হোষ্টেলৰ দিনবোৰ ।
খণ্ডঃ ০৮
আজি মোৰ কলেজৰ প্ৰথমটো দিন । আজিৰ পৰা হোষ্টেলত নতুন নতুন লৰা আহিব। মোৰো নতুন বন্ধু হব । মনটো বৰ ভাল লাগিছে। ৰাতিপুৱায়ে সোনকালে উঠি গাটো ধুই ৰুমলৈ আহিলো। মাক এবাৰ ফোনটো কৰিম ভাবোতেই এটা মিচকল …মায়ে ফোন কৰিছিল। মাক ফোনটো কৰিয়ে মই ভগৱানৰ ফটোত এটা সেৱা জনাবলৈ ললো। ধুপ কেইদাল জলাইছোহে মাত্ৰ এচাটি মৃদু বতাহে খিৰিকিয়ে আহি মোৰ গাত লাগিছে। কি সুগন্ধি ধুপৰ গোন্ধই মোৰ মনটো বহু বেছি ভাল লগাই তুলিলে।
: ৰিকি হ'ল নে ?
: হৈছে ৰবা । দিগন্ত দা হোষ্টেলৰ পৰা কলেজলৈ একেলগে খোজকাঢ়ি যাম । তেওঁক ৰবলৈ কলো।
: এ মজ্জা লাগিছে বে ……
: ধুনীয়া লৰা …ধুনীয়া লাগিবই… নে কি কোৱা দিগন্ত।
: হয় হয় । আমাক আকৌ ভগৱানে ধেমালীতে বনালে নে কি কোৱা। হাঃ হাঃ হাঃ……
বলা বলা দেৰি হব এতিয়া । কলেজৰ প্ৰথম দিন , প্ৰথম ক্লাচ আৰু আজি প্ৰথম আমাৰ হোষ্টেলত নতুন নতুন লৰা হব । আগত কলেজলৈ নামভতি কৰিবলৈ আহিছিলো কিন্তু আজি প্ৰথম ছাত্ৰ হিছাপে। বহু দীঘল কলেজৰ ৰাস্তাটোৰে আমিবোৰ। শাৰী শাৰী ৰঙা ৰঙেৰে চৌপাশ জিলিকা কৃষ্ণচুড়া বোৰ। মোক আজি বগা চাৰ্ট আৰু কলা পেন্ট আৰু টাইদালৰ সৈতে নতুন ৰূপত দেখি নিজকে নিজৰ প্ৰেমত পৰিছো। জাক জাক নতুন লৰা-ছোৱালীয়ে আমাৰ কলেজৰ কেমপাচ জিলিকাই তুলিছে ……কেৱল নতুন আৰু নতুন গোন্ধ। তাৰে মাজত নিজকে পুৰনি দৰে লাগিছিল কাৰন তিনিদিন আগৰে পৰা সকলো পৰিৱেশ মোৰ চিনাকী।
সময়বোৰ এনেকৈ গৈ থাকিল । মই কলেজৰে লগৰ দুই চাৰিজনৰ সৈতে চিনাকী হলো । কথা পাতিলো তেওঁলোকো হোষ্টেলত থাকিব । মনতো কিবা আপোন আপোন লাগিছিল মনে মিলা কিছু মানুহৰ লগতে থাকিব পাৰিম । এটা সময়ত আমাৰ lunch back হ'ল । আমি খাবলৈ কলেজৰ পৰা অলপ দুৰ আতৰি আহিব লাগে। আমি কেইটা তালৈকে খোজ কাঢ়িলো। আমি খাবলৈ য'ত গৈ আছো …সেইফালে আমাৰ হোষ্টেলৰ আগৰে কমল দা দোকানলৈ আহিব লাগে। এনেতে এখন গাড়ী আমাৰ হোষ্টেলৰ গেটৰ আগত ৰখালে………আমি বোৰ একো গুৰুত্ব নিদি গৈ থাকিলো……… এনেতে………
: ভাইটি শুনাচোন …এইখন OBH হয় নে ?
৫০ মান বয়সৰ এজন মানুহে মাত দিলে। আমাৰে লগৰ মুকুলে হয় বুলি কলে।
: তোমালোক হোষ্টেলত থাকিবা নেকি ?
