হোষ্টেলৰ দিনবোৰ ।
খণ্ডঃ ০৯
মই কাপোৰ কেইটা সলাই মুখ হাত ধুই সিহঁতৰ ওচৰলৈ ওলাই আহিলো । তাৰ দেউতাক আৰু সি তেতিয়া ১২ নম্বৰ ৰুমৰ সন্মুখত । মই তেওঁলোকক দেখি অনৱদাক বিছাৰিব গলো । দুটা দিন তেওঁৰ লগত আছো ইচ্ছা কৰি ওলাই আহিলে বেয়া পাব ।
: ৰিকি ১২ নম্বৰত পৰিলা…
: অহ… তোমাকে বিছাৰি আছিলো।
: বেয়ায়ে লাগিব আজিৰ পৰা…বলা তোমাৰ বস্তুবোৰ লৈ যাওঁ ৰুমলৈ। অনৱদা আৰু মই বস্তুবোৰ মোৰ নতুন ৰুমলৈ লৈ গলো।
: আহিলা ডেকা লৰা…তোমাৰো ৰুম হোৱা নাছিল নেকি ?
: হয় খুৰা …ৰুম আজিহে দিছে আমাক।
: থাকিবা মিলি জুলি তোমালোক দেই…
: হব খুৰা……অনৱদা নতুন লৰাটো লগত আৰু দেউতাকৰ লগত কথা পাতিলে। দুয়োটাকে ভালদৰে থাকিবলৈ হোষ্টেলৰ চিনিয়ৰ হিছাপে বহুখিনি বুজালে…তাৰ দেউতাকো যাবেৰ হব……আমাক ভালদৰে থাকিব দি তেওঁলোক আমাৰ ৰুমত পৰা ওলাই গ'ল।
: ৰিকি ……
: অ কোৱা …তোমাৰ নামটোৱে সুধা হোৱা নাই …কি নাম তোমাৰ…
: অংকুৰ …অংকুৰ বৰঠাকুৰ ।
: নাইচ নেম।
: থেংকু……… অভি
: কি কোন অভি আক…
: হাঃ হাঃ হাঃ তুমি………
হে ভগৱান ই কি কৈছে…মানে ই মোক চিনি পাই। বহুত ভয় আৰু বুজান নোৱাৰা অনুভৱে আমনি কৰিছিল মোক। কোন হয় অংকুৰ যি মোৰ ফেচবুকৰ গোপন id বিষয়ে জানে ………
: কি ভাৱি আছা ……ৰিকি ওৰফে অভি…
: নাই একো ভাৱা নাই…মোৰ নাম অভি নহয়।
: হাঃ হাঃ হাঃ তুমি ৰিকি এ অ……বেলগ কোৱা।
কি ভাবিছিলো কি হৈ গ'ল । মানে ইও………নাই নাই মই ভয় কৰি থাকিলে নহব। ই যেতিয়া মোক জানে নিশ্চয় ইও ফেক id ৰে কোনোৱা এজন । কিন্তু মইতো দুই - তিনিজনৰ বাদে নিজৰ ফটো কাকোৱে দিয়া নাছিলো। হয় সেই তিনিজৰে এজন।
সময়বোৰ এনেকৈ গৈ আছে । যিমানে সময় গৈ আছে মোৰ মনত হাজাৰ প্ৰশ্নৰে আমনি কৰিছে । এতিয়া সি মোক জনাকলৈ ভয় নহয় । সি কোন তাৰ চিনাকী কি সেইটো লাগে মোক । মই তাক সুধিব লাগিব কিন্তু কেনেকৈ……সি গা ধুব গ'ল । মই এইচেগতে মোৰ id খুলি …… মই তাৰ কথা কোৱাৰ ধৰন বোৰ মেচেজৰ লগত মিলাইছো কিন্তু মেচেজ আৰু ৰিয়েল লাইফ মিলাবলৈ সহজ নহয়। নাই নোৱাৰিলো ………মনত মোৰ হাজাৰ প্ৰশ্নৰে আমনি দিছে…প্ৰথম চিনাকীতে বিশ্বাস কৰিব নোৱাৰিম তাক কিন্তু মোৰ বিশ্বাস সিওঁ সেই অচিনাকী জগতৰে এজন ।
মই নিজকে ৰখাব নোৱাৰিলো । তাৰ মৱাইলটো টেবুলতে আছিল । লগে লগে নোৱাৰিম বুলি জানিও হাজাৰ চেষ্টা তাৰ লকটো খুলাৰ । নাই নোৱাৰিলো মনটো বৰ গধুৰ গধুৰ লাগিছিল। এনেতে…
: ৰিকি কি হ'ল।
: নাই কিয়?
