হোষ্টেলৰ দিনবোৰ ।
খণ্ডঃ ১৪
নভবাকৈ কৰা কামৰ ফল বৰ বেয়াকৈ পালো । আজি দিনটো মোৰ বাৱে বৰ বেয়া আছিল। মই বহুত কান্দিলো। যিজন মানুহক মন ভৰি ভালপাবলৈ বিচাৰিছিলোঁ আজি তেওঁৰ পৰা একেবাৰে আতৰি আহিলো। যিটো কাহিনীৰ কোনো ঠিকনাই নাই ...তেনেকুৱা কাহিনী কিয় লিখা ভগৱান। কোনো কাৰনতে মই অনৱদাক ক্ষমা নকৰো ……যদিওঁ মই তেওঁক ভালপাওঁ তাৰ বিপৰীতে , নিজকো বহুত ভালপাওঁ। মই নিজক সন্মান কৰিবলৈ তেওঁৰ পৰা আতৰত থাকিব লাগিব।
মোৰ লগতে বিজয়দা মোৰ ৰোম পালেহি… মই তেওঁক ক'লোঁ …মোক অলপ সময় অকলে থাকিব দিয়া । তেওঁ মোক ক'লে নহব তুমি ফিল্ডত ব'লা……কাম বহুত আছে এনেকৈ ৰোমত সোমাই থাকিলে হব নেকি ?
মই নোৱাৰো বিজয়দা… ৰাতিপুৱাৰ ঘটনা পিছত মই কেনেকৈ নিজক সংযত কৰিছো মই জানো… আকৌ এতিয়া এই মানুহ জনৰ মুখত কথাবোৰ শুনিলানে ?
মই বহুত কান্দিছিলো। মোৰ এটা পুৰনি বেমাৰ আছে বেছিকৈ কান্দিলে উশাহ বন্ধহৈ যায়। বিজয়দা মোক আকৌ সাৱতি ধৰিলে……বুকুখন মোহাৰি মোহাৰি দিছে……
: মৌ তুমি ধৰ্য্য ধৰা। ( বৰ আৱেগ ভৰা মাতেৰে বিজয়দা কলে । মোৰ অৱস্থা দেখি তেওঁ বৰ কষ্ট পাইছিল । ) তেওঁ ফোন কৰি দুজন মানক মোৰ ৰোমলৈ আহিবলৈ কলে। সেই সময়ত আমি তিনিওজন বাদে বাকি সকলোৱে ফিল্ডত খানাৰ কামৰ লগতে জৰিয়ত আছিল।
বিজয়দা মোক আকৌ বুকুখন মোহাৰি দিলে । অলপ মান আৰাম পাইছিলো। এনেতে………
: কি হ'ল কিয় মাতিছিলা ? অ' কি হ'ল তাৰ ?
: কেতিয়া… আমি গমে নাপাওঁ…
: তোমালোক তাতে থকা ভাবিছিলো…
ইমানবোৰ প্ৰশ্নৰ উত্তৰ বিজয়দা এটা এটাকৈ দি আছিল । মই চকুমেলি চালো । হোষ্টেলৰ আধাখিনি লৰাই আহি গোট খাইছিলহি । সকলোকে মোৰ অসুস্থ হোৱা বুলিয়ে বিজয়দাই জনালে। কোনোবা এজনে মোৰ ভৰিত মিঠাতেল সানি দিছিল। মই চকু মুদি শুই আছিলো। সেই সময়ত অনৱদা কথা মনত পৰিছিল । ভালপাব নাজানিলে সপোনো দেখাব নালাগে। বুকুত বহুত দুখে বিন্ধিছিল।
: অংকুৰে কৈ আছিল ৰাতিপুৱাৰ পৰা সি একো খোৱা নাই এনেকোৱাতো হবই। ঘৰলৈ খবৰ এটা দিব লাগিছিল।
: নালাগে নিদিবা… আমি আছো নহয়। বিজয়দা লগতে বাকি চিনিয়ৰ দাদা কেইজনমানে কৈছিল। এনেবোৰ কথাত OBH ক মানিব লাগিব । স্বৰ্গতকৈও কম সুখৰ নহয় আমাৰ হোষ্টেলখন । অভিজ্ঞতা তিতা যদিও মানুহবোৰ মৰমৰ। অৱশ্যে আনক দুখি লাভ নাই… মোৰ বেয়া কামৰ ফলবোৰহে বেয়া পাই আছো।
সকলো কামে কামে যাবলৈ বিজয়দা কলে । মোৰ ৰখিয়া অংকুৰক হবলৈ ক'লে । মাজে মাজে তেওঁও আহি থাকিব । এনেতে মই শুই থকাৰ পৰা অনৱদা মাত শুনিছিলো……
