হোষ্টেলৰ দিনবোৰ খণ্ডঃ ১৭

হোষ্টেলৰ দিনবোৰ ।


 
খণ্ডঃ ১৭


মই তাৰ কাষলৈ চাপি গ'লো। এনেতে তাৰ মোৱাইলটো বাজি উঠিল………

: হেল্ল' মা…

: কি হ'ল তোৰ… কালিৰে পৰা কিমান ফোন কৰিছো , তোৰ খবৰ আছেনে ? গা আকৌ বেয়া হৈছে নেকি ? দেউতাই মোক কামলৈ যোৱা আগত মোক কৈ গৈছে …… আইতাৰেতো ভাতে খোৱা নাই …তোক তাত অকলে থৈ ঘৰত শান্তিত থকা নাই……কথাবোৰ ভাবিব লাগে ……ঘৰত চিন্তা কৰে বুলি ……  হোষ্টেল গৈ বাহিৰা বতাহ লাগিছে তোৰ………………

: ওফ মা………কিমান চিঞৰা আৰু……মই শুই উঠিছো মাত্ৰ ……

: তই জাননে…? তোৰ কাৰনে কিমান চিন্তা কৰি থাকো………

Loudspeaker মাকৰ লগত কথা পাতি থকা ফোনটো ৰিকিয়ে কমাই দিলে……হয়তো মাকে দিয়া গালিবোৰ মই শুনিম বুলি। দাঁত মাজি মাজি সি বাহিৰলৈ ওলাই গ'ল। মইয়ো মুখ-হাত ধুই সোনকালে উলাই যাব লাগিব… বেগটো ৰোমতে থাকক…… কিবাকে আজিয়ে ৰোমটো বিছাৰি ওলাব লাগিব। 

মই মুখ ধুবলৈ বাহিৰলৈ ওলাই গ'লো । দেখিলো দমকলৰ পাৰত বিজয় আৰু অংকুৰৰ লগত ৰিকি কিবা পাতি আছে। মোৰ কিন্তু ৰিকিক বিজয়ৰ লগত দেখিলে মোৰ মাথাই কাম নকৰে। তাতে আজিৰে পৰা মইও নাথাকিম সিহঁতৰ ৰাম ৰাজ্য ………
 

 দুৰৰে পৰা  মই  ৰিকিক চাই আছো……সি হাঁহি হাঁহি কথা পতাত ব্যস্ত। নিজকে খংটো কমাই……কি পাতিছে শুনিবলে  সিহঁতৰ ওচৰলৈ গ'লো।
মোকে দেখি সকলো নিজৰ ভাগে ভাগে গ'ল। অলপকৈ শুনিলো বিজয়ে কৈ গ'ল বহুত মিছ কৰিম……………… মানে বিজয় আজি যাবগৈ। 

মই ৰিকিক উদ্দেশ্যি কলোঁ……

: মই আমনি দিলো নেকি ?

: মই একেবাৰে ঘৰলৈ যামগৈ… ( ৰিকিয়ে ক'লে )

: কিয় ? 

সি একো নকলে…  মই মুখ ধুই ৰোমলৈ আহিলো। মনত বহুত আঘাত পালো……বিজয় যোৱা বাবে ৰিকিয়ে হোষ্টেল এৰিব মানে কি ? ……… ৰিকিৰ মনটো মৰি গৈছিল……নাজানো তাৰ কি হৈছে। মইয়ো জোৰ নকৰিলো। মই সাজোঁ হৈছো আজি ৰোমটো বিচাৰিব লাগিব … এনেকৈ নোৱাৰি…ছেকেণ্ডৰ প্ৰতি ৰং সলোৱা মানুহৰ প্ৰেমত হাবুডুবু খাই মই হোষ্টেল এৰিব লগা হ'ল। অৱশ্য  মই তাক বহুত ভাল পাওঁ……কিন্তু তাৰ মোৰ প্ৰতি হেঁপাহৰ গভীৰতা মই কেতিয়াওঁ হিচাপ  কৰিব পৰা নাই।  
। 

মই ৰিকিব বিদায় দি ওলাই আহিলো। মোৰ কেতিয়াও বিশ্বাস হোৱা নাছিল যে ৰিকিয়ে বিজয়ক ভালপায়। সচাকৈয়ে সি মোক ভাল পাইছিল নে ?
আজি সি মোৰ লগত ৰোম বিচাৰা কথা আছিল…ৰাতিলৈ মোৰ লগত ৰোমত থকাৰ কথা আৰু যে ক'ত কল্পনা কৰিছিল সি ……ক'ত গ'ল সেইবোৰ ……? সচাকৈ বিজয় যাবগৈ বাবে ৰিকিয়ে হোষ্টলৰ পৰা ঘৰলৈ যাবগৈ নেকি…? তেনেহলে মোক দিয়া মৰমবোৰ কি মিছা আছিল।  কিয় সি মোক মিছা সপোন দেখাইছিল। আগৰ প্ৰতিটো ঘটনা মোৰ চকুৰ আগত ভাহি আহিছিল। 


