হোষ্টেলৰ দিনবোৰ ।
খণ্ডঃ ২০
আমি খোজকাঢ়ি মধুপুৰ শ্মশানৰ ভিতৰলৈ সোমাই আহিছো। ইমান এটা ডাঙৰ চৌপাশ ৰিকিৰ দেউতাক হ'ত কোনফালে গ'ল ধৰিবই পৰা নাই । মোৰ থৰক-বৰক খোজৰে মই আৰু বিজয় তেওঁলোক যোৱা বাটেৰেই আগুৱাই গৈ আছো…… অনুভৱ কৰিছো বুকুত এটা ভয়ংকৰ বিষ…… নাজানো সেয়া ভয় নে হতাশা ?
বিজয়ে বোলে দুৰত কিবা কিবিহে দেখিছে। তাৰ আৰু ৰিকিক বিচাৰি ফুৰাৰ ইচ্ছা নাই… সি মোক ক'লে " আমি ৰিকিক বিছাৰি শ্মশানত ঘুৰি থাকি একো লাভ নাই । সি যদি মোক পাহৰি যদি সুখি হব পাৰিছে মইও তাক পাহৰি যোৱাহে ভাল । "
মোৰ চিধা কথা …বিজয়ক মই কৈ দিছো । তাৰ যদি ইচ্ছা নাই নালাগে। মই কিন্তু ৰিকিক লগ নোপোৱাকৈ মধুপুৰৰ পৰা ওলটি নাযাওঁ। বহুত আশা বুকুত বান্ধি হেৰুৱা প্ৰিয় মানুহ জনক বিছাৰি আহিছো।
কিছুপৰ ঘুৰি-পকি থাকোতেই হঠাত্ আমি ৰিকিৰ দেউতাকক দেখিলো……… দুচুকুত মোৰ আশাৰ ৰেঙনি … খৰাং হৃদয় এপাহি কাঞ্চন ফুলিল । মনতে কৈছো এইপাহি মাথোঁ তোমাৰ বাবে ৰিকি !
মই আৰু বিজয় তেওঁৰ কাষলৈ আগবাঢ়িলো… কেইখোজ মানৰ অন্তত… মই আৰু বিজয় ৰিকিৰ দেউতাকৰ একেবাৰে কাষত থিয় দিলো। বুকুখন ধপধপাই উঠিছে মোৰ ।
ৰিকিৰ দেউতাৰ ওচৰতে নসাজেৰে সজাই থোৱা আছে মোৰ প্ৰিয় মানুহজনক……………
নাজানো এয়া কিহৰ আয়োজন। কপালত চন্দনৰ ফোট…মুৰত তুলসী মালা …গাত বগা চেলেং…নাকত বগা কপাহ………
ওফ কি দেখিছা বিজয়……! নিজৰ চকুক বিশ্বাস নকৰি , চকুৰ আগতে আকৌ এবাৰ বিজয়ক সুধিছো…… কিবা হেৰাল নেকি মোৰ বিজয় ?
বিজয়ে মোক একোকে নকয়…… বাৰে বাৰে সুধিছো তাক……বিজয় বিপদত অকলে এৰিছা নেকি মোক ? নাই বিজয়ে মোক একোকে নকয়……
ৰিকিৰ দেউতাকক সুধিছো " অ খুৰা কিবা হেৰাইছো নেকি মই……" নাই কোনোৱেই মোক একোকে নকয়।
জোৰকৈ চিঞৰি চিঞৰি সুধিছো এনেকুৱা কিয় কৰিছা ৰিকি …… তোমাক বাদ দিলেই যে মই ঘোৰ অকলশৰীয়া……………
প্লিজ ৰিকি বহুত ভালপাওঁ অ তোমাক………প্লিজ ঘুৰি আহানা………আশাবোৰ এনেকৈয়ে থাকি ৰৈ যাব নিদিবা।
বহুত আশা বান্দি তোমাক চাবলৈ মই অৰ্ণৱদা আহিছো। অ ৰিকি চোৱা না… মই অৰ্ণৱ আহিছো। বিজয়ো আহিছে চোৱা…… চোৱানা মই বিছাৰি বিছাৰি কেনেকৈ আহিপালো………
অ' ৰিকি কি হৈছে কোৱানা বাবা…… প্লিজ মই ভুল কৰিছো নেকি ?
