হোষ্টেলৰ দিনবোৰ খণ্ডঃ ১০



হোষ্টেলৰ দিনবোৰ ।


খণ্ডঃ ১০


আমি কমল ৰোমলৈ বুলি ওলাই গলো। ৰোমলৈ গৈ দেখিলো সকলো বহি আছে । আমি যোৱা দেখি আহাঃ আহাঃ বুলি সকলোৱে  মাতিলে । কোনোবা এজনে আকৌ … ৰিকি তোমাৰ নতুন লগ পালা নেকি সুধিলে । মই হাঁহি মাৰি একো নকলো।


এনেতে হেমেনদা হত আৰু নতুন লৰাবোৰৰ সৈতে কমল ৰুমলৈ সকলো সোমাই আহিল। পৰিৱেশটো অলপ গৰগৰনি হল।  চিনাকী হবলৈ সকলোকে হেমেনদা হতে কমল ৰুমলৈ মাতি আনিছিল।


এনেতে চিনিয়ৰ সকলৰ ফালৰ পৰা ……


: ঐ তোমাকে এফালৰ পৰা নিজৰ  introduction দি যোৱা । ( সৌৰভ দাই মাত দিলে )


: হৈ হৈ অলপ মনে মনে থাকা না বে……( বিজয় দাই কোনোবা চিনিয়ৰ এজনক কৈছে ) হয় বাৰু লৰা বেছি হোৱাৰ বাবে পৰিৱেশটো অলপ বেছি হুলস্থুল হৈছে।

 

নতুন লৰা বোৰে এফালৰ পৰা নিজৰ পৰিচয় দি গ'ল ।  তাৰে মাজৰ এজন নামটো ৰেকিব । দেখাতে মুছলমান লৰা নিচিনা। পিছত গম পালো ৰেকিব আহমেদ। লৰাটো কিবা এটা ভাল লাগিছে…এনেতে মোৰ introduction দিয়াৰ পাল পৰিল।


: হব নালাগে… তুমি চিনাকীয়ে হলা ( অনৱদাই হাঁহি লগৰ বোৰৰ ফালে চাই কলে )


: নাই কোৱা কোৱা… তুমিও নতুন …তাক পুৰনা কৰিলে বেয়া পাব ন ?  ( হেমেন দাৰ হাঁহি ভৰা মাতেৰে কলে )


মই মোৰ আকৌ এবাৰ পৰিচয় দিলো আৰু সকলোৱে নিজৰ নিজৰ পৰিচয় দিলে। সঁচাকৈ হোষ্টেলত আগৰ পৰিৱেশ নাই। সকলোৱে মাজত বৰ মৰম-চেনেহৰ পৰিৱেশ। সৌতাহানিৰ ৰেগিং যেন শূন্য আজি হোষ্টেলৰ পৰিৱেশ।


এনেতে হোষ্টেলৰ চুপাৰে ৰুমত সোমালেহি…


: কি হল ৰেগিং হৈ আছে নেকি ?


: এহ নহয় চাৰ …চিনকী হৈছো  লৰাবোৰ লগত… বিজয়দাৰ গলগলিয়া মাত।


: তোক জনা আছে। কোনেও ৰেগিং নকৰিবি……… সোনকালে মিতিং ভাং………


৭ বাজিলে আমাৰ চাহ খাবৰ হল । সকলো নিজৰ চাহ আনি নিজৰ নিজৰ ৰুমলৈ গ'ল। সঁচাকৈ হোষ্টেলৰো এটা মজা আছে…… মই চাহকাপ লৈ টেবুলত বহিছো মাত্ৰ …


: অভি … ( আকৌ ৰহচ্য ভৰা মাতটো )


: অংকুৰ কিমান বাৰ কম… মোৰ নাম ৰিকি……(মই নিশ্চিত অংকুৰে মোৰ কিবা বিষয়ে জানে …নহলে…)


: যদি তুমি ৰিকিয়ে… আহমেদক কিয় চাই আছিলা…


: কি কৈ আছা । হোষ্টেলৰ প্ৰথম দিনটোতে তোমাৰ ঘৰলৈ মনত পৰি ভম বকিছা নহ……হব হব আৰু চকু আছে চাবলৈ…………মই কথা পাতলাই ফালৰি কাটিছিলো।  সিও হাঁহিলে…


: হব বাদ দিয়া………ৰিকি তোমাৰ ফেচবুক আছেনে …


: নাই তোমাৰ …


: আছে…ৰবা মই তোমাক ৰিকুৱেষ্ট পঠাইছো।


: নাই বুলি কলো চোন ……


: অহ আচ্ছা নাই ন তোমাৰ………হাঃ হাঃ পাহৰিছো……


এনেকৈ কথাবোৰ সলাই সলাই আমি বহুত কথা পাতিলো। অংকুৰক আজি চিনাকী দৰে মোৰ লগা নাই। সি কিন্তু ৰহচ্য ময়… সি বহু আগৰ চিনাকী দৰে কথা পাতিছে। বহুত ধেমেলিয়া আৰু মৰমিয়াল যদিও তাৰ ওপৰত মোৰ সন্দেহ জাগিছে…