: নাই আমি নাথাকো …এইজন ইয়াত থাকে …আমি দুদিনমান পিছত আহিম।
: তুমি থকা ন … কেতিয়া আহিলা ……বাবা ওলাই আহচোন………
মই শনিবাৰে অহাৰ কথা কলো । মানুহ জনে পুতেকক গাড়ীৰ পৰা আমাৰ ওচৰলৈ মাতিলে আৰু মোৰ লগত চিনাকী কৰাই দিলে ।
: আমাৰ ই থাকিব তোমালোকৰ হোষ্টেলত …থাকিবা মিলি জুলি ।
: ওম থিক আছে……আমি যাওঁ খুৰা lunch back ত আহিছিলো।
: হব যোৱা । ধন্যৱাদ থাকিল।
দেখিবলৈ ধুনীয়া বাৰু ওখ আৰু খিনকৈ। বগা আৰু ডাঠ চকুৰ চেলাউৰী সৈতে তাৰ চকু দুটা বৰ ধুনীয়া কিন্তু নামটো গম নালালো। লগৰ কেইটাই কিন্তু তাক অলপো ভাল নালালে…দেউতাকে তাক মাতি আমাৰ কাষলৈ আনিলে কিন্তু সি এষাৰ মাতো নিদিলে । বৰ কিবা লৰা দেই। যি নহওক আজি লগ পাম ……
: বুজিছা ৰিকি মালটো অলপ attitude থকা।
: হোষ্টেলত নচলিব এনেকে অলপ friendly হব লাগে আমাৰ দাদায়ে মোক কৈছে । তাৰ লগৰ এটা বোলে হোষ্টেল এৰিব লগা হৈছিল।
: বাদ দিয়া অ …খোৱা সোনকালে দেৰি হব। আমি সোনকালে খাই কলেজলৈ আহিব লৈছিলোহে ……এনেতে কলেজৰ পৰা লৰা-ছোৱালীবোৰ উলাই অহা দেখিবলৈ পালো। মুকুলৰ এজন চিনাকীক সুধিলে ……
: ঐ ভাই ঐ কি হ'ল……
: চুটি দিলে ব'ল।
: আমাৰ বেগ কলেজতে আছে ……যা যা তহঁত। নতুন লৰা-ছোৱালী বোৰক আজি প্ৰথম দিনৰ বাবে সোনকালে চুটি দিলে। আমি বেগ নিবলৈ কলেজলৈ খোজ দিলো।
কলেজ পাই আমি বেগ লৈ ঘৰা ঘৰি হলো। মই মোৰ হোষ্টেললৈ । আহোতে হোষ্টেলৰ লৈকে নতুন লগ কেইজনৰ লগতে আহিলো। কিমান যে ভাল লাগিছিল নতুন চিনাকী যদিও মনে মিলা মানুহ।
: বাই বাই ……কালিলৈ লগ পাম।
: বাই ……ঠি আছে …
এনকৈ সিহঁতক বিদায় দি মই হোষ্টেলত সোমালো। হোষটেলত বহুত মানুহ । মা-দেউতাকৰ লগতে লৰা বোৰ । বহু মানুহৰ মাজতে মানুহজন আৰু লৰাটোক দেখিলো। notice board ৰ সন্মুখত ৰৈ আছে……
এনেতে সি মোৰ ফালে চকুৱে চকুৱে পৰি হাহি দিলে। মইও অলপ হহাৰ দৰে সম্ভাষন দিলো। মনতো ভাল লাগিছিল । সি আকৌ হাতেৰে মাতিলে সিহঁতৰ কাষলৈ। মই তালৈকে গ'লো।
: পালাহি …কলেজ চুটি নেকি ?…
: ওম চুটি……প্ৰথম দিন যে ……মই হাঁহি মুখে উত্তৰ দিলো।
: ১২ নম্বৰ ৰুম কত আছে । মই তাতে পৰিছো……লৰাজনে তেনেকৈ কলে……আৰু তাৰ দেউতাক আন কাৰোৱাৰ অভিভাৱকৰ লগত কথাত ব্যস্ত। মই notic board ত চালো মইও ১২ নম্বৰ ৰুমতে পৰিছো।
: কি তুমি মোৰ লগত পৰিছা……ওফ পাপা……
কি আচৰিত…… মই সচাই আচৰিত হৈ পৰিছিলো। যিটো লৰা মোক ৰাস্তাত লগ পাই নমতাকৈ আছিল এতিয়া হথাৰ্ৎ বহু আগৰ চিনাকী কৰে ব্যৱহাৰ।
: ৰবা মই কাপোৰ সলাই আকৌ আহি আছো। মই মোৰ ৰুমৰ ফালে মানে অনৱ দা ৰুমলৈ যাবলৈ ললো। যিহেতো আজিৰ পৰাহে মোৰ ৰুম হব । মনটো কিমান যে ভাল লাগিছে সচাই দিনটো ভাল আছিল মোৰ। মনে বিছৰা ৰুমমেত আৰু কলেজৰ লগ ।
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
0 Comments