অ ৰিকি… প্লিজ বাবা চোৱানা………… প্লিজ মাতানা এবাৰ।
মাত্ৰ এবাৰ……মাত্ৰ এবাৰ চোৱানা………… !
: ৰিকিয়ে একোকে নামাতে কিয় খুৰা……? অই……অই ৰিকি উঠানা………
ৰিকিৰ দেউতাকে চিঞৰি চিঞৰি উত্তৰ দিছে ……নাহিব কোৱাৰ পিছত কি ৰং চাব আহিছা তোমালোক । মই মোৰ একমাত্ৰ লৰাটোক শান্তিত থবলৈ আহিছো। নাহিবা …কোনো নাহিবা……… মোক মোৰ লৰাটোক মোৰ লগতে কিছুপৰ থাকিব দিয়া…… চকুপানী সি বেয়াপাই ……কান্দি-কাটি নাহিবা …তোমাক বোলে সি বহুত বেছি ভালপাই…… তুমি যে আৰু ভুলতো নাকান্দিবা……
চণ্ডালৰ মন্ত্ৰৰে বিদায় দি মোৰ ৰিকিক খৰি দিয়া হ'ল । টিঙে টিঙে ঘিঁউ ধালা হ'ল । দপদপাই জ্বলিছে সি। জীয়াই সি জীয়াই জ্বলাইছে মোক।
: চোৱানা বিজয়……খুৰা চাওঁকচোন…চিতা খনলৈ চাওঁক……সস্তীয়া বিশ্বাসবোৰ মোৰ কেনেকৈ জ্বলিছে…… জীয়াই থকাৰ আশা কেনেকৈ ধুৱাইছে… মূল্যহীন হেঁপাহবোৰ কেনেকৈ উৰিছে ………প্লিজ নোচোৱা কিয় ?
ইমান ফোন কৰা পিছতো কোনোও সহাৰি নিদিলে কিয় ?
তাক মই এবাৰ এটা কথা সুধিবলৈ বৰ আশাৰে আহিছিলো … " সঁচাই সি ভাল পায়নে মোক ? "
অভিশাক দিছো তাক…………… মোক জ্বলাই জ্বলাই মাৰিছে সি………
: মোক জ্বলাই জ্বলাই কি পাবি ৰিকি……নামাতোঁ বুলিয়েতো একো নোকোৱাকৈ গুচিয়ে গ'লি। ভশ্ম চিতাক সাক্ষী কৰি অভিশাপ দিছো তোক… জনমে জনমে আৰু কেতিয়াও সঁচা ভালপোৱা কি বিছাৰি নাপাবি……… বাৰে সুধিবলৈ চেষ্টা কৰিছিলো… কি হৈছে প্লিজ এবাৰ কোৱানা ৰিকি ?
