হোষ্টেলৰ দিনবোৰ Chapter 2
খণ্ডঃ ০৪
মই তাক জোৰকৈ সাৱতি ধৰিলো। কিছুপৰ এনেকৈ থকা পিছত তাৰ হাত দুখনেও মোৰ গাত সাৱতি ধৰিলো। একো কব নোৱাৰাকৈ মই কপিবলৈ ধৰিছিলো। গোটেই গাটো তলৰপৰা ওপৰলৈকে মোৰ গৰম গৰম লাগিব ধৰিছিল। মই তাৰ চোলাটো ভিতৰেৰে তাৰ শৰীৰত স্পৰ্শ কৰিছিলো। সেই সময়ত ভয় নে উত্তেজিত হৈছিলো সেয়া ময়ো নাজানো । মাত্ৰ মই কপিব ধৰিছিলো।
সি আঁতৰি যাবলৈ…
: চাওঁ এৰা…
: তুমি বেয়া পাইছা ?
: কোনোবাই দেখিব !
: তলপ থাকা চোন ।
: নালাগে এৰি দিয়া… প্লিজ………এৰাহ………
সি মোক হাতখন আঁতৰাই দিলে । মই কিন্তু এৰি নিদিলো।
মোৰ উদ্দেশ্যই আছিল তাক অলপ হলেও বুজাই যোৱা ।
যে মই তাক বহুত ভালপাওঁ। সেয়ে এৰাই যাবলৈ লোৱা নিহাৰক জোৰকৈ সাৱতি ওঠত মোৰ ওঠযোৰ সপি দিছিলো। তাৰ কোমল গোলপীয়া ওঠযোৰ পৰশত মোৰ যৌৱনে সাৰপাই ওঠিছিলো। ক'তযে কি হৈ পৰিছিল সেয়া মাত্ৰ মই জানো। সেইবুলি মই আগুৱাই যাবও নোৱাৰো।
" মই জানো … আৱতৰিয়া ফলৰ সোৱাদ বেছি হলেও কিন্তু ক্ষণস্থায়ী "
মই কিন্তু নিহাৰক আৱতৰিয়া হব দিব নোৱাৰো।
" লাগিলে সি দুদিন পলমকৈ আহক , কিন্তু সদায় থকাকৈ আহক। "
এনেতে ঘৰৰ বাহিৰত গাড়ীৰ হৰ্ন শুনিলো। মই নিহাৰক এৰিদিলো সি নিজৰ কাপোৰ যোৰ ঠিক কৰি ললো। মই আকৌ ভদ্ৰ আলহিৰ দৰে বহি আছো। সি বেচেৰাই লাজতে মচমচ গৈছিল যদিওঁ সহজ হবলৈ চেষ্টা কৰিলে। মইও তাক সহযোগ কৰিলো।
এনেতে নিহাৰৰ মাক আৰু তাৰ ভনীয়েক সোমাই আহিল। অচিনাকি যদিও নিহাৰৰ মাকে মোক মাত দিলে।
: বহিছা…
: হয় খুৰী…
: মই আহি আছো ৰবা হা… মই অলপ ফ্ৰেচ হৈ আহো স্কুল গৈছিলো।
মইও হব বুলি কলো। নিহাৰে মোৰ ফালে চাই হাঁহিলে। সঁচাকৈ তাৰ হাঁহিটোত যেন কিবা এটা আকৰ্ষণ আছে। মনতে ভাৱিলো
" নিহাৰ মইতো তোক নিজৰ কৰিহে এৰিম। "
কিছুসময়ৰ পিছত নিহাৰৰ মাক আহি মোৰ ওচৰতে বহিল। বহুত ভাল মানুহ । কোনে কয় টকাই মানুহক অহংকাৰী কৰে কথাষাৰ যে মিছা তাৰ উদাহৰণ কিন্তু নিহাৰৰ পৰিয়ালটো । মোৰ বিষয়ে তেওঁ বহুত কথা সুধিলে। নিহাৰক কেনেকৈ চিনিপাওঁ আৰু বহুতো। তেওঁ মোক নিহাৰক ইমানখিনি সহায় কৰা বাবে ধন্যৱাদ জনালে। লগতে নিহাৰকো দিলে নহয় গালি এটা ……
: আমাৰ ই আক মানুহ মাতিব নাজানে বুজিছা । দেউতাকে কৈ কৈ ভাগৰি গৈছে। নাই আমাৰ লৰাটো মুৰত একো নোসোমাই……ছোৱালী জনী কিন্তু এনেকোৱা নহয়। দেখিলা নহয় চিনি নাপায় যদিওঁ তোমাক মাতদি গৈছে। সৰুৱে পৰা নো কি শিকালো , কি জ্ঞান লগে। আইতাকৰ দৰে হ'ল বুজিছা। আজি আইতাক নাই নহলে লগ পালা হয়।