: মোক বেয়া পাইছা …আচলতে মই তোমাক ইনে কনফিউজ কৰিবলৈ অভি বুলি কৈছিলো।
: কি … মই আক ভাৱিছিলো……নাই ইয়াক বিশ্বাস কৰিব নোৱাৰি । মিছা কৈছে ই …এনেকৈ নহব মই আতৰি আতৰি থাকিলে এনেকৈ ৰৈ যাব । মই ওলাম অংকুৰৰ আৰৰ সৌ গোপন মানুহ জন ।
: ভাল লাগিছে জানা তোমাৰ দৰে সৰল মনৰ ৰুমমেট এজন পাই।
: মোৰো … কথাৰ সুৰ মিলাবলৈ হে কৈছিলো । কিন্তু মনত অশান্তিৰে ভেটা ভাঙিছিল মোৰ।
মই নিজকে অলপ আতৰাই……
: ব'লা মই তোমাক আমাৰ হোষ্টেলৰ বাকী সকলোৱে লগত চিনাকী কৰাই দিম আৰু নতুন লৰা বোৰ চাই আহিম । এনেতে……
: কৰৱাত যোৱা নেকি …দুৱাৰ খুলা দেখি সোমাই আহিলো…
: নাই বিজয় দা …বহক ……
: এ বহা বহা…বিজয় দাৰ মাতত তেওঁ লগত অহা কমলদা,নিতুদা,চন্দনদা আৰু হেমেনদা হত আমাৰ বিচনাতে বহিল।
: ৰিকি নতুন ৰুমটো কেনেকোৱা লাগিছে……বিজয় দাই সুধিলে।
: বহুত ভাল …তোমালোকৰ ওচৰতে ……দেখিয়ে থাকিম আৰু …মই হাহিমুখে কৈছিলো।
: দেখিব নালাগে যাবা মাজে মাজে…হেমেন দা মাত।
তোমালোক কমল ৰুমত যাবা চিনাকী হম । ৰিকি লগত বাৰু চিনাকী হলোৱে যদিও যাবা তুমি। এই বুলি কৈ কমলদা হত ওলাাই গ'ল।
: ৰিকি ৰেগিং নহয়টো।
: হবও পাৰে দেই । মই নাজানো। কিন্তু মই কও বুলি কৈছিলো অংকুৰক চিন্তা দিবলে। আহিয়ই মোক অশান্তিৰে ভৰাই পেলাইছিল। মই তালৈ চালো।
: ওপাইতো নাই……ৰিকি কথা এটা সুধো।
: কোৱা। মনতে ভাৱিছিলো আকৌ বা কি সুধে ।
: তোমাৰ লগত ৰুমত বেগ থবলৈ অহা দাদাজন তোমাৰ কোনোবা হয় নেকি ।
: হোষ্টেলৰ চিনিয়ৰ মই তেওঁৰ লগত আছিলো দুইদিন ৰুমটো নোপোৱালৈকে । কিন্তু সুধিলা কিয়।
: এনে মন গ'ল। ব'লা বাহিৰত যাওঁ…
: ব'লা যাওঁ……( মনতে মই বৰ অদভুত দেই এইটো …লগ পাওতে মাতেই নোলাই এতিয়া………ওলাব লাগিব সোনকালে ইয়াক )
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
0 Comments