হোষ্টেলৰ দীঘল ৰাস্তাটো বাহিৰলৈ ওলাই আহিয়ে চিঞৰি চিঞৰি কান্দিব মন গৈছিল…… কিন্তু মানুহে মোক  ভাবিব কি  ? কব নোৱাৰাকৈ মোৰ দুচকুৰে চকুপানী টপৰ-টপৰকৈ সৰিছিল।  

মই নিজকে চম্ভালিলো… বহুত বুজালো। আজি ৰাতিলৈ হেঁপাহ পলাই কান্দিম। কান্দি কান্দি ৰিকি নামটো জীৱনৰ পৰাই মোহাৰি পেলাম।

 প্ৰেম বুজাৰে পৰা অ'ত বছৰে প্ৰেমক অনুভৱ নকৰাকৈ জীৱনটো সুখৰ আছিল। ৰিকিৰ আগমনে মোৰ খৰাং পৃথিৱীত বসন্তৰ সুবাস বিলাইছিল আৰু মই পাগল হৈ পৰিলো। 

এনেকোৱা কি আছিল ৰিকিৰ যে মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম । কিন্তু এটা কথা সঁচা তাক বেলেগৰ লগত দেখিলে মই পাগল নহৈ নাথাকিম। 


মই ভাবি ভাবি অট’ এখনত উঠিলো। ৰোমটো মই অলপ দুৰত লম , হোষ্টেলৰ পৰা অলপ আতৰত । ইচ্ছা হলেও যাতে ৰিকিক নেদেখো। এনেতে হোষ্টেল  warden কমল চাৰে ফোন কৰিলে……

: অৰ্ণৱ ……

: হয় চাৰ…

: ক'ত আছা…। তোমাক হোষ্টেলত বিছাৰি আছো। 

:অ'টত চাৰ…… মই ভাড়া ৰোম বিছাৰি আহিলো। 

: তুমি এতিয়াই ইয়ালৈ আহা। হোষ্টেলত থাকিবা ভাড়া লব নালাগে। 

:  হব নালাগে চাৰ। হুকে খুন্দিয়াই… মই একো কব নোৱাৰাকৈ কান্দি পেলালো। মই লাজতে ফোনটো disconnect  কৰিলো……

চাৰে আকৌ ফোন কৰি মোক বহুত গালি পাৰিছে । মই হোষ্টেললৈ ওভতি যাব লাগে। চাৰৰ কথা পেলাবও নোৱাৰি দুই বছৰে চাৰৰ কথা মতেই চলি আহিছো। তেওঁ কথা নমনাকৈ থাকিম কেনেকৈ……মই হোষ্টেললৈ যাম বুলি সিদ্ধান্ত ললো।  


নাজানো মনতে কৰ পৰা কি ভাৱ আহিছে……এনে লাগিছে যে মোৰ ৰিকিক মোৰ পৰা আতৰিব কোনোবাই বাধ্য কৰাইছে। 

নাই তেনেহলে মই কিন্তু তাক মোৰ প্ৰাণ থকালৈকে মোৰ পৰা কাঢ়ি নিব নিদিওঁ। যেতিয়া লৈকে ৰিকি নিজে আতৰি নাযায়।  কোনো শক্তিয়ে ৰিকিক ৰিকিৰ অনুমতি অবিহনে …মোৰ পৰা  আতৰাব  পাৰিব সেইটো অসম্ভৱ।  

মই  অ'ট খন ৰখালো……মই মোৰ জেপত চালো মাত্ৰ ৭০ টকা আছে। কালিলৈ পাপা পইছা পঠাব ……ৰিকিলৈ কিবা এটা খাবলৈ লৈ যাম সি চকলেট বহুত ভালপায়। ৫০ টকাৰে তাৰ বাবে মই এটা চকলেট ললো। বাকি থকা ২০ টকাৰে হোষ্টেললৈ বুলি অ'ট এখনত উঠিলো… দুখৰ পিছতো সুখ আকৌ আহিছে যিমান হলেও ৰিকিৰ লগতে থাকিম……সৰু লৰা বুজাম তাক…………


মই হোষ্টেলৰ সন্মুখত নামিছো মাত্ৰ । হোষ্টেল আগত এখন বগা ৰঙৰ  swift dzire … বিচনাৰ টুলি এখন সামৰি আৰু ৰিকিৰ সকলোবোৰ বস্তু গাড়ীত ভৰাই আছে। ৰিকিৰ দেউতাক………মই মাত দিবলৈ লওঁতেই ৰিকিৰ দেউতাকে মাতিলে……

: অৰ্ণৱ… আহিয়ে তোমাৰ খৱৰ লৈছো… তুমি নাছিলা  হবলা । 
: হয় খুৰা… (মই আৰু একো নকলো। )

তেওঁক এটাই সুধিলো…… ৰিকি ঘৰলৈ যাব নেকি খুৰা ?