বৰকৈ হাঁহিলো মই। সঁচাকৈ বৰ খোলা অন্তৰৰ মানুহ দেই । নিশ্চয় দেউতাকো বহুত ভাল হব। পিছে খুৰী লগত কথা পাতি আৰু এটা কথা গ'ম পালো ঘৰখনত বোলে আইতাকৰ ৰাজত্ব চলে। নিহাৰ আইতাকৰ কলিজাৰ এফাল । পশ্চিম ফালে সূৰ্য উদয় হয় বুলি কলেও নিহাৰ কথাতে মান্তি হয়। বৰ আলসুৱা লৰাটো।
গতিকে খুৰীয়ে এদিন আইতাক থকাত তেওঁলোকৰ কোৱাটাৰত আহিবলৈ কলে।
খুৰীয়ে কৈ গ'ল আইতাক থকাত আহিলেহে বোলে তেওঁলোকৰ ঘৰত থকা মেইন মজাটো পায়। অৱশ্যে Invitation পাই মোৰো বহুত ভাল লাগিল । এতিয়াটো এইখন ঘৰলৈ মই আহিয়ে থাকিব লাগিব।
এইবাৰ তেওঁ মোক চাহ খাবলৈ যোৰ কৰিলে। মই কলোঁ মোৰ অহা সময় হ'ল খুৰী…নিহাৰে মোক চাহ বনাই খোৱালে নহয় আৰু নাখাওঁ । তেওঁ আচৰিত হৈ ইমান বেছি হাঁহিলে।
তেওঁ হাঁহি হাঁহি কলে……
: নিহাৰ এটা মানুহ পাকঘৰৰ লগত তাৰ কোনো সম্পৰ্কই নাই। Dyning টেবুলত খোৱা আগত নবহা লৈকে আজিৰ সাজ কিহেৰে আছে সি গমেই নাপায়। তোমাক সি চাহ বনাই খোৱালে। লাজ কৰিব নালাগে ৰবা মই কৰোগৈ তোমালোক কথা পাতা……
খুৰী চাহ কৰিবলৈ যোৱাৰ ঠিক পিছতে নিহাৰো মোৰ কাষৰ পৰা আতৰি গৈছিল। মই অকলশৰীয়া হৈ পৰিলো।
লাহে লাহে সময়বোৰ গধূলি হৈ আহিছিল । তাতে বৰষুণৰ বতৰ সোনকালে গধূলি হোৱাৰ দৰে হ'ল । পাপাই ইমান দেৰি হোৱা বাবে চিন্তা কৰি মোক এটা ফোন কৰিলে… মইও সোনকালে গৈছো বুলিয়ে জনালো।
খৰ-ধৰকৈ খুৰীয়ে চাহ আনিলে । অৱশ্যে মই তেওঁক চিন্তা বঢ়োৱা দৰেহে হ'ল … ইমান বৰষুণত তুমি যাবা কেনেকৈ ? অসুবিধা নহলে থাকি দিয়া বুলি কলে।
কিন্তু মই থাকিব নোৱাৰো । মই জানো " চাহিদা তুলনাত যোগান বৃদ্ধি হ'লে বস্তুৰ মূল্য কমে " মই নিহাৰৰ কাষত যিমানে Avilable থাকিম নিহাৰ সিমানে আতৰি থাকিব। সেয়ে মই থাকিব নোৱাৰিম বুলি কলোঁ।
মই নাথাকো বুলি কলত এইবাৰ নিহাৰেও মোক যোৰ কৰিবলৈ ধৰিলে। কালিলৈ হেনো সি মোক নিজে আগবঢ়াই থবলৈ যাব । মই তাৰ চকুযুৰিলৈ চালো অলেখ হেঁপাহ তাৰ। কিন্তু মোৰ এতিয়াও সন্দেহ আছে এয়া "ভালপোৱা নে বন্ধুত। "
সেয়ে সকলোৱে যোৰ কৰা পিছতো মই বৰষুণতে যাবলৈ ওলাই আহিলো। নিহাৰো ছাতি এটা লৈ মোক গলিটো আগবঢ়াই দিবলৈ আহিল। চৌপাশে আন্ধাৰে আৱৰি ধৰিছে। জেপজেপীয়া বৰষুণত ২ নং গলিটোত একে বাৰে শূন্যতা কেৱল নিহাৰ আৰু মই । সি আকৌ এবাৰ অনুৰোধ কৰিলে…………
: তুমি থাকিব পাৰিলা হয় । মাও থাকিব কৈছিল……
: আজি নাথাকো দিয়া।
: তাৰ মানে তুমি আকৌ আহিবা।
: তোমাৰ মতে কি আৰু আহিব নালাগে ?