এনেতে ৰুমৰ দৰজাত কোনোবাই টুকুৰিয়ালে…


: অনৱ দা আহক…


: আজি পৰা আৰু নতুন ৰুম পালা তেতিয়া হলে…


: ওম অনৱদা …


: ভালকে থাকিবা আৰু পঢ়িবা কিবা অসুবিধা হলে আমিতো আছোৱে…


: হয়…


: দুইটা মিলি থাকিবা আৰু ………পিছে মোৰ ৰুমমেট নহালৈকে মইহে অকলশৰীয়া হলো । এই কেইদিন তুমিয়ে আছিলা।


: ইয়ালৈকে আহক নহলে…(মই অনৱ দাক কলো।)


: হোষ্টেলৰ নিয়ম জানটো…নোৱাৰা মন গলেই য'ত -ত'ত থাকিব (ওফ বুকু সৰকি যোৱা চকুহাল আৰু এটা মিচিকি ) তোমাৰ ৰুম নাছিল বাবেহে পাৰিছিলা।


: হয় বাৰু  । (এনেকৈ বহুত কথা পাতিলো। অংকুৰক কিবা কিনি সুধিলে…এনেতে অংকুৰৰ ঘৰৰ পৰা ফোন আহিল । সি কথা পতাত ব্যস্ত। )


: ৰিকি বলা অলপ সময় থাকিবা নহলে মোৰ ৰুমত …


: ই অকলে থাকিব নহয়…


: কথা পাতিছে নহয় সি …অলপ সময় হে…


: হব বলা…  এনেতে মোৰ ঘৰৰ পৰা ফোন আহিল…


: অনৱ দা মাক কল কৰিছে……


: হব দিয়া ৰাতিপুৱা যাবা আৰু মই নহলে যাওঁ দেই…বাই


: ওম বাই…… মই মা লগত কথা পাতিলো। এনকৈ বহু সময় পাৰ হ'ল । অংকুৰে ফোন ৰাখি , বিচনাত জীৰনি লৈ আছে।

মই মাৰ ফোন ৰাখিলো , অংকুৰ বিচনা ওচৰৰ চকি খনতে বঢ়ি আকৌ আমি ইতো-সিঁতো কথা মাজত সোমাই পৰিলো । লগতে দুয়োটায়ে আগৰ কলেজৰ কথাও পাতিলো। বহুত ফ্ৰি হলো এদিনতে আমি… এনেকৈ আমাৰ ভাত খাবৰে সময় হল। আজি সোনকালে ভাত খাবলৈ মাতিলে……কাৰন বহুত দুৰৰ পৰা নতুন নতুন লৰা আহিছে , ভাগৰ লাগিছে বুলি চাগে আজি অলপ সোনকাল কৰিছে। আমি ভাত খাবলৈ গলো। মাছ দিছে নতুন বোৰে কৈছে …আহিয়ে মাছ পালো। মই কিন্তু তাৰ ওলোটা… আহিয়ে দালি ভাত … একো নাই যি পাব লাগে সকলো পালো।


: অংকুৰ হল যদি বলা …


: অ বলা অ' টোপনী ধৰিছে । ঘৰতে ভাত খোৱা দিনটো সময় নাপালো ।  ভাগৰ লাগিছে আৰু …


: আহিয়ে আমি নিজৰ নিজৰ বিচনাত পৰিলো। অংকুৰ ভাগৰ লাগিছে । সি বিচনাত বাগৰ দিলে । মই লাইটো অফ কৰি বিচনাত বাগৰি মোৱাইটো অন কৰিলো। মই data on কৰিছোহে মাত্ৰ…এটা Notivacation মোৰ বকুৰ জীউ উৰাই দিও যেন কৰিলে… মোৰ Facebookৰ  গোপন id ত অংকুৰৰ friend request । মই অলপ সাৱধানে ইকাতি কৰি তাৰ ফালে চালো।


হথাৰ্ৎ………


: অভি টোপনী যোৱা নাই নেকি ? (অংকুৰে মাত দিলে…)


: মোৰ থক-বক লাগিল…


: হব দিয়া আৰু  Facebook নাই বুলি Facebook কৰি আছা… একো নাই  gd night .


: মোৰ কেনেকুৱা লাগিছিল মই বুজাব নোৱাৰো। জীৱনৰ আটাইটতকৈ ডাঙৰ বিপদটোৱে যেন মোক হেঁচা মাৰি ধৰিছিল। ৰাতি ৰাতিটো টোপনী নাহিল । ইকাতি - সিকাতিকৈ পাৰ কৰিছো।  


বহুত ভাৱিছো অংকুৰ কোন  ? যি মোৰ গোপন id বিষয়ে কেনেকৈ জানে…নিশ্চয় সি আমাৰ গোপন জগতৰ কোনোবা এজন। নাই নাই মই তাক সহজ ভাৱে ললে নহব … মই তাক বিছাৰি ওলাম। কিন্তু কেনেকৈ…ওফ অশান্তি লাগিছে… মই ভয় কৰি থাকিলে নহব…………বহুত চিন্তা আৰু হতাশাই মোক আৱৰি ধৰিলে ……

 


আগলৈ……………




(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা  comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)

Post a Comment

0 Comments