তেওঁ গভীৰ হতাশ ভাৱে কলে  " সপোন বুজিছা সকলো সপোন "

নাজানো কি কথা আছে বা কি ভাবি কলে………কিন্তু তেওঁ মোৰ কলিজাৰ টুকুৰাটো ঘুৰাই নিবলৈ আহিছে। 

মই সেই মুহুৰ্তত কি কৰিম একোৱে ভাবি পোৱা নাছিলো। কান্দিম নে হাঁহিম……ৰিকি মোৰ ভালপোৱা নে আন কিবা ? কিয় মোক সি হথাৰ্ৎ এনেকোৱা কৰিছে… মোৰ আৰু ৰিকিৰ দেউতাৰ লগত কথা পতাৰ ধৈৰ্য্য নাই।


মই ৰিকিৰ ওচৰলৈ যাওঁ……… চিঞৰি চিঞৰি সুধিম তাক………অৰ্ণৱ ৰাজখোৱাক জ্বলাই সি পাইছে কি ? 

কি বুজাব বিছাৰে সি………সি মোৰ ভালপোৱা নে ভাললগা ? সেইবোৰ যদি ভালপোৱাই নাছিল তেন্তে  আছিল কি ? 

মই ৰিকিক লগ কৰিবলৈ নাপাওঁতেই ৰিকি , অংকুৰ ,বিজয়কে ধৰি হোষ্টেলৰ সকলোবোৰ ৰিকিক আগবঢ়াবলৈ ওলাই আহিল।

হে ভগৱান কি হৈ আছে এইবোৰ মোৰ লগত………… লগত হোষ্টেলৰ warden কমল চাৰ  ।  মই নথকাকৈ যদি ৰিকি গ'লেগৈ হ'য় বিষবোৰে নিবিন্ধিল হয়……… এনেকোৱা লাগিছে মোৰ… মোৰ হেঁপাহৰ কলিজাটো একেবাৰেই গুচি যাবলৈ ওলাইলে  …… মই কিন্তু তাক ভালে থকাটো বিচাৰো ভগৱান……"এনেকৈয়ে যদি সি সুখ পাই মোক আৰু দুখকে দিয়া। " 

ৰিকি মোৰ ফালে নোচোৱাকৈ আগোৱাই গ'ল । …মোৰ ফালে নোচোৱাকৈয়ে সি গাড়ীত বহিল।

কি কৰিম এতিয়া মই……আকৌ এবাৰ যদি তাক অকলে কাষত পালো হয় ……তাৰ চকুৰ আগতে নিজক হত্যা কৰিলো হয়। ভালপোৱাৰ বিনিময় ইমান বিষ কিয় দিয়া ৰিকি ?

মনটোৱে কি বুজিছে মই নাজানো ……কিন্তু এনে লাগিছে মই তাক আৰু কাহানিও লগ নাপাম।  

মই তাৰ বাবে অনা  হেঁপাহৰ চকলেটো দিবলৈ লাজে সংকাই গাড়ীৰ কাষলৈ গ'লো। মোকে দেখি বিজয়ো গ'ল।  মই খিৰিকীৰ কাষত থিয় হোৱা দেখি সি গ্লাচখন খুলি দিলে। মই তাক  আৰু একো কব নোৱাৰিলো…… চকলেটো তাৰ হাতত দি মাত্ৰ থুকাথুকিকৈ ইমানখিনিয়ে কলো………

: কিবা যদি ভুল কৰিলো বেয়াপাই আৰু নাথাকিবা…………

হাত দুখন তাৰ মই শেষ বাৰৰ বাবে চুবলৈ পালো। এইয়াই যেন মোৰ শেষ স্পৰ্শ ।  গাড়ী ষ্টাৰ্ট হ'ল ……। এতিয়াও  সি একোৱে নকলে … মই কিন্তু বৰ আশাৰে তেতিয়াও ৰৈ আছিলো… কিবাটো ক'ব সি………নাই নকলে ………শেষ বাৰলৈ তাৰ চকুযুৰিলৈ চালো…… দুষ্ট চাৱনিৰে হৃদয় কাঢ়ানিয়া ৰিকিৰ চকুৱেও আজি একোৱে নকয় ……………

লাহেকৈ গাড়ীখন চলিবলৈ সাজোঁ হ'ল  আকৌ এবাৰ সকলোৱে  তাক ভালকৈ থাকিবলৈ কৈ বিদায় দিলে। 

 
Warden কমল চাৰে সকলোকে হোষ্টেললৈ সোমাই আহিবলৈ ক'লে। মোকো কলে অৰ্ণৱ সোমাই অহা……










আগলৈ……………

(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)

 




 




Post a Comment

2 Comments

  1. Moi tumi sob story pohisu aitu story o pohi hoisa kintu aru abar pohibo mon asila kintu mur agot facebook id tu kiba krona ot delete hua krona tumr dori dhunia dhunia story dia manuh buror pora moi atoribo logau hol aji tumr story bur pohibo pai bhut Val lagisa

    ReplyDelete