: হেই কিনো কোৱা……… সি আকৌ হাঁহিলে। সি হাঁহি থাকিলে তালৈ মোৰ বহুত মৰম লাগে।
নিহাৰক মই প্ৰেম হিচাপেই পাব বিছাৰো বন্ধুত্ব নহয়। মই সেই সৰু কথাটোকে তাক এবাৰ বুজাব বিছাৰো। বয়সত সি বহুত সৰু… হয়তো মুখৰে কলে সি বুজি নাপাব । সেয়ে তাক সুধিলোঁ……
: তোমাক এটা চুমা দিব পাৰোনে ?
সি একোৱে নকলে । মই নাজানো এইবাৰ সি মনত কি ভাবিছিল। তাৰ সেই মুখত জিলিকি থকা পলকতে মন মুহিব পৰা সেই তাৰ হাঁহিটো নাই। তিৰবিৰাই উঠিছিল তাৰ চকু দুটা । উদাস হৈ পৰা মনটো মই তাৰ চকুযুৰি চাই বুজিছিলো । সেয়ে আগলৈ কি হব একো নাভাবি… মই নিহাৰক যাব সময়ত ওঠযুৰিত আকৌ এটা চুমা আকি দিলো।
সি একো নকলে … সেয়ে তাৰ ওঠযোৰত লাহেকৈ কামুৰি মোৰ জিভাখন ভিতৰলৈ সোমাই দিছিলো। নতুনকৈ যৌৱনত সোমোৱা কোমল ওঠৰ পৰশে মোক আৰু আন কিবা কিবিয়ে বিছাৰিবলৈ দিছিল। মই নিজকে সংযম কৰিলো।
মনতে ভাবিলোঁ ৰাতিটো থকা হ'লে আজি বহুত কিবা-কিবিয়ে হৈ গ'ল হয়। যদি তাৰ বিপৰীতে নিহাৰ আতৰি গ'ল হয়।
"এখোজ এখোজকৈ আগবঢ়াৰো এটা মজা আছে। যদি প্ৰিয়জন কাষত থাকে। " সেয়ে নিহাৰক অলপ সময় দিয়াৰ প্ৰয়োজন । সিওঁ বুজি উঠক , মই তাৰ বাবে সকলো কৰিব পাৰো। মই যে তাক হেৰাব নিবিচাৰোঁ। তাক নিজক কৰিব বিছাৰো।
নিহাৰ মাত্ৰ মোৰ। ❤️
বৰষুণ জাক দপদপকৈ দিছিল । ছাতিটোতে সোমাই দুয়োটাই নিজক বচাবলৈ চাইছিলো। ইতিমধ্যেই আমি তিতি জুৰুলিজুপুৰি হৈছিলো। মই তাক ঘৰলৈ যাবলৈ কলোঁ সি একো মাতে নিদিলে। মই তাৰ চকুযুৰিলৈ চালো আৰু মইও তাৰ কোনো উত্তৰলৈ অপেক্ষা নকৰি Bike খন start কৰি তাৰ ফালে ঘুৰি নোচোৱাকৈ গুচি আহিলো ।
Street light পোহৰত side mirror দেখিলো মই নেদেখা হোৱালৈকে নিহাৰে মোৰ ফালে চাই ৰৈয়ে আছিল।
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড
পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
3 Comments
Mojjaa
ReplyDeleteইমান সুন্দৰ কাহিনী।
ReplyDeleteপঢ়ি বহুত ভাল লাগিছে।
পৰৱৰ্ত্তী খণ্ডটোলৈ অপেক্ষা থাকিল।
Bohut val lagile nxt part 😊♥️
ReplyDelete