হোষ্টেলৰ দিনবোৰ Chapter 2
খণ্ডঃ ০৩
নিহাৰৰ কথা মানি মই , নিহাৰ হতৰ কোৱাটাৰলৈ আগবাঢ়িলো । বৰ্তমান আমি …অৰ্থাৎ নিহাৰ আৰু মই সিহঁতৰ দুৱাৰ সন্মুখত।
কলিং বেলটো কেইবাবাৰো বজোৱা হ'ল , কোনো ওলাই নাহিল। নিহাৰে এইবাৰ মোক তাতে ৰবলৈ দি পিছফালৰ খিৰিকীৰে মাকক চিঞৰিব লাগিল।
মাকক সি বহুত বাৰ চিঞৰিলে । কোনো ওলাই নাহিল। তাৰ আকৌ চিন্তা বাঢ়িল মাক আৰু আইতাক ক'ত গ'ল। বেচেৰা কন্দনামুৱা হৈছিল। অৱশেষত ওচৰৰ কোৱাটাৰৰ খুড়ী জনীয়ে মাত দি ক'লে তাৰ মাক স্কুলৰ পৰা ভনিয়েকক আনিবলৈ গৈছে। চাবি পাত তেওঁৰ ওচৰত দি গৈছে। আইতাকো বোলে পুৰনি ঘৰলৈ গ'ল।
কথাষাৰ শুনি খন্তেকতে মোৰ মনত বসন্তই জোৱাৰ তুলিছিল। ভাবিবলৈ বাধ্য হৈছিলো ৰাতিপুৱাইনো কাৰ মুখ দেখিছিলো। ফুল-চন্দন পৰক দেই তেওঁৰ মুখত।
নিহাৰে খূৰীজনীৰ পৰা চাবিপাত লৈ গেটখন খুলিলে। সি মোক ভিতৰত বহিবলৈ দিলে। অৱশ্যে মোৰ ভালে লাগিল তাক আৰু কিছু সময় কাষতে পাম । সি আকৌ মোৰ বাবে চাহ কৰিবলৈ গ'ল। মই ইমান ক'লো…মই চাহ নাখাওঁ … নাই সি নামানে…
তাক লগপোৱাৰে পৰা মোৰ এনেকুৱা লাগিছে সি যেন মোৰ বহুত আগৰে চিনাকি।
৫ মিনিটত ১০ মিনিটতকৈ বহু সময় পাৰ হৈ গৈ থাকিল… নিহাৰৰ কোনো দেখা দেখি নাই । মোৰ আমনিও লাগিব ধৰিছে। মানুহ নোহোৱাকৈ এনেদৰে অকলশৰে বহি থকাৰ অভিজ্ঞতা মোৰ প্ৰথম বাৰ হৈছিল। শেষত উপাই বিহিন হৈ তাক চিঞৰিলো……… নাই তাৰ কোনো খবৰ নাই। এনেদৰে আলহীক বঢ়াই পলাই দিয়া মানুহ মই প্ৰথম বাৰ লগ পালো।
মই আৰু দুবাৰ মান চিঞৰিলো ……নাই তাৰ কোনো মাতবোল নাই। এটা সময়ত মই ভাবিবলৈ বাধ্য হৈছিলোঁ। ইয়াত আৰু কিছুপৰ কটাবলৈ হ'লে মোৰ বিপদ নিশ্চিত।
নিহাৰৰ মাক স্কুলৰ পৰা আহি যেতিয়া মোক দেখিব , মানুহ নথকা ঘৰত মই কেনেকৈ আহিলো …কোন হ'য়… হয়তো কিমান প্ৰশ্ন উত্তৰ দিব লাগিব সেয়া মই নাজানো। তাতে নিহাৰো মোৰ লগত নাই। এইবোৰ বহুত কথা ভাবি মই যাওঁ নাযাওঁকৈ বাহিৰলৈ ওলাই আহিলোঁ।
মই সিহঁতৰ বিল্ডিংৰ বাহিৰলৈ ওলাই আহিছিলো হে…………
ভিতৰৰ পৰা চিঞৰি চিঞৰি নিহাৰ ………
: অই … দাদা ক'ত গুচি যোৱা…………… মই কোৱা নাছিলো চাহ কৰিছো। কিয় গুচি গৈছা তুমি……