: মই থাকিম তোমালোক যোৱা। ( তাৰ মানে অনৱদা আহিছিল )
: নাই অংকুৰ থাকক ( বিজয়দা কৈছিল )
সকলো ৰোমৰ পৰা বাহিৰলৈ গৈছিল। কোনোবা এজনে অংকুৰক চিঞৰি কৈছিল কিবা Problem হলে Call কৰিবা। আমি মাজে মাজে বাৰু আহি থাকিম।
মোৰ এই সময়ত এনেকোৱা লাগিছিল । কিবাটো ভাল কাম কৰিছিলো যাৰ বিনিময়ত অচিনাকি এখন চহৰত গে বুলি হঁহাৰ বিপৰীতে প্ৰকৃত বন্ধুৰ সংগ পাইছিলো। এইখন হোষ্টেলৰ বিপৰীতে যদি মই মোৰ পঢ়ি অহা স্কুলখনতো এনেকোৱা কৰিলো হয় মোৰ নামৰ লগত গে নামেৰে এটা Hagtag লাগিল হয়। আপোন হবলৈ তেজ-মঙহৰ মিল হব নালাগে …লাগে মাথোঁ এখন হৃদয়।
মোৰ কপালত এটোপাল পানী পৰা অনুভৱ কৰিছিলো। ঘপকৈ চকুমেলি দেখিলো… অংকুৰে থত্মত্ খাইছে। সি মোক টোপনি যোৱা বুলি ভাবিছিল। কিহ'ল কিয় কান্দিছা বুলি সুধিছিলোঁ…… সি চকুত কিবা সোমালে বুলি মিছা কলে। মই ধৰিব পাৰিছিলো তাৰ চকুত সেয়া চকুপানী।
মোৰ তাৰ সেমেকা চকুহাল দেখি মোৰো সেমেকি দুচকু পৰিছিল। মই কৈ পেলালো………
: অংকুৰ মই কিবা ভুল কৰিলো নেকি ?
: নাই ৰিকি । সি কান্দি পেলালে……মই তোমাৰ মাজত মোৰ অভিক বিচাৰি পাওঁ ……তোমাক দেখিলে মোৰ তালৈ মনত পৰে……তুমি কিয় এনেকৈ ভাগি পৰিছা ৰিকি ………অংকুৰে ফেকুৰি ফেকুৰি কান্দিছে……
মই একো বুজিপোৱা নাই মই । অংকুৰে কোৱা অভি মানে মোৰ গোপন ID অভি নহয়। সেইজন কোনোবা তাৰ আপোন মানুহ অভি। যি তাৰ বহুত মৰমৰ। মোৰ মনৰ মাজত বহুত প্ৰশ্ন জাগিল।
: অভি কোন অংকুৰ ?
: নালাগে দিয়া… সেইমানুহ জন এতিয়া নাই ।
: প্লিজ কোৱাচোন ?
: একেবাৰে তুমি অভি দৰে। জোৰ নকৰিবা আজি নকওঁ তোমাৰ গা ভালহৈ লওক হব। তেতিয়া কম হব।
মই হব বুলি কলো। কাৰেণ্ট গ'ল অংকুৰে বিচনীৰে মোক বিচি আছে । ইতিমধ্যে আৱেলি ৫ বাজিছিল। গৰম দিনৰ কথা কোনোমতে অলপ গৰম কমিছিল। বতাহ আহক বুলি খিৰিকীখন খুলি ৰাখিবও নোৱাৰি… ওচৰৰ হাবি খনৰ পৰা যিহে ম'হ আহে……খিৰিকি খন বন্ধ কৰি অংকুৰে মোক বিচি আছে।
এনে সময়তে বিজয়দা আৰু এজন জুনিয়ৰ লগত আহিল…তেওঁৰ নামটো অৱশ্যে মই নাজানোয যোৱাকালি আহিছে।
: খানা একদম ৰেডী । তোমালকৰ কিবা Problem আছে নেকি ? সোনকাল কৰিব লাগে গধুলী হব এতিয়া। বাহিৰত লাইত Problem হব।
: অংকুৰে নাই বুলি কলে।
: বিজয়দা মোক কলে… মুখ-হাত ধুই অলপ ফ্ৰেচ হবলৈ । লগতে আহিব কলে। আমি গোটেই কেইটা হোষ্টেলৰ দমকলৰ পাৰত গ'লো। মুখ - হাত ধুলোঁ। প্ৰায় ৭ বাজিলে … আন্ধাৰো নামিছিল। মই ৰোমলৈ আহি মুখত ক্ৰিম অলপ সানি ললো । মুখখন বৰ টানি টানি ধৰিছিল।