তোমাক মই কেতিয়াও ক্ষমা নকৰো ……সঁচাকৈয়ে পতাৰক তুমি । যোৱাগৈ তুমি ……বহুত দুৰ যোৱাগৈ…… খৰাং পৃথিৱী কলহৰ পানী সিচি বৰষূণৰ সপোন দেখুওৱা মানুহ তুমি……
স্বাৰ্থপৰ… বহুত স্বাৰ্থপৰ অ' তুমি।
বহুত চেষ্টা কৰিও মই অৰ্ণৱক ৰখাব পৰা নাই। মানসিক ভাৱে বহুৰ ভাগি পৰিছে । নাজানো কি হৈছে তাৰ……বহুত বমি কৰিছে আৰু উশাহবোৰ ঘনহৈ আহিছে।
ৰিকি দেউতাৰ লগত যোৱা বহু কেইজন মানুহে আহি অৰ্ণৱৰ চোৱা-চিতা কৰিছে। ৰিকি শেষ বিদায় নিদিয়াকৈয়ে ৰিকিৰ দেউতাৰ লগত যোৱা দাদা এজনৰ গাড়ীতে আৰু এজন মানুহৰ লগত মই অৰ্ণৱক Nogaon Metro Hospital ত admit কৰিলো।
অৰ্ণৱৰ ঘৰলৈও খবৰ দিয়া হ'ল । দেউতাক খুৰাকহঁত আচৰিত হৈছে কাকোৱে ঘৰত নোকোৱাকৈ অৰ্ণৱ নগাঁওলৈ গ'ল কেনেকৈ।
বিশ্বাস কৰা কাকো উত্তৰ দিব পৰা অৱস্থাত নাই। অৰ্ণৱ অসুস্থ আপোনালোক কোনোবা কেইজনমান আহক বুলিহে মাত্ৰ মই তেওঁক খবৰটো দিছো… কিন্তু দুখেৰে জনাও যে হৃদযন্ত্ৰ বিফল হোৱা বাবে মই আৰু অৰ্ণৱক জীয়াই ৰখিব নোৱাৰিলো ।
হয় মইয়ে সেই পৃথিৱীৰ আটাইতকৈ দুৰভগীয়া আৰু সাহসী মানুহ জন । যি নিজ চুকুৰ আগতে দুটি জীৱন , এটি কাহিনী আৰু দুখন জিলাত দুটি সামাধিৰ সাক্ষী হৈ ৰ'লো।
..................……………………………………………………
সময়বোৰ এনকৈয়ে পাৰহৈ গৈ থাকিল…… বহুত ঘাট-প্ৰতিঘাতৰ মাজত মই Civil Engineering Complete কৰিলো। অৱশ্যে সিহঁতক হেৰুওৱা পিছতে মই হোষ্টেলো এৰিলো। পুলিচত যে চাকৰিটো পাইছিলো তাতো মোৰ যোৱা নহল। যদিওঁ Engineering complete কৰিলোঁ তথাপিও কিবা এটা হতাশাই মোক এই Dgree বৃত্তিৰ পৰা আতৰি থাকিবলৈ বাধ্য কৰে । বৰ্তমান মই অসম পুলিচ তথা অসম আৰক্ষী বিষয়া পদৰ বাবে আকৌ এবাৰ পঢ়াশুনাত ব্যস্ত……
হঠাত্ সেইদিনা ৰাতি মই পুৰণা কিতাপ বিছাৰি । মই মোৰ পুৰনি Box Table খন খুচৰিছোঁ। এনেই কেতিয়াও মই বৰ বিশেষ নোখোলোঁ । লাগতিয়াল বস্তুও তাত নাথাকে । আজি হঠাত্ Class IX কিতাপ এখন বিচাৰি সেই টেবুলখন খুলিলো।
মই অবাক হৈ পৰিছো……এতিয়াও মনত আছে ২০১৭ চনৰ ৭ জুলাইৰ ঘটনাৰ সাক্ষী হোৱা এটা অভিশপ্ত বেগ ।
য'ত হেঁপাহৰ কিছু বস্তু ভৰাই এজন বিফল প্ৰেমিকে তেওঁৰ প্ৰিয় মানুহ জনলৈ নিয়া কিছুমান হেঁপাহৰ টোপোলা। মোৰ অস্বাভাৱিক ভাৱে সেই দিনটোৰ অনুভৱে হাত-ভৰিবোৰ কপিব ধৰিছে…… মই নিজকে সংযম কৰিব নোৱাৰি বেগটো সজতনে খুলি পেলালো। কেইটামান গলিযোৱা Chocolate, এটা T- shirt , আৰু এখন ভিজা ডায়েৰী।