ৰক্ষা……মই সি বেয়া নাপাওঁক বুলিয়ে এইবাৰ মিছা মাতিলো।
: ধেইৎ কি কোৱা ! বাহিৰ খন চাবহে আহিলো। বহুত ধুনীয়া দেই……
সি মোক আকৌ ভিতৰলৈ লৈ গ'ল। এইবাৰ কিন্তু মই কৈ দিলো আকৌ এৰি নাযাবা দেই…… সি আকৌ হাঁহিলে…………
সঁচাকৈ তাৰ যে এই কেঁচা হাঁহিটো আৰু চকুহালৰ মই বাৰে বাৰে প্ৰেমত পৰিছো।
এইবাৰ সি মোক খাবলৈ চাহ আগবঢ়াই দি ক'লে …খোৱা তোমাৰ বাবে বনাইছো। তাৰ হাঁহি ভৰা মুখ খনিলৈ চাই মইও আকৌ হাঁহিলো। তাৰ হেঁপাহ দেখি মোৰ যে মনটো কেনেকুৱা লাগিছিল মই আজিও বুজাব নোৱাৰো।
প্লেটখনত যিমান পাৰে সি মিঠাইৰে হেচি হেচি ভৰাই আনিছে সি । Gym যোৱাৰে পৰা মিঠাই মই প্ৰায়ে নাখাওঁ। তাৰ আগ্ৰহ আৰু হেঁপাহে মোক বাধ্য কৰাইছিল।
মই অবাক হৈ পৰিছিলো…কপাহৰ দৰে বগা হাত দুখন গোটেই ৰঙা ৰঙা দাগ । কি হ'ল সোধাত সি ক'লে Bread সেকোতে অলপ জুইয়ে তাক ধৰিছে। Colgate সানি বগা কৰি আনিছে। মই তাক কি কম ভাবিয়ে নাপালো…
বহুত আগৰ চিনাকি হোৱা হলে আজি বহুত গালি দিলো হয় …যদি লগৰ হ'ল হয় …দুটা কাণতলীয়া দি আকৌ এবাৰ শিকাই দিলো হয় সৰু কামতো ইমান নোৱাৰা হৈ কেনেকৈ থাকে।
মই ক্লাচ V পৰাই নিজে বনাবলৈ শিকিছো। মোৰ তেতিয়াৰ বয়সৰ তুলনাত নিহাৰৰ বয়সে হ'ল। অৱশ্যে তাক দুখ দি একো লাভ। সকলোৱেতো মুখত সোনৰ চামুচলৈ জন্ম পোৱা নাই।
সিতো মোৰ দৰে অভাৱ অনুভৱ কৰা নাই………এটা সুখি পৰিয়ালৰ অভাৱ মই সৰুৱে পৰা কৰিছিলো। মোৰ বাবেই পাপা আকৌ এবাৰ বিয়াতে নবহিল। মা নোহোৱাৰ পিছত পাপাক পৰিয়ালৰ মানুহে কম যোৰ কৰিছিল নে ? পৰিয়ালৰ অমতত হোৱা বিয়াৰ পৰিনাম পাপাই বোলে পাইছে । আমাৰ লগত আমাৰ পৰিয়ালৰ কাৰোৰে বিশেষ সু-সম্পৰ্ক নাই। আপোন বুলিবলৈ পাপা বন্ধু বোৰৰ পৰিয়াল বোৰহে আছে ।
বাকি কাৰোবাৰ পৰিয়াল কথা যেতিয়া শুনো ভগৱানক বৰকৈ দুখো। সেই সুখৰ ভাগ যে আমি কেতিয়াও নাপালোঁ। বৰ্তমান বাৰু মোৰ লগৰ বোৰৰ পৰিয়াল বোৰৰ লগতো পাপাৰ এটা ভাল সম্পৰ্ক হৈছে। লগৰ বোৰৰ মাক বোৰৰ পৰা মইও মা অভাৱ পুৰাবলৈ চেষ্টা কৰো। কিন্তু মা সদাই মায়ে। নিজৰ মা অভাৱনো কেনেকৈ পুৰাম। ধেইৎ কথাবোৰ কৰবালৈকে ভাবি পেলালো………
