ'লমন বেয়া নেকি ! ব'লা ওলাই যাওঁ…
: ক'ত যায় ………… বহুত ভয় খাইছিলো মই। মা-পাপাই এইদৰে লৰাই লগ ধৰিলে যাবলৈ মানা কৰিছিল। কিন্তু আজি প্ৰথম দিন । নোযোৱাকৈ থাকিব নোৱাৰো। তথাপিও……
: ব'লা গলে দেখিবা…ঐ আহ ঐ লৰা হ'ত।
ওপাই নাই লগ ধৰিলে যেতিয়া না কবৰো সাহক নাছিল মোৰ। মনে মনে ভাবিছিলো পাপা কলেজত পঢ়া হলে ভাল আছিল। যি নহওক আহিলো যেতিয়া সময়বোৰ যিমান বেয়া আহিলেও মই নিজকে নিজৰ লক্ষ্য পৰা আতৰি যাব নিদিও।
: নাই নাই নতুন লৰাটো নিব নালাগেই ঐ ভাই। বাপেকে কৈ গৈছে…… হোষ্টেলৰ কোনোবা এজনে ক'লে । মনটো বৰ ভাল লাগি গৈছিল মোৰ। ৱাহ ভগবান আছে বাছিলো। এনেতে আন এজনে……
: ঐ হ'ব দে… তই নালাগে ঐ ভাই ……এই ধদুৱা কৈইটা লগত যাব । মই হলাগ লব নাপাওঁতেই……লগে লগে আকৌ এজনে মাত দিলে ………" গোটেই কেইটা গ'লে সি কি অকলে থাকিব নেকি !"
: এ আমি কেইটাহে হে যাম । তইয়ে থাকি দিয় নেকি……অ' অকলে বেয়া পাবতো ।
: আমাৰ বেছি দেৰি নহয় দেই । আমি আহিছো থাকি দিয়া তুমি অনৱ লগতে ……পল নামৰ এজনে কৈ গ'ল। যি নহওঁক মই অকলে থাকিবলৈকো বেয়া নাপাও । কিন্তু মোৰ মা আৰু পাপাৰ সপোনটো মই শেষ কৰিব নোৱাৰো । মা ঠিকেই কয় ১২ বছৰৰ অভিগ্যতা হোষ্টেলত প্ৰায় ভাল লৰা থাকিব নোৱাৰে। যি নহওক মই কিন্তু থাকিব লাগিব । বহু আশা আৰু সপোন মোৰ এটা ভাল ৰিজাল্ট কৰা।
এনেতে মোক প্ৰায় চিন্তাত থকাৰৰ দৰে দেখি মোৰ লগত থকা জনে মোক মাতিলে…
: কি হ'ল ডেকালৰা ঘৰলৈ মনত পৰিছে নেকি ! মুখত এটা ফুটি ওঠা হাহিৰে অনৱে সুধিলে…
: মইও হাঁহি মুখে অলপ অলপ বুলি কৈ সহাৰি জনালো। অনৱ বুলি কোৱা জনে বৰ বেছি কথা নাপাতে …তথাপিও যি এটা কয় মই দেখাৰ পৰায়ে সকলোৱে সন্মত জনাই।
: বুজিছা পঢ়িব আহিছা পঢ়া। ফুৰ্টি কৰিবা কিন্তু ঘুৰি ফুৰি আমাৰ দৰে ধংস নহবা। আকৌ এবাৰ গলগলিয়া হাঁহিটো মাৰিলে অনৱে। তাৰ কথাতে যেন যাদু আছে… বগা আৰু ওখকৈ লৰাটো। বৰ শকত বুলিব নোৱাৰি যদিও ক্ষিণো নহয়। নতুনকৈ জিমত যোৱাৰ দতে চেহেৰা। কাপোৰ বোৰ বৰ আতিলকৈ পিন্ধে । মনটো সচাঁকৈ বৰ ওৰুঙা ওৰুঙা লাগিছে মোৰ…মই অহাৰে পৰা মুকলি কোঠাতে বহি আছিলো। কাপোৰবোৰ বেলেগ এজনৰ ৰুমতে সলাইছিলো । হোষ্টেলৰ চুপাৰ জন নথকা বাবে মোৰ ৰুমটো কোনটো হ'ব গম নোপোৱাকৈয়ে পাপা ঘৰলৈ যাব লগা হল। মোৱাই টিপি বিচনাত পৰি থকাৰে পৰা সি অনৱ দা মোক সুধিলে…
: ৰিকি তোমাৰ ৰুম-মেট কোন ! মানে কোনটো ৰুম দিছে তোমাক।
: নাজানো ।
: ব'লা ছাৰ আহিলে নহয় । সুধি আহো।
মই আৰু অনৱ দা হোষ্টেলৰ চুপাৰৰ ৰুমলৈ গলো। তেওঁ মোৰ সৈতে চিনাকী হ'ল । ৰিজাল্ট আৰু ঘৰৰ ঠিকনা সুধিলে। ছাৰে নতুন লৰা বোৰক যে সোমবাৰৰ পৰা মাতিছে সেইটোও ক'লে। হোষ্টেলৰ নিয়ম মোৰ অলপ আভাস দিলে…আৰু চিনিয়ৰ হিছাপে কিছু নিয়মৰ কিছু কথা কবলৈ অনৱ দাক দায়িত্ব দিলে। লগতে অনৱ দাকও কলে যাতে অকলে পাই কোনো ৰেগিং নকৰে। মই আগতিয়াকৈ অহা বাবে কোনোবা এজনৰ ৰুমতে সোমবাৰৰ লৈকে থাকিব ক'লে। সোমবাৰহে সকলোৰে লিষ্ট মাৰিব কোন কোনটো ৰুমত থাকিব পাৰিব………
মই আৰু অনৱ দা ছাৰক সন্মতি জনাই ওলাই আহিলো। অনৱ দাই মোক তেওঁৰ লগতৰ থাকিব কলে । তেওঁ বৰ্তমান অকলে থাকে ৰুমত সেয়ে মোৰ কাপোৰৰ বেগটো আৰু সকলো বস্তু দুয়োটাই তেওঁ ৰুমলৈকে আনিলো। বৰ ভাল লাগিছে তেওঁ ৰুমতে থাকিব কোৱাৰ বাবে। যিহেতু অহাৰ পৰে বহুপৰ তেওঁ সৈতে কটালো…………
এনেতে বাকি হোষ্টেলৰ দাদা কেইজন পালেহি । মোক তেওঁলোকৰ ৰুমলৈ মাতি গ'ল । সেইসময়তে মোৰ ফোনটো ৰিং কৰিছে………হয়তো মায়ে ফোন কৰিছে…।
আগলৈ………………………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
0 Comments