অ স্বাভাবিক ভাৱে দুচকুৱে মোৰ সৰ-সৰকৈ চকুপানী পৰিছিল। ঘৰত মানুহ নথকা হ'লে আজি চিঞৰি চিঞৰি কান্দিলো হয়। সেইদিনাটো দুখন চিতাৰ সাক্ষী হৈ আনক সাহক দি দি কান্দিবলৈ মই সময়ে নাপালো ।
মই চকুৰ টোপালবোৰ হাতেৰে মচি ডায়েৰীখন পঢ়িবলৈ বহিলো……… হঠাত্ কাৰেণ্ট গুচি গ'ল।
এইকেইদিন বহুত বৰষুণ Inverter battery ও নাই…… সেয়ে খিৰিকী খন খুলি টেবুলৰ কাষতে ৰখা ম'মদালকে জ্বলাই ৰিকিৰ ডায়েৰী খন পঢ়িবলৈ বহিলো। ফেৰফেৰীয়া বহাহে ম'মদাল বাৰে বাৰে নুমাইছিল……………
আজি সোমবাৰ ২০১৬ বৰ্ষৰ ১ অক্টোবৰ । আজি মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত নাম ভৰ্তি কৰিলো । ঘৰত সকলোৱে মোক নগাঁও পৰা যোৰহাটত পঢ়িবলৈ আহিবলৈ বাধা দিছিল। জনা হোৱাৰে পৰা ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিলো । সেয়া আধৰুৱা জীৱনটোকে লৈ মই যোৰহাটলৈ ধপলিয়াই আহিলো।
মই জানো মা- পাপা বহুত চিন্তা কৰিব কিন্তু মই মোৰ সপোনটো জীয়াই থাকোতেই যে পুৰাব বিছাৰো। সেয়ে সময়তকৈ আগত হোষ্টেলৰ অভিজ্ঞতা লবলৈ ৫ দিনৰ আগতেই মই নামভৰ্তি কৰিলো ।
হোষ্টেলৰ মানুহবোৰ বহুত ভাল । আজি আহিয়ে এজন ভাল দাদাও লগ পালো নাম অৰ্ণৱ বৰুৱা । পাপা মোক থৈ গ'লগৈ ……মনটো তেওঁৰ বহুত দুখ…ৰুগীয়া পুতেকক হোষ্টেলত থৈ গৈছে…… মই ভয় নকৰিবলৈ পাপাক বিশ্বাস দিছো।
মোৰ নিজৰ ৰুম এতিয়ালৈ দিয়া নাই সেই বাবে আজি অৰ্ণৱ দা লগতে থাকিলো। বহুত ভাল মানুহ তেওঁ বৰ মৰমিয়াল। মোক বৰ মৰম কৰে… মানুহ জনক যে মোৰ কিবা এটা ভাল লাগে………
: পঢ়ি পঢ়ি মোৰ তিনিডাল ম'ম শেষ হ'ল ……এইবাৰ আৰু এডাল জ্বলাই লৈছো। সময় নিশা ৩ বাজিল……………
আজি ২০১৭ বৰ্ষৰ ৪ জুলাই হোষ্টেলত আজি নকৰিব লগা বেয়া কাম কৰি মই আৰু অৰ্ণৱদা ধৰা পৰিলো। অৰ্ণৱ দা মদ খাই হুলস্থূল কৰা বাবে তেওঁক হোষ্টেলৰ পৰা বাহিৰ কৰা হ'ল… মিছাকৈয়ে অৰ্ণৱদাই বিজয়দাক বহুত বেয়াকৈ কৈছে……বিজয়দা কিন্তু মানুহজন বেলেগ… পৃথিৱীত ভালমানুহ কিন্তু আছে বিজয়দাৰ বাবেই আজি সকলো বিপদৰ পৰা মই আৰু মোৰ প্ৰিয় মানুহজন একলগে থাকিবলৈ পালো । থেংকু বিজয়দা…… ভগৱান তুমি সদায় ভালে ৰাখিবা তেওঁক……