মই তাক বুজালো নিশিকাকৈ আৰু একো কামত হাত দিব নালাগে। ঘৰত মানুহ নথকাত এইবোৰ নকৰিবা। মই বুজিছিলো সি যে একো কামৰে মানুহ নহয়। সাধাৰণ কাম খিনিতে এই অৱস্থা। চাহ বনাবলৈ এক ঘণ্টা যে প্ৰয়োজন আজি প্ৰথম দেখিলো । মই তাক একো নকলো। বহুত সৰু তাতে প্ৰথম লগ কমনো কেনেকৈ……
এইবাৰ চাহকাপ মুখত দিয়ে মই আচৰিত হৈ পৰিলো । এনেকুৱা সোৱাদৰ চাহ মই মোৰ জীৱনত কেতিয়াও খোৱা নাই। সোৱাদটো ঠিক এনেধৰণৰ …চাহকাপ একেবাৰে চেঁচা , অধ্যাধিক চেনি দিয়া আৰু বেছিকৈ দিয়া চাহৰ তিতা ।
: চাহ খাই ভাল পাইছানে ?
: ওম বহুত ধুনীয়া বনাইছা …… মিছা প্ৰশংসা কৰা মোৰ অভ্যাস নাই । কিন্তু প্ৰথম বাৰ ইচ্ছা বিৰুদ্ধে কাৰোবাক নিজৰ কৰাৰ হেঁপাহত বাধ্য হৈ পৰিছিলো।
: আৰু অলপ লবা নেকি আছে বহুত……
: নাই নাই নালাগে…চাহ মই কমকৈয়ে খাওঁ। কোনো মতে মই আকৌ চাহ দিয়াৰ পৰা বাচিলোঁ। মিছা প্ৰশংসাও কিন্তু ভয়ংকৰ।
চাহৰ সোৱাদ সোধাৰ লগতে …তাৰ সেই কোমল মাতটোৰে সি কৈ গ'ল.... আজি হেনো সি প্ৰথমবাৰ আলহীক চাহ বনাই খোৱাইছে। এনেই সি সকলো জানে , কিন্তু সময় কম পাই বাবেহে সি নকৰে ।
সি যে আৰু বহুত dish জানে …YouTube ত চাই শিকি থৈছে । অহাবাৰ যেতিয়া মই আকৌ আহিম তেতিয়া সি বুলে নিজে বনাই খোৱাব । লগতে সি কৈ গ'ল তাৰ মাকে সি বনোৱা Dish খাই বৰ বেয়াপাই … কিন্তু দেউতাকে আকৌ বহুত বেছি ভালপাই। আজি পৰা সি বনোৱা বস্তু খাই ভালপোৱা মানুহ আৰু এজন বাঢ়িল তাকো সেইজন বোলে মই।
মই তাৰ মুখলৈ চাই সৰল মনৰ কথাবোৰ শুনি শুনি এই বিকট চাহকাপ কেতিয়ানো খাই শেষ কৰিলো গমেকে নাপালোঁ। দেৰি যোৱা Bread কেইখনৰ সৈতে সৰহকৈ লগাই দিয়া butter বোৰে মোৰ পেট পকাই ধৰিছিল। উপায় নাই খাবতো লাগিবই…………
এতিয়া মোৰ নিহাৰৰ দেউতাকক চোৱাৰহে হেঁপাহ জাগিল। সাধাৰণ চাহৰ সোৱাদ সলনি কৰা পুতেকৰ বিখ্যাত ৰেচেপি সহ্য কৰিব পৰা মহান দেউতাক কিন্তু কম সাহসী হব নালাগিব। বিশ্বাস কৰা… দ্বিতীয় বাৰ আৰু মই নিহাৰ হাতৰ সোৱাদ লবলৈ মোৰ অলপো সাহস নাই।