কাপোৰ সাজ সলাই ভাত খাবলৈ গলো। ইতিমধ্যে সকলোলৈ ভাতৰ প্লেট ৰেডী কৰা হৈ আছিল। আমি সকলো ফিল্ডত লাইন পাতি বহিছিলোঁ। মোৰ বাওঁ কাষতে অংকুৰ বহিছিল আৰু সোফালে বিজয়দা………
আমি খাবলৈ লওতেই ৰক্তিমদাই সকলো আছেনে খৱৰ কৰিলে । কোনোবা এজনে আক সকলো আছে বুলি জনালে। আমি ভাতৰ গৰাহ মাৰিলো। কিন্তু সকলোকে আচৰিত কৰি অনৱদা ওলালেহি…………
তাৰ মানে তেওঁ ভাত খোৱা নাছিল। মই ভুলতেও কাৰো চকুলৈকে চোৱা নাছিলো । মনটোও ভাল নাছিল। আচৰিত হৈছিলো… হাতত এটা মদৰ বটল। মুখত অসমীয়া লেতেৰা ভাষাৰে বিজয়দাক গালি। সকলো আচৰিত হৈছে । বিজয়দা উদ্দেশ্যি কলে……
: ৰিকি মোৰ কেলা চে*……তই মোৰ পৰা তাক চাকৰী দেখাই লৈ গ'লি……
: হেই Mr Riki Boruah ……এই Arnab Goswami ইমান পৰি মৰা মানুহ নহয় । মোৰ ভালপোৱা ভৰিৰে গচকি তুমি কি শান্তি পাইছা হাঃ…… মইতো মৰিমে তোমাকো মোৰ লগতে লৈ যাম…তোমাক কি বুকু ফালি দেখাব লাগিব হাঃ……চবেই কাণ খুলি শুনি ল কেলা………ৰিকি মোৰ।
ধাপকৈ বটলটো ফিল্ডতে ভাঙিছে। গোটে হাতত ভঙা গ্ৰেলাচৰ বটলে কাটিছে……… কোনোবা এজন চিয়ৰে কৈছে অনৱে আগত কেতিয়াও মদ মুখতে দিয়া নাছিল। কোনোবা এজনে পিছফালৰ পৰা কৈছে ৰিকিৰ বাবেই এইবোৰ হ'ল। হুলস্থূল ক্ৰমে বাঢ়ি গৈ আছে ……অনদাৰ উৎপাত কম নহয়। মই একো নাভাবি মোৰ সকলো সন্মাৰ্ন ভৰিৰে মোহাৰি অনৱদা কাষলৈ গ'লো।
: কিহৰ বাবে এইবোৰ কৰিছা অনৱদা……
: ভালপাওঁ মই কেলা তোমাক……তুমি নোবোজা কিয়…?
কিয় তুমি চাকৰী দেখি দৌৰি বিজয় বুকুত বুকু থলা। মোৰ ভালপোৱা কি ইমান লেতেৰা আছিল। কেলা ………
বহুত জোৰকৈ কান্দিছে অনৱদা । দুই - তিনিজনে ধৰি ৰাখিব পৰা নাই। ক'ত কেতিয়া মদৰ ব্যৱস্থা কৰিলে কোনোৱে গ'মকে নাপালে । বহুত বেছি নিচা হৈছে তেওঁ ।বিজয়দাকো যিমান লেতেৰা ভাষাৰে গালি দিছে। আন এজন হোৱা হলে কাজিয়া কৰিলে হেতেন। কিন্তু বিজয়দা নিমাত। তেওঁ জানে । তেওঁ তেনেকোৱা মানুহ নহয়……………
কোনোৱে ভাত খোৱা নহল। কোনো কাহানি নোহোৱা এটা ৰেকৰ্ডত OBH নাম সাঙোৰ খালে। হুলস্থূল ইমানে ডাঙৰ হ'ল হোষ্টেৱ ৱাডেনে পুলিচ মাতিলে আৰু অনৱদাক পুলিচৰ হাতত গতাই দিলে। অনৱদা লগৰ বহুতে চাৰক Request কৰিছিল এনে নকৰিবলৈ আনকি বিজয়দাও বহুত Request কৰিছে । কিন্তু চাৰে হোষ্টেলৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে অবৱদাক হোষ্টেলৰ পৰা একেবাৰে বাহিৰ কৰি দিলে।