: কথাবোৰে অধৈৰ্য কৰি তুলিছে মোক…… চকুপানীয়ে ডায়েৰীখন প্ৰায় পৃষ্টা ভিজাই পেলাইছে………
মই পঢ়ি গৈ থাকিলো…… শেষৰ অংশ খিনি পালোগৈ………
মোৰ এটা বেমাৰ আছে অ' অৰ্ণৱদা …কি বেমাৰ নিলিখো তুমি জানিলে যে বৰ কান্দিবা… চকুপানী মোৰ ভাল নালাগে। ডক্টৰে মোক তিনিমাহ সময় দিছে… দুদিনৰ আগতেই মই সেই সময়খিনিও তোমাৰ লগতেই অতিক্ৰম কৰিছো। মই তোমাক বহুত ভালপাওঁ অৰ্ণৱদা কিন্তু তোমাৰ লগত আৰু থাকিবলৈ যে নোৱাৰো। তুমি বেয়া নাপাবা…… তুমি কিন্তু ভালদৰে পঢ়া-শুনা কৰিবা। মই সৌ সিপাৰৰ পৰা মই ৰ' লাগি চাম … মোৰ ইঞ্জিনিয়াৰ হোৱাৰ প্ৰৱল হেঁপাহ… তুমি পুৰ কৰিবা নে অৰ্ণৱ দা ?
হয় এইখিনি কথা মই তোমাক নিজে কব পাৰিলো হেতেন… মই জানো তুমি বহুত কান্দিবা আৰু তুমি কন্দা মই চাব নোৱাৰো। বিজয়দাক কৈ যাব পাৰিলো হ'য়……কিন্তু নকলো। সঁচা মানুহ জনক তুমি মিছাকৈ সন্দেহ কৰিবা আৰু ভুল ভাঙিবলৈ মই নাথাকিম………
মই কি ভাবো জানা ?
" এনেকোৱা ভাল কি কৰিছিলো… যাৰ বাবে তোমাক পালো । "
" তেনেকোৱা কি পাপ কৰিছিলো… নুফুলা ফুল হৈ সৰি পৰিলো "
ধেৎ নাকান্দিবা না……… Iam sorry …এইবাৰ এনেকৈ থাকক …কথা দিছো… অহাবাৰ এনেকোৱা আৰু নকৰো। দুয়োটা বুঢ়াহৈ লগতে মৰিম। আৰে নাকান্দিব কৈছো নে ?
কান্দিবা কিন্তু ……মাৰ খাবা……! জীৱনত যদি কেতিয়াবা অকলশৰীয়া feel কৰা বিজয়দা মাতিবা…তেওঁ সঁচাই বহুত ভাল মানুহ জানা………পৰিধি সিপাৰে মইতো ৰৈ আছোঁৱে …………
ডায়েৰী খনচোন দিলোৱে চোন সদায় লগত ৰাখিবা #হোষ্টলৰ_দিনবোৰ 🌈❤️ ৰিকি বৰা।
সমাপ্ত …..
আমাৰ এই যাত্ৰাত আপোনাৰ সহযোগীতাৰ বাবে অশেষ ধন্যৱাদ। অজানিতে ৰৈ যোৱা ভুল স্তুতি বাবে আমাক ক্ষমা কৰিব । বহু পাঠকে মোক সুধিছিল কাহিনীটো বাস্তৱ নে কাল্পনিক সেয়া মই আজিও প্ৰকাশ কৰিব নোৱাৰিম । যিহেতু আপোনালোক এই হোষ্টেলৰ দিনবোৰ কাহিনীটো লগত প্ৰথমৰ পৰাই জৰিত সেয়ে আপোনালোকৰ ওপৰতে এৰিলোঁ। ধন্যৱাদ। 🙏
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।
4 Comments
Kandi dilu moi bohut basi val lagile gotay part khinea porhisu xosaye bohut basi val laagile
ReplyDeleteHoi nki
Deleteহৃদয় চুই গল
ReplyDeleteBohut soku Pani ulale o bohut besi val likha tumi
ReplyDelete