কথাবোৰ শুনাৰ পিছত তাক আকৌ অলপ মই প্ৰশংসা কৰিলো। কম সময়তে ধৰিব পাৰিছিলো প্ৰশংসা কিন্তু সি বহুত ভালপায়। চাহৰ তিতা যিমানে নহওক তাৰ কিন্তু হেঁপাহবোৰ মৌ তকৈ মিঠা ।
আমি দুয়োটাই বহুত কথা পাতিলোঁ। সি কথা বহুত কম কয়। তাৰ কথাৰ মাজতে মই জানিব পাৰিলো তাৰ বন্ধু সংখ্যাও বহুত কম।
অৱশ্যে মই আকৌ নতুন বন্ধু বনাই বহুত ভালপাওঁ। সি তাৰ বিপৰীত সহজে কোনো মানুহকে বোলে বৰ আপোন হোৱাটো নিবিচাৰে , কিন্তু মোৰ লগত একো নভবাকৈয়ে বহুত আগৰ বন্ধুৰ দৰে হৈ পৰিল। সেয়া সি নিজেই কৈছে।
অৱশ্যে নিজৰ ওপৰত সিমানখিনি বিশ্বাসো মোৰো আছিল মইও বিছাৰিছিলো তাক নিজৰ কৰি পোৱা।
" সফল কিমান হওঁ নাজানো কিন্তু মই বিফলো হব নোখোজো। "
কথাবোৰ এনেদৰেই আগবাঢ়ি গৈ থাকিল। বৰ্তমান এইবাৰ সি এইবাৰ মেট্ৰিক দিছে। কথাৰ মাজতে গ'ম পালো তাৰ বোলে এজনী ধুনীয়া Girl friend ও আছে। কথাটো জানি এপলকৰ বাবে মনটো অলপ বেয়া লাগিছিল অথাপি চেষ্টা কৰাটো মোৰ প্ৰথম কাম। ইমানে মৰম দিম যেসি সকলো পাহৰি মোৰ কাষতে থাকিব। মনৰ পৰা বিছৰা বস্তু বুলে ভগৱানে দিয়ে। মই কিন্তু বহুত বাৰ পাইছো গতিকে ভগৱানক বিশ্বাস কৰো।
কথা পাতি পাতি মই ইমান খিনিতো বুজিব পাৰিছো । সি যে এপাহ নুফুলা ফুল য'ত , পোহৰ কেতিয়াও সোমাব পৰাই নাই আৰু মই পোহৰ হব লাগিব।
মই তাৰ হাতখন খামোচি ধৰিলো। তাক সুধিলোঁ ……
: মনত পৰিবনে মোক……
: নাজানো নহয় পৰিবও পাৰে… ।
ভাবোঁ কিবা কয় কিবা…………
মই বুজিছিলোঁ তাৰ মনত মোৰ প্ৰতি প্ৰেম অলপো নাই। মই তাৰ হৃদয়ত প্ৰেমৰ বীজ সিচিব লাগিব। হয়তো এইখন পৃথিৱীৰ বিষয়ে সি অলপো নাজানে। মই তাক শিকাব লাগিব।
মই বহুত সাহস গোটাই এইবাৰ তাক সুধিয়ে পেলালো…এবাৰ এটা Hug কৰিব পাৰোনে ?
সি একো নকলে ……তাৰ মুখত ফুটিথকা মিচিকিয়া হাঁহিটোৱে হয়তো মোক নিশ্চয় বুলি জনাইছিল। মই অলপ পলম নকৰি তাক জোৰকৈ সাৱতি ধৰিলো। কিছুসময় বাবে মই শূন্য হৈ পৰিছিলো। মোৰ বুকুত এক শিহৰণ জাগ্ৰিত হৈছিল। মই অধৈৰ্য হৈ তাৰ ওঠত এটা চুমা আকি দিলোঁ……………
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড
পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)

0 Comments