তাৰিখ ১২ /০৭/ ২০২১ অনৱদাক ৰাতিয়ে হোষ্টেলৰ পৰা বাহিৰ কৰা হল। মই বহুত কান্দিছিলো…যিমান যি কৰিলেও মই তেওঁ বহুত ভালপাওঁ। হোষ্টেলৰ সকলো নিমাত……কোনেও একো কৰিব নোৱাৰে । সকলো ভুল অনৱদাৰ । হোষ্টেলৰ নামৰ লগত এটা নতুন Hagtag অনৱদাই যোগদিলে । কালিলৈ সকলোতে ওলাব। সুৰাৰ ৰাগিত মাতাল OBH ৰ কথা। সময় নিশা তেতিয়া ৯ বাজিছিল।
বাহিৰত কিনকিনীয়া বৰষুণ …… বাহিৰত street light পোহৰত নিচাত মাতাল অনৱদাই ধলং-পলংকৈ গেটৰ বাহিৰলৈ গৈ আছে । খোজৰ কোনো থৰ নাই…হয়তো সিও নাজানে তাৰ নতুন ঠিকনা ক'ত। ৰাতিটো কটাব ক'ত। হয়তো তেতিয়া তাৰ নিজৰ জ্ঞানো নাই। মই নিজক সংযত কৰিব নোৱাৰিলো…… দৌৰি বাহিৰলৈ ওলাই গ'লো।
: অনৱ দা……মই তোমাক ভালপাওঁ অনৱদা। প্লিজ ৰবা না……অনৱদা……… মোৰ ভুল নাই অনৱদা……তুমি মোক যি কোৱা সকলো শুনিম । তুমি যিবোৰ কৰিছা মই একো ভুলে কৰা নাছিলো। মোৰ চিঞৰে যেন OBH চৌপাশে শুনিছিল।
বৰষুণত গেটৰ বাহিৰত থিয়হৈ থকা অনৱদা মোৰ কথা তেওঁ শুনিছিল নাই মই নাজানো। সুৰাৰ ৰাগিত মাতাল অনৱদা কোনো খবৰ নাই। শিল পৰা কপৌ হৈ ৰৈ আছে।
বৰ অসহায় হৈ পৰা নিজ চজুৰে দেখিছিলো মোৰ মনৰ মানুহ জনক। street light পোহৰত দেখিছিলো অসহায় হৈ পৰিছে। চাৰে সকলোকে ভিতৰত যাবলৈ নিদেশ দিলে । কিন্তু মই নোৱাৰিলো মই দৌৰি অনৱদা কাষলৈ গ'লো। মই নাযানো ইয়াৰ পিছত বিপদ আৰু কি আহিব পাৰে… যি নাহওক কিয় মই তেওঁক অকলে এৰিব নোৱাৰো। মোক দেখি বাকি সকলো গ'ল।
মোৰ কান্দোন দেখি হোষ্টেলৰ সকলোৱে চকুত চকুপানী। হোষ্টেলৰ নম্ৰ - ভদ্ৰ স্বভাৱৰ অনৱদাৰ নতুন জীৱন দেখি OBH ৰ সকলো লৰা ৰৈ থাকিব নোৱাৰিলে … ৰব কেনেকৈ…? চকুৰ পলকতে এটা জীৱন ধংস।
বহুত বৰষুণ দিছিল… সকলো তিতি জুৰুলিজুপুৰি হ'ল। বিজয়দা মোৰ হাতখন অনৱদা হাতত দি ক'লে । ভুল বুজিলা অনৱ ……তুমি ভবা দৰে ৰিকি বেয়া লৰা নহয় আৰু মইও তুমি ভবা দৰে ৰিকিৰ লগত একো সম্পৰ্ক গঢ়া নাই। ৰিকি তোমাৰ কেৱল তোমাৰ……… ৰিকিক মিছা সন্দেহ নকৰিবা অনৱ। সম্পৰ্ক গঢ়িবলৈ সহজ …পালন কৰিবলৈহে কঠিন। অনৱদাক কথাবোৰ বৰ থুকাথুকিকৈ বিজয়দাই কৈছিল। অনৱদাই বিজয়দা চুকুলৈ চাইছিল।
: অনৱদা আৰু ৰৈ থাকিব নোৱাৰিলে…মোক জোৰকৈ সাৱতি হুকহুকাই কান্দিলে। বহুত ভালপাওঁ তোমাক ৰিকি………বহুত মৰমৰ তুমি ……মোক অকলশৰীয়া কৰি আতৰি নাযাবা না……বহুত কষ্ট পাওঁ……
OBH ৰ সকলোৱে চকুত চকুপানী……………কোনোবা এজনে জোৰকৈ হাতচাপৰি বজালে……লগে লগে OBH ৰ গোটেইজাকৰ এটা কিৰিলি………… ঐই……… অনৱ + ৰিকি………………………………
আগলৈ……………
(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।)
1 Comments
Moko lge konoba.... please 🥺🙏
